দুৰ্বলতা

শৰীৰৰ দুৰ্বলতা দূৰ কৰিবলৈ নিতৌ খাব লাগে এইবোৰ ফল; শীঘ্ৰে পাব লাভ

শৰীৰৰ দুৰ্বলতা দূৰ কৰিবলৈ নিতৌ খাব লাগে এইবোৰ ফল সাধাৰণতে শৰীৰৰ দুৰ্বলতা বয়স বৃদ্ধিৰ লগে লগে আহে কিন্তু আজিকালি এই সমস্যা ডেকা ল’ৰা-ছোৱালীৰ মাজতো দেখা পোৱা গৈছে।আপুনিও সেইসকল লোকৰ ভিতৰত আছে নেকি যিসকলে সকলো সময়তে দুৰ্বলতাত ভুগি থাকে? সদায় সুস্থ হৈ থাকিবলৈ আপোনাৰ খাদ্যত শক্তি

শৰীৰৰ দুৰ্বলতা দূৰ কৰিবলৈ নিতৌ খাব লাগে এইবোৰ ফল

 সাধাৰণতে শৰীৰৰ দুৰ্বলতা বয়স বৃদ্ধিৰ লগে লগে আহে কিন্তু আজিকালি এই সমস্যা ডেকা ল’ৰা-ছোৱালীৰ মাজতো দেখা পোৱা গৈছে।আপুনিও সেইসকল লোকৰ ভিতৰত আছে নেকি যিসকলে সকলো সময়তে দুৰ্বলতাত ভুগি থাকে?

সদায় সুস্থ হৈ থাকিবলৈ আপোনাৰ খাদ্যত শক্তি প্ৰদানকাৰী খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে য’ত ভিটামিন, আইৰণ আৰু খনিজ পদাৰ্থৰ দৰে পুষ্টিকৰ উপাদান থাকে।প্ৰতিদিনে বিভিন্ন সেউজীয়া পাতৰ শাক-পাচলি, ফল-মূল, ৰঙা-হালধীয়া-সেউজীয়া কেপচিকাম, বিলাহী, বেঙেনা, বুটমাহ, সকলো ধৰণৰ দালি খাব লাগে। ড্ৰাই ফ্ৰুটছ আৰু চিডছবোৰো খাব লাগে।

দুৰ্বলতাৰ পৰা পৰিত্ৰাণ পাবলৈ দৈনিক কল খাব লাগে। কল এনেকুৱা এবিধ ফল য়ি প্ৰতিটো ঋতুতে পোৱা যায়। ই পটাছিয়াম আৰু কাৰ্বহাইড্ৰেটৰ এক উৎকৃষ্ট উৎস।কলে শৰীৰক তৎক্ষণাত শক্তি প্ৰদান কৰাৰ লগতে পেশীৰ কামতো সহায় কৰে।

সকলোৱে জানে যে আপেল এটা অতি পুষ্টিকৰ ফল যিয়ে শৰীৰৰ বাবে বহুতো উপকাৰ প্ৰদান কৰে।ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন, ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে আপোনাৰ হজম শক্তি, হৃদযন্ত্ৰ, ওজন আৰু ছালক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে।

ইয়াত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম থাকে যিয়ে আপোনাৰ শৰীৰৰ শক্তিৰ মাত্ৰা বৃদ্ধি আৰু সামগ্ৰিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে।

টেঙা জাতীয় ফলত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে যিটো আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে অতি গুৰুত্বপূৰ্ণ।সেয়ে কমলা, নেমু, কিউই, মৌচুমী আদি ফল খাব লাগে।

লগতে পঢ়ক: পুৱা গৰমে গৰমে খাই নেকি চাহ বা কফি? সাৱধান, বৃদ্ধি পাব পাৰে এই মাৰাত্মক ৰোগৰ আশংকা

শেহতীয়া প্ৰৱন্ধসমূহ