ইজৰাইলৰ বিমান আক্ৰমণত জোকাৰি গ’ল ছানা…
ইজৰাইলে য়েমেনৰ ৰাজধানী ছানাত বিমান আক্ৰমণ চলাই ইৰাণ সমৰ্থিত হুটী বিদ্ৰোহীৰ বিমান আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে। দেওবাৰে ছানাৰ অধিকাংশ আৱাসিক এলেকাত বিস্ফোৰণৰ শব্দ শুনা গৈছিল।
ইজৰাইলৰ এই আক্ৰমণত বহু ঠাই লক্ষ্য কৰি লোৱা হৈছিল,য’ত আছে হেজিয়াজ বিদ্যুৎ কেন্দ্ৰ আৰু এটা গেছ ষ্টেচন। অৱশ্যে এই আক্ৰমণ সন্দৰ্ভত ইজৰাইলৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই।
এই আক্ৰমণত দুজন লোক নিহত হোৱাৰ লগতে পাঁচজনতকৈ অধিক লোক আহত হয়।আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ৰাজধানীৰ লোক সকলে কয় যে সমগ্ৰ চহৰখনতে বিস্ফোৰণৰ শব্দ শুনা গৈছিল,ৰাষ্ট্ৰপতি ভৱন আৰু বন্ধ সামৰিক একাডেমীৰ ওচৰতো বিস্ফোৰণ সংঘটিত হয়।ৰাজধানীৰ ছাবিক চৌহদৰ সমীপতো ক’লা ধোঁৱা দেখিবলৈ পোৱা গৈছে।
পেলেষ্টাইনীসকলৰ সৈতে সংঘাত বৃদ্ধি পোৱাৰ পিছৰে পৰা লোহিত সাগৰত ইজৰাইলৰ বাণিজ্যিক ক্ষতিসাধন কৰিবলৈ হুটী বিদ্ৰোহীয়ে ড্ৰোন আৰু মিছাইলেৰে ইজৰাইলৰ জাহাজত অহৰহ আক্ৰমণ চলাই আহিছে।
লগতে পঢ়ক: পূৰ্ণগতিত চলিছে গগণযান মিছনৰ প্ৰস্তুতি; স্প্লেছডাউনৰ সফল পৰীক্ষণ ISROৰ