TikTokৰ ওপৰত নিষেধাজ্ঞা আঁতৰোৱাৰ সন্দৰ্ভত চৰকাৰৰ ডাঙৰ মন্তব্য
শুকুৰবাৰে ভাৰত চৰকাৰে চীনৰ ভিডিঅ’ এগ্ৰিগেটৰ প্লেটফৰ্ম TikTokৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ খবৰ অস্বীকাৰ কৰে।
ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সূত্ৰই স্পষ্ট কৰি দিছে যে ভাৰতত টিকটকৰ কোনো আনব্লক অৰ্ডাৰ জাৰি কৰা হোৱা নাই।এনে যিকোনো বক্তব্য বা বাতৰি মিছা আৰু বিভ্ৰান্তিকৰ।
অৱশ্যে ই-কমাৰ্চ ৱেবছাইট Aliexpress আৰু অনলাইন কাপোৰ বিক্ৰী ৱেবছাইট SHEIN সন্দৰ্ভত চৰকাৰৰ পৰা এতিয়াও কোনো স্পষ্টীকৰণ অহা নাই।
অৱশ্যে একাংশ ব্যৱহাৰকাৰীয়ে TikTokৰ ৱেবছাইটত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল,কিন্তু তেওঁলোকে লগ ইন, আপলোড বা ভিডিঅ’ চাব পৰা নাছিল।এই চীনা ভিডিঅ’ প্লেটফৰ্মৰ এপ ভাৰতৰ এপ ষ্ট’ৰতো উপলব্ধ নহয়।
দূৰসংযোগ বিভাগৰ সূত্ৰই জনোৱা মতে, ইণ্টাৰনেট সেৱা প্ৰদানকাৰীসকলে এই ৱেবছাইটটো অহৰহ ব্লক কৰি আছে।কিন্তু একাংশ ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে কেনেদৰে ইয়াক ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে সেয়া স্পষ্ট হোৱা নাই।
২০২০ চনৰ জুন মাহত ভাৰত চৰকাৰে ৫৯টা মোবাইল এপ্লিকেচন নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল, ইয়াৰ বেছিভাগেই চীনা এপ।ইয়াৰ ভিতৰত আছিল টিকটক, ইউ চি ব্ৰাউজাৰ আৰু ৱেচাটৰ দৰে জনপ্ৰিয় এপ।
চৰকাৰে এই চীনা এপসমূহ ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা,নিৰাপত্তা আৰু জনশৃংখলাৰ প্ৰতি ভাবুকি বুলি কোৱা হৈছিল। চীনৰ সৈতে ভাৰতৰ সীমান্তৰ উত্তেজনা বৃদ্ধি পোৱাৰ পটভূমিত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।