নিশা

নিশা ভালকৈ টোপনি নাহে নেকি আপোনাৰ ? জানি লওঁক কাৰণ আৰু প্ৰতিকাৰ

নিশা ভালকৈ টোপনি নাহে নেকি আপোনাৰ ? আপোনাৰ বাৰু নিশা টোপনি নাহে নেকি? বহু চেষ্টা কৰিও শুব নোৱাৰে নেকি আপুনি? বা শুলেও খুবেই পাতল হয় নেকি? নিশা এবাৰ সাৰ পাই গ’লে আকৌ টোপনি আহিবলৈ ঘন্টা জুৰি অপেক্ষা কৰিবলগা হয় নেকি আপুনি? স্বাস্থ্যৰ বাবে টোপনি পানী

নিশা ভালকৈ টোপনি নাহে নেকি আপোনাৰ ?

আপোনাৰ বাৰু নিশা টোপনি নাহে নেকি? বহু চেষ্টা কৰিও শুব নোৱাৰে নেকি আপুনি? বা শুলেও খুবেই পাতল হয় নেকি? নিশা এবাৰ সাৰ পাই গ’লে আকৌ টোপনি আহিবলৈ ঘন্টা জুৰি অপেক্ষা কৰিবলগা হয় নেকি আপুনি?

 স্বাস্থ্যৰ বাবে টোপনি পানী আৰু খাদ্যৰ দৰেই গুৰুত্বপূৰ্ণ।কেৱল টোপনিৰ সময়তহে আমাৰ শৰীৰটোৱে জিৰণি লয়, সুস্থ কৰে আৰু মেৰামতি কৰে।সেইবাবেই সকলোৱে প্ৰতিদিনে ৭ৰ পৰা ৮ ঘণ্টা শুব লাগে।

টোপনি ভাল কৰিবলৈ কিছুমান কাম কৰিব লাগে যেনেকৈ সদায় আন্ধাৰ আৰু নিস্তব্ধ কোঠাত শুব লাগে।শোৱা কোঠা এটা বনাওঁতে এইবোৰ কথা মনত ৰাখিব লাগে।

শোৱাৰ ক্ষেত্ৰত সময় নিৰ্দিষ্ট সময়সূচী মানি চলক । সদায় এটা নিৰ্দিষ্ট সময়ত শুবলৈ যাওক আৰু এটা নিৰ্দিষ্ট সময় শুই উঠাৰ অভ্যাস গঢ়ি তোলক।

বিচনাখন সদায় আৰামদায়ক হ’ব লাগে যাতে কোনো সমস্যা বা অস্বস্তি নোহোৱাকৈ তাৰ ওপৰত শুব পাৰে।

যদি টোপনি অহাত অসুবিধা হয়, তেন্তে এঘণ্টা বা আধা ঘণ্টা আগতেই ফোন বা টিভি বন্ধ কৰি দিব লাগে।

নিতৌ পুৱা গধূলি শৰীৰৰ পৰা ঘাঁম ওলোৱাকৈ ব্যায়াম কৰক। খেলা-ধূলা, জিম, যোগাসন, শাৰীৰিক পৰিশ্ৰমে অনিদ্ৰা দূৰ কৰি ভাল টোপনি অহাত সহায় কৰিব পাৰে।

(এই লেখাত পৰামৰ্শ দিয়া টিপছবোৰ কেৱল সাধাৰণ তথ্যৰ বাবেহে।স্বাস্থ্যৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)

লগতে পঢ়ক: যদি ওজন কমাব বিচাৰে তেন্তে ব্ৰেকফাষ্টত কৰক এই পৰিৱৰ্তন; শীঘ্ৰে পাব ফলাফল