ছলমান খানে

‘না সঁচা প্ৰেম হ’ল, না কিবা আধৰুৱা হৈ থাকিল…’; প্ৰেম জীৱনক লৈ প্ৰথমবাৰলৈ মুখখুলিলে ছলমান খানে

প্ৰেম জীৱনক লৈ প্ৰথমবাৰলৈ মুখখুলিলে ছলমান খানে ছলমান খানৰ বিগ বছ ১৯ আৰম্ভ হৈছে। দেওবাৰে অনুষ্ঠানটোৰ প্ৰিমিয়াৰ হৈছিল। অভিনেতা গৰাকীৰ শ্ব’ৰ প্ৰিমিয়াৰ প্ৰতিবাৰেই অসাধাৰণ হয়। শ্ব’টোত ছলমানে প্ৰতিযোগীসকলৰ সৈতে তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বিষয়ে কথা পাতি থকা দেখা গৈছিল। তাৰ মাজতে অভিনেতা গৰাকীয়ে নিজৰ প্ৰেম জীৱনৰ

প্ৰেম জীৱনক লৈ প্ৰথমবাৰলৈ মুখখুলিলে ছলমান খানে

ছলমান খানৰ বিগ বছ ১৯ আৰম্ভ হৈছে। দেওবাৰে অনুষ্ঠানটোৰ প্ৰিমিয়াৰ হৈছিল। অভিনেতা গৰাকীৰ শ্ব’ৰ প্ৰিমিয়াৰ প্ৰতিবাৰেই অসাধাৰণ হয়।

শ্ব’টোত ছলমানে প্ৰতিযোগীসকলৰ সৈতে তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বিষয়ে কথা পাতি থকা দেখা গৈছিল। তাৰ মাজতে অভিনেতা গৰাকীয়ে নিজৰ প্ৰেম জীৱনৰ কথাও ক’লে।এই কথা শুনি সকলোৱে স্তম্ভিত হৈ পৰিল।

এগৰাকী প্ৰতিযোগীয়ে ছলমানক প্ৰশ্ন কৰিছিল যে, ছাৰ, প্ৰকৃত প্ৰেম সদায় অসম্পূৰ্ণ হৈ থাকে নেকি? যাৰ উত্তৰত ছলমানে কয়-‘সঁচা প্ৰেম, মই নাজানো, কাৰণ এতিয়াও হোৱা নাই।না মোৰ প্ৰকৃত প্ৰেম হৈছে না কিবা আধৰুৱা হৈ আছে’।

উল্লেখ্য যে ছলমান খানে বহু অভিনেত্ৰীক ডেটিং কৰিছিল।বহু যুৱতীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছে ছলমান খানে।ছমী আলী, সংগীতা বিজলানী, ঐশ্বৰ্য ৰায় কেটৰিনা কাঈফকে ধৰি বহু অভিনেত্ৰীক ডেটিং কৰিছিলে।

সংগীতা বিজলানী আৰু ছলমানৰ বিয়াও থিক হৈছিল। দুয়োৰে বিয়াৰ কাৰ্ডবোৰো ছপা হৈছিল যদিও তাৰ পিছত অভিনেত্ৰীগৰাকীয়ে এই বিবাহ ভাঙি দিছিল।

লগতে পঢ়ক: গোবিন্দ আৰু সুনীতা আহুজাৰ বিবাহ বিচ্ছেদক লৈ মুখ খুলিলে কন্যা টিনা আহুজাই …