বয়সৰ আগতেই বাৰ্ধক্যৰ দিশে ঠেলি দিব পাৰে এইকেইটা খাদ্যই
আজিকালি মানুহে সুস্থ আৰু ডেকা দেখাবলৈ বিভিন্ন ধৰণৰ সামগ্ৰী আৰু প্ৰতিকাৰ ব্যৱহাৰ কৰে,কিন্তু আচল কাৰণটো প্ৰায়ে আমাৰ খাদ্যাভ্যাসত লুকাই থাকে।
আমি জানি-বুজি বা অজানিতে খোৱা-বোৱা বহু বস্তু কিন্তু আমাৰ ছালখন নিস্তেজ কৰি তোলে আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰে। সেই খাদ্য সামগ্ৰীবোৰ কি কি যিবোৰ আমি আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো পৰিহাৰ কৰা উচিত জানো আহক।
আইচক্ৰীম
সকলো মানুহে আইচক্ৰীম খাই ভালপাই। আইচক্ৰীমত চেনি আৰু চৰ্বি দুয়োটা প্ৰচুৰ পৰিমাণে থাকে। যেতিয়া এই দুয়োটা লগ হয় শৰীৰত গ্লাইকেচন প্ৰক্ৰিয়া ত্বৰান্বিত হয়।
ইয়াৰ ফলত কলাজেনৰ দৰে প্ৰটিন দুৰ্বল হৈ পৰে, যিয়ে আমাৰ ছালখন টান কৰি ৰাখে। ফলত ছালখন ঢিলা হৈ পৰে আৰু মুখত বলিৰেখা সোনকালে দেখা দিবলৈ আৰম্ভ কৰে।
ফলৰ ৰস
ফলৰ ৰসক মানুহে প্ৰায়ে স্বাস্থ্যকৰ বুলি গণ্য কৰে, কিন্তু সত্যটো হ’ল যে বেছিভাগ পেক কৰা ৰসতে প্ৰচুৰ পৰিমাণে চেনি থাকে আৰু গোটা ফলৰ দৰে ফাইবাৰ নাথাকে।
ফাইবাৰৰ অভাৱৰ বাবে শৰীৰে অতি সোনকালে চেনি শোষণ কৰে।ইয়াৰ ফলত ইনচুলিনৰ চাপ বৃদ্ধি পায়, শৰীৰত ফুলি উঠে আৰু ছালখন ঢিলা হ’বলৈ আৰম্ভ কৰে।
এনে অৱস্থাত পেক কৰা ৰসৰ সলনি সতেজ ফলমূল খাব লাগে। ইয়াৰ ফলত শৰীৰটো সুস্থ হৈ থাকিব আৰু লগতে বয়স বৃদ্ধিৰ গতিও লেহেমীয়া হ’ব।
মদ্যপান
মদ্যপানে শৰীৰত ডিহাইড্ৰেট কৰে আৰু ভিটামিন এ হ্ৰাস কৰে যিটো ছাল মেৰামতিৰ বাবে প্ৰয়োজনীয়।যাৰ ফলত ছালখন নিস্তেজ আৰু নিৰ্জীৱ যেন লাগে।
যদি বাৰে বাৰে মদ্যপান কৰা হয় তেন্তে ই যকৃতৰ ক্ষতি কৰে,যাৰ বাবে বিষাক্ত পদাৰ্থ শৰীৰৰ পৰা সঠিকভাৱে ওলাই আহিব নোৱাৰে আৰু শৰীৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে।এনে পৰিস্থিতিত সুস্থ শৰীৰ আৰু উজ্জ্বল ছালৰ বাবে যিমান পাৰি সোনকালে মদ্যপান এৰিব লাগে।
(এই লেখাত পৰামৰ্শ দিয়া টিপছবোৰ কেৱল সাধাৰণ তথ্যৰ বাবেহে।স্বাস্থ্যৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক: খালী পেটত নহৰু খোৱাৰ উপকাৰীতাৰ কথা জানেনে? জানি লওক খোৱাৰ সঠিক নিয়ম