‘আজুল’ গীতটিৰ বিতৰ্কৰ পিছত গুৰু ৰন্ধাৱাই খুলিলে মুখ
পঞ্জাবী সংগীত জগতৰ ছুপাৰষ্টাৰ গায়ক গুৰু ৰন্ধাৱা বৰ্তমান সামাজিক মাদ্যমত চৰ্চিত হৈ পৰিছে।তেওঁৰ নতুন গীত ‘আজুলে’ মুক্তিৰ মাত্ৰ ২১ দিনতে ৪৪ নিযুত দৰ্শনেৰে ইউটিউবত আলোড়নৰ সৃষ্টি কৰিছে আৰু এতিয়া, ইয়াৰ ফলত তেওঁ প্ৰশ্নৰ মাজত সোমাই পৰিছে।
বহু লোকে গুৰু ৰন্ধৱাক সংবেদনহীন গীত নিৰ্মাণৰ অভিযোগ উত্থাপন কৰি তেওঁক বৰ্জন কৰাৰ দাবী জনাইছে। ইফালে আজুলক লৈ সৃষ্টি হোৱা বিতৰ্কক লৈ কণ্ঠশিল্পী গৰাকীয়ে নিজৰ মৌনতা ভংগ কৰিছে। তেওঁৰ সমালোচকৰ প্ৰতি সঁহাৰি জনাই তেওঁ ইনষ্টাগ্ৰামত ২ খন ফটো শ্বেয়াৰ কৰিছে।
শুকুৰবাৰে গুৰু ৰন্ধাৱাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ‘আজুলৰ’ বিশ্লেষণৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে। ফটোখনত দেখা গৈছে যে গীতটো এঘণ্টাৰ ভিতৰতে ১০৭,২০০ৰো অধিক ভিউ আৰু ইউটিউবত ২৭,০০০ৰো অধিক চাৰ্চেৰে ট্ৰেণ্ডিং হৈ আছে।
ফটোবোৰৰ লগতে গুৰুৱে লিখিছে, “আজুল হৈছে আজুলিং (ৱাইন গ্লাছ ইমোজি)। যেতিয়া ঈশ্বৰ আপোনাৰ লগত থাকে তেতিয়া আপুনি কেৱল আগবাঢ়ি যায়।”
দৰাচলতে গীতটোত গুৰুক এগৰাকী বিদ্যালয়ৰ ছাত্ৰীৰ লগত ৰোমান্স কৰা দেখা গৈছে। যাৰ বাবে গীতটো বিতৰ্কৰ মাজত সোমাই পৰিছিল।
লগতে পঢ়ক: বিপদত হানী সিং! শেষ মুহূৰ্তত অনুষ্ঠান পৰিৱেশন কৰিবলৈ অস্বীকাৰ