ট্ৰাম্পৰ সময়সীমাৰ ২৪ ঘন্টা পূৰ্বেই ডাঙৰ ঘোষণা; এতিয়াৰে পৰা আমেৰিকাৰ হ’ব টিকটক!

ট্ৰাম্পে বান্ধি দিয়া সময়সীমাৰ পিছতেই আমেৰিকাৰ হাতলৈ গ’ল টিকটক। আমেৰিকা আৰু চীনৰ মাজত টিকটক চুক্তি স্বাক্ষৰ।

চুটি ভিডিঅ’ প্লেটফৰ্ম টিকটকৰ আমেৰিকাৰ কাৰ্য্যকলাপ এতিয়া আমেৰিকাৰ কোম্পানীসমূহৰ নিয়ন্ত্ৰিত যৌথ উদ্যোগলৈ হস্তান্তৰ কৰা হৈছে।

ইয়াৰ লগে লগে আমেৰিকাত টিকটক নিষিদ্ধ হোৱাৰ ভাবুকি এতিয়া ৰোধ কৰা হৈছে।এই যৌথ উদ্যোগত ৫০% অংশীদাৰিত্ব আমেৰিকান কোম্পানী অৰেকলৰ,ইয়াক ব্যক্তিগত ইকুইটি প্ৰতিষ্ঠান ছিলভাৰ লেক আৰু আমিৰাটি সমৰ্থিত বিনিয়োগ সংস্থা এমজিএক্সৰ বিনিয়োগকাৰীৰ এটা কনচৰ্টিয়ামৰ হাতত থাকিব।

৩০%তকৈ অলপ বেছি অংশীদাৰিত্ব টিকটকৰ মূল কোম্পানী বাইটডান্সৰ কিছুমান বৰ্তমানৰ বিনিয়োগকাৰীৰ সৈতে জড়িত সত্তাৰ হাতত থাকিব, আৰু ১৯.৯% বাইটডান্সৰ হাতত থাকিব।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০২৬ চনৰ ২৩ জানুৱাৰীত চীনৰ কোম্পানী বাইটডান্সৰ পৰা টিকটকৰ আমেৰিকান কাৰ্য্যকলাপ স্পিন অফ কৰাৰ সময়সীমাৰ মাত্ৰ এদিন পূৰ্বে এই যৌথ উদ্যোগ ঘোষণা কৰা হৈছিল।

এই ঘোষণাই কেৱল টিকটক আমেৰিকাত থকাৰ বাট মুকলি কৰাই নহয়,বৰঞ্চ আমেৰিকা আৰু চীনৰ মাজত চলি থকা প্ৰযুক্তিগত যুদ্ধৰ এটা অধ্যায়ও শেষ হৈছে।

এয়া কেৱল টিকটকৰ মালিকীস্বত্ব সলনি কৰাই নহয়, বৰঞ্চ ই এক নতুন যুগৰ আৰম্ভণি।এতিয়া এই এপটোৱে সম্পূৰ্ণ ‘আমেৰিকান কোম্পানী’ৰ ফালৰ পৰা কাম কৰিব,যাৰ বৰ্ড আৰু ডাটা কণ্ট্ৰল স্থানীয় হ’ব।

জীৱিকাৰ বাবে টিকটকৰ ওপৰত নিৰ্ভৰশীল লাখ লাখ আমেৰিকান ক্ষুদ্ৰ ব্যৱসায়ী আৰু সৃষ্টিকৰ্তাৰ বাবে এয়া এক ডাঙৰ জয়।

চীন চৰকাৰে প্ৰথমে আমেৰিকাত টিকটক চলাবলৈ আমেৰিকাৰ সত্তা গঠনৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু ইয়াক কাৰিকৰী চুৰি বুলি অভিহিত কৰা হৈছিল।

অৱশ্যে পিছলৈ বেইজিঙৰ স্থিতি নৰম হৈ পৰিল, চীনৰ আইনৰ সৈতে সামঞ্জস্যপূৰ্ণ সমাধানৰ সমৰ্থন কৰিলে আৰু স্বাৰ্থৰ ভাৰসাম্যতাক সমৰ্থন কৰিলে।

লগতে পঢ়ক: আমেৰিকাৰ ডাঙৰ সিদ্ধান্ত; WHO ৰ হ’ল বাহিৰ, মুখ্য কাৰ্যালয়ৰ বাহিৰৰ পৰা আঁতৰালে পতাকা

‘এনে কোনো আদেশ জাৰি কৰা হোৱা নাই’; TikTokৰ ওপৰত নিষেধাজ্ঞা  আঁতৰোৱাৰ সন্দৰ্ভত চৰকাৰৰ ডাঙৰ মন্তব্য

TikTokৰ ওপৰত নিষেধাজ্ঞা  আঁতৰোৱাৰ সন্দৰ্ভত চৰকাৰৰ ডাঙৰ মন্তব্য

শুকুৰবাৰে ভাৰত চৰকাৰে চীনৰ ভিডিঅ’ এগ্ৰিগেটৰ প্লেটফৰ্ম TikTokৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ খবৰ অস্বীকাৰ কৰে।

ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সূত্ৰই স্পষ্ট কৰি দিছে যে ভাৰতত টিকটকৰ কোনো আনব্লক অৰ্ডাৰ জাৰি কৰা হোৱা নাই।এনে যিকোনো বক্তব্য বা বাতৰি মিছা আৰু বিভ্ৰান্তিকৰ।

অৱশ্যে ই-কমাৰ্চ ৱেবছাইট Aliexpress আৰু অনলাইন কাপোৰ বিক্ৰী ৱেবছাইট SHEIN সন্দৰ্ভত চৰকাৰৰ পৰা এতিয়াও কোনো স্পষ্টীকৰণ অহা নাই।

অৱশ্যে একাংশ ব্যৱহাৰকাৰীয়ে TikTokৰ ৱেবছাইটত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল,কিন্তু তেওঁলোকে লগ ইন, আপলোড বা ভিডিঅ’ চাব পৰা নাছিল।এই চীনা ভিডিঅ’ প্লেটফৰ্মৰ এপ ভাৰতৰ এপ ষ্ট’ৰতো উপলব্ধ নহয়।

দূৰসংযোগ বিভাগৰ সূত্ৰই জনোৱা মতে, ইণ্টাৰনেট সেৱা প্ৰদানকাৰীসকলে এই ৱেবছাইটটো অহৰহ ব্লক কৰি আছে।কিন্তু একাংশ ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে কেনেদৰে ইয়াক ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে সেয়া স্পষ্ট হোৱা নাই।

২০২০ চনৰ জুন মাহত ভাৰত চৰকাৰে ৫৯টা মোবাইল এপ্লিকেচন নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল, ইয়াৰ বেছিভাগেই চীনা এপ।ইয়াৰ ভিতৰত আছিল টিকটক, ইউ চি ব্ৰাউজাৰ আৰু ৱেচাটৰ দৰে জনপ্ৰিয় এপ।

চৰকাৰে এই চীনা এপসমূহ ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা,নিৰাপত্তা আৰু জনশৃংখলাৰ প্ৰতি ভাবুকি বুলি কোৱা হৈছিল। চীনৰ সৈতে ভাৰতৰ সীমান্তৰ উত্তেজনা বৃদ্ধি পোৱাৰ পটভূমিত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

লগতে পঢ়ক: শত্ৰুৰ বুকুত কঁপনি তুলি অগ্নি ৫ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ ভাৰতৰ… ৫ হাজাৰ কিলোমিটাৰ পৰ্যন্ত হানিব আঘাত