ChatGPT

অস্তিত্বৰ সংকতত ChatGPT; বছৰৰ শেষৰ ফালে DeepSeek এ কৰিব ডাঙৰ ধামাক

অস্তিত্বৰ সংকতত ChatGPT চীনৰ ষ্টাৰ্টআপ কোম্পানী DeepSeek এ OpenAI ৰ অস্তিত্ব ধ্বংস কৰাৰ সিদ্ধান্ত লৈছে। কোম্পানীটোৱে বছৰৰ শেষৰ ফালে AI chatbot মুকলি কৰিবলৈ ওলাইছে, যিয়ে ChatGPT ক কঠিন প্ৰতিযোগিতা দিব পাৰে। ডিপচেকে এনে এটা এআই মডেলৰ কাম কৰি আছে,যিটো ব্যৱহাৰকাৰীৰ পৰা অতি কম ইনপুটৰ জটিল,বহু-পদক্ষেপৰ

অস্তিত্বৰ সংকতত ChatGPT

চীনৰ ষ্টাৰ্টআপ কোম্পানী DeepSeek এ OpenAI ৰ অস্তিত্ব ধ্বংস কৰাৰ সিদ্ধান্ত লৈছে। কোম্পানীটোৱে বছৰৰ শেষৰ ফালে AI chatbot মুকলি কৰিবলৈ ওলাইছে, যিয়ে ChatGPT ক কঠিন প্ৰতিযোগিতা দিব পাৰে।

ডিপচেকে এনে এটা এআই মডেলৰ কাম কৰি আছে,যিটো ব্যৱহাৰকাৰীৰ পৰা অতি কম ইনপুটৰ জটিল,বহু-পদক্ষেপৰ কাম সম্পূৰ্ণ কৰে।ইয়াৰ উপৰিও এই AI মডেলে অতীতৰ কাৰ্য্যৰ ওপৰত ভিত্তি কৰি পৰিৱেশন উন্নত কৰিব পাৰে।

এই বছৰৰ শেষৰ ফালে Deepseek এ এই AI chatbot মুকলি কৰিব পাৰে।চীনৰ কোম্পানীটোৱে বছৰৰ আৰম্ভণিতে আৰ ১ মডেল মুকলি কৰি আলোড়নৰ সৃষ্টি কৰিছিল।

ডিপছিক এআইৰ এই মডেলটোৱে মুকলি কৰাৰ লগে লগে ছিলিকন ভেলীৰ কোম্পানীসমূহক চিন্তা বৃদ্ধি হৈছিল।মাত্ৰ ৬ মিলিয়ন ডলাৰ ব্যয়েৰে নিৰ্মিত এই এআই চেটবট চেটজিপিটিয়ে গুগল জেমিনিৰ দৰে এআই সঁজুলিৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰে।

DeepSeek ৰ R1 মডেল এটা মুক্ত উৎস ভাষা যিয়ে ডেভেলপাৰসকলক ইয়াৰ ক’ড বিনামূলীয়াকৈ অভিগম কৰাৰ অনুমতি দিয়ে।ডিপচিক এআইয়ে ছিলিকন ভেলীৰ পদ্ধতি ধ্বংস কৰি পেলাইছিল।

য’ত আমেৰিকাৰ কোম্পানীসমূহে এআই বিকাশত বৃহৎ ডাটা ছেট আৰু কোটি কোটি ডলাৰ বিনিয়োগ কৰিছিল।একে সময়তে চীনৰ এআই মডেলে কম খৰচত এআই সঁজুলি মুকলি কৰিছিল।

লগতে পঢ়ক: আইফোন ১৭ লঞ্চৰ পূৰ্বে বিপদত এপল; কোম্পানীটোৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু