পুৱা গৰমে গৰমে খাই নেকি চাহ বা কফি?
বহু লোকে দিনৰ আৰম্ভণিটো একাপ গৰম চাহ বা কফিৰে কৰে,বা দিনটো বহুবাৰ চাহ খায়। যদি আপুনিও চাহ বা কফি অত্যাধিক ভাৱে সেৱন কৰে, তেনেহলে আপুনিও সাৱধান হওক। কাৰণ আপোনাৰ এই এটা অভ্যাসৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে।
শেহতীয়াকৈ নেশ্যনেল কেন্সাৰ ইনষ্টিটিউটৰ এক অধ্যয়নত কোৱা হৈছে যে যিসকল লোকে দৈনিক ৮ কাপতকৈ অধিক গৰম চাহ বা কফি সেৱন কৰে, তেওঁলোকৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা ৫.৬ গুণ বৃদ্ধি পাব পাৰে।
এটা প্ৰতিবেদনত কোৱা হৈছে যে, ইয়াৰ নাম খাদ্যনলীৰ স্ক্ৱামাছ চেল কাৰ্চিনোমা কেন্সাৰ। গতিকে চাহ বা কফিক সীমিত ভাৱেহে দৈনিক খাদ্য পৰিকল্পনাৰ অংশ হিচাপে লোৱা উচিত ।
যদি আপুনি দৈনিক ৪ কাপ গৰম পানীয় বা উতলি থকা চাহ বা কফি খায়, তেন্তে আপোনাৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা ২.৫ গুণ বৃদ্ধি পাব পাৰে।
প্ৰতিদিনে ২-৪ কাপতকৈ অধিক চাহ বা কফি সেৱন কৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।
যদি আপুনি প্ৰয়োজনতকৈ অধিক চাহ বা কফি খায়,তেন্তে কেন্সাৰৰ লগতে স্বাস্থ্য সম্পৰ্কীয় আন কিছুমান সমস্যাৰ সন্মুখীনও হ’বলগীয়া হ’ব পাৰে।
বেছিকৈ চাহ বা কফি খালে পেটৰ সমস্যা হ’ব পাৰে। চাহ বা কফি খালে আপোনাৰ টোপনিত ব্যাঘাত জন্মাব পাৰে। মুঠৰ ওপৰত চাহ বা কফিৰ অত্যাধিক সেৱনে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।
(এই লেখাত পৰামৰ্শ দিয়া টিপছবোৰ কেৱল সাধাৰণ তথ্যৰ বাবেহে।স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক: ব্যস্ত জীৱনত শান্তি পাবলৈ নিতৌ কৰক ধ্যান; পাব মানসিক শান্তি