আৰম্ভ হ’ল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী
ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বছৰজোৰা উদযাপন আৰম্ভ হৈছে । এই উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহান অসমীয়াগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
গুৱাহাটীৰ ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত উদ্বোধনী অনুষ্ঠানত ৰাজ্যপাল আৰু মুখ্যমন্ত্রীয়ে স্মৃতিসৌধত পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতে তেওঁৰ সন্মানত পতাকা উত্তোলন কৰাৰ লগতে ১০০ গৰাকী বিশিষ্ট ব্যক্তিয়ে সংগীত পৰিবেশন কৰে ।
ইফালে ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা তেওঁৰ পত্নী আৰু পুত্ৰৰ সৈতে আমেৰিকাৰ পৰা আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অসমত উপস্থিত হৈছে । ইয়াৰ মাজতে দুদিনীয়া অসম ভ্ৰমণলৈ আহিব লগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ ছেপ্টেম্বৰত এই জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ড০ ভূপেন হাজৰিকা মানৱতাৰ সাৰ্বজনীন কণ্ঠস্বৰ আৰু প্ৰেৰণাৰ চিৰন্তন উৎস । তেওঁৰ জীৱন আৰু সময় এক আদৰ্শ । অসম আৰু ভাৰতৰ প্ৰতি তেওঁৰ প্ৰেম সকলোৰে বাবে প্ৰেৰণা । কেন্দ্ৰৰ বিজেপি চৰকাৰে তেওঁক মৰণোত্তৰভাৱে ভাৰত ৰত্নৰে সন্মানিত কৰাৰ লগতে ডিব্ৰুগড় বিমানবন্দৰৰ নাম তেওঁৰ নামেৰে নামাকৰণ কৰা আৰু স্মৃতিচাৰণ মুদ্ৰা মুকলি কৰা হ’ব বুলিও শৰ্মাই আলোকপাত কৰে ।
ভূপেন দাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাই এই আয়োজনৰ প্ৰশংসা কৰে । তেওঁ কয়, এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এজন অসমীয়া শিল্পীক এনেদৰে সন্মানিত কৰা হৈছে । সমান্তৰালভাৱে তেওঁ কাৰ্যসূচীৰ পৰিকল্পনা কৰা বেচৰকাৰী সংস্থা আৰু সাংস্কৃতিক প্ৰতিষ্ঠানকো ধন্যবাদ জ্ঞাপন কৰে ।
ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়, য’ত সংগীত পৰিবেশন আৰু ইয়াৰ সংগ্ৰহালয়ত বন্তি প্ৰজ্বলন আদিও অনুষ্ঠিত হয় ।
উল্লেখ্য যে, আজিৰ দিনটোত ৰাজ্যৰ অন্যান্য প্ৰান্ততো সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে । নগাঁৱত অহা ১০ ছেপ্টেম্বৰত নুৰুল আমিন ষ্টেডিয়ামত আয়োজিত হ’বলগীয়া এক অনুষ্ঠানত বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয়ৰ ১৫,০০০ ছাত্ৰ-ছাত্ৰীয়ে সামূহিকভাৱে ভূপেন দাৰ অমৰ গীত ‘মানুহে মনুহৰ বাবে’ পৰিৱেশন কৰিব । ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ বিষয়াও এই অনুষ্ঠানটো ৰেকৰ্ড কৰিবলৈ উপস্থিত থাকিব ।
লগতে পঢ়ক : আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম-শতবাৰ্ষিকী…