বিতৰ্কৰ মাজত UGC ৰ নতুন পাঠ্যক্ৰম
বিশ্ববিদ্যালয় অনুদান আয়োগে( UGC) ৯টা বিষয়ৰ বাবে নতুন শিক্ষণ ফলাফলভিত্তিক পাঠ্যক্ৰমৰ ফ্ৰেমবৰ্ক (এল অ’ চি এফ)ৰ খচৰা প্ৰকাশ কৰিছে।
কিন্তু UGCৰ এই নতুন খচৰাই সমগ্ৰ দেশৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰচণ্ড ক্ষোভৰ সৃষ্টি কৰিছে। সমালোচকসকলে কয় যে এই পদক্ষেপ শিক্ষাৰ ক্ষেত্ৰত কেশৰীকৰণ বৃদ্ধি আৰু অবৈজ্ঞানিক চিন্তাধাৰা জাপি দিয়াৰ প্ৰয়াস।
ভাৰতীয় ছাত্ৰ ফেডাৰেচনে এই খচৰাক স্বাধীনতাৰ ইতিহাস বিকৃত কৰাৰ প্ৰয়াস বুলি অভিহিত কৰিছে। এছ এফ আইৰ সভাপতি আদৰ্শ এম. সাজীয়ে কৈছে যে দেশদ্ৰোহীয়ে লিখা কিতাপৰ পৰা ছাত্ৰ-ছাত্ৰীক স্বাধীনতাৰ ইতিহাস শিকাব নোৱাৰি।
সংবিধানত কোৱা হৈছে যে আমি বৈজ্ঞানিক চিন্তাধাৰা আৰু মানৱতা গ্ৰহণ কৰিব লাগে, কিন্তু এই খচৰাখন তাৰ বিপৰীত।
এছএফআইয়ে খচৰাৰ ওপৰত প্ৰতিক্ৰিয়াৰ বাবে ২০ ছেপ্টেম্বৰৰ অন্তিম তাৰিখ অপৰ্যাপ্ত বুলি অভিহিত কৰিছে আৰু বিস্তৃত আলোচনা নকৰাকৈ ইয়াৰ কাৰ্যকৰীকৰণৰ বিৰোধিতা কৰিছিল।
UGC এই খচৰাৰ বিৰুদ্ধে এছ এফ আইয়ে এক বৃহৎ আন্দোলনৰ কথা ঘোষণা কৰিছে।২৫ আৰু ২৬ আগষ্টত বিশ্ববিদ্যালয় চৌহদত এই খচৰাৰ প্ৰতিলিপি দাহ কৰা হ’ব। ২০২৫ চনৰ ২৭ আগষ্টত সমগ্ৰ দেশৰ ইউ জি চিৰ কাৰ্যালয়লৈ সমদল উলিওৱা হ’ব।
লগতে পঢ়ক: ৰাষ্ট্ৰীয় মহাকাশ দিৱস : পি এছ এল ভিৰ পৰা গগণযানলৈ… ভাৰতৰ মহাকাশ সফলতা