SSC CGL 2025 পৰীক্ষাৰ সূচী মুকলি
কৰ্মচাৰী বাছনি আয়োগে সংযুক্ত স্নাতক স্তৰৰ টিয়ৰ ১ (SSC CGL 2025) পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে।এছ এছ চিয়ে প্ৰদান কৰা তথ্য অনুসৰি, চি জি এল ৰ পৰীক্ষা ১২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব, যিটো ২৬ ছেপ্টেম্বৰলৈকে চলিব।
এই পৰীক্ষাৰ বাবে আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলে, কৰ্মচাৰী বাছনি আয়োগৰ অফিচিয়েল ৱেবছাইটত গৈ পৰীক্ষাৰ সম্পূৰ্ণ সময়সূচী চাব পাৰিব।
ইয়াৰ আগতে এই পৰীক্ষা ১৩ আগষ্টৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু আয়োগে পৰীক্ষাৰ ৪ দিন আগতে পিছুৱাই দিলে, ইয়াৰ পিছত প্ৰাৰ্থীসকলে নতুন তাৰিখৰ বাবে অপেক্ষা কৰি আছিল।
কৰ্মচাৰী বাছনি আয়োগে CGL 2025 পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে। এই পৰীক্ষা অহা ১২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব।
ইয়াৰ পিছত ১৩, ১৪, ১৫, ১৬, ১৭, ১৮, ১৯, ২০, ২১, ২২, ২৩, ২৪, ২৫ আৰু ২৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব।এইবাৰ আয়োগে সিদ্ধান্ত লৈছে যে পৰীক্ষাৰ্থীসকলক ঘৰৰ পৰা ১০০ কিলোমিটাৰৰ ভিতৰত পৰীক্ষা কেন্দ্ৰ আবণ্টন দিয়া হ’ব।