পুৱা গৰমে গৰমে খাই নেকি চাহ বা কফি? সাৱধান, বৃদ্ধি পাব পাৰে এই মাৰাত্মক ৰোগৰ আশংকা

পুৱা গৰমে গৰমে খাই নেকি চাহ বা কফি?

বহু লোকে দিনৰ আৰম্ভণিটো একাপ গৰম চাহ বা কফিৰে কৰে,বা দিনটো বহুবাৰ চাহ খায়। যদি আপুনিও চাহ বা কফি অত্যাধিক ভাৱে সেৱন কৰে, তেনেহলে আপুনিও সাৱধান হওক। কাৰণ আপোনাৰ এই এটা অভ্যাসৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে।

শেহতীয়াকৈ নেশ্যনেল কেন্সাৰ ইনষ্টিটিউটৰ এক অধ্যয়নত কোৱা হৈছে যে যিসকল লোকে দৈনিক ৮ কাপতকৈ অধিক গৰম চাহ বা কফি সেৱন কৰে, তেওঁলোকৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা ৫.৬ গুণ বৃদ্ধি পাব পাৰে।

এটা প্ৰতিবেদনত কোৱা হৈছে যে, ইয়াৰ নাম খাদ্যনলীৰ স্ক্ৱামাছ চেল কাৰ্চিনোমা কেন্সাৰ। গতিকে চাহ বা কফিক সীমিত ভাৱেহে দৈনিক খাদ্য পৰিকল্পনাৰ অংশ হিচাপে লোৱা উচিত ।

যদি আপুনি দৈনিক ৪ কাপ গৰম পানীয় বা উতলি থকা চাহ বা কফি খায়, তেন্তে আপোনাৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা ২.৫ গুণ বৃদ্ধি পাব পাৰে।

প্ৰতিদিনে ২-৪ কাপতকৈ অধিক চাহ বা কফি সেৱন কৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।

যদি আপুনি প্ৰয়োজনতকৈ অধিক চাহ বা কফি খায়,তেন্তে কেন্সাৰৰ লগতে স্বাস্থ্য সম্পৰ্কীয় আন কিছুমান সমস্যাৰ সন্মুখীনও হ’বলগীয়া হ’ব পাৰে।

বেছিকৈ চাহ বা কফি খালে পেটৰ সমস্যা হ’ব পাৰে। চাহ বা কফি খালে আপোনাৰ টোপনিত ব্যাঘাত জন্মাব পাৰে। মুঠৰ ওপৰত চাহ বা কফিৰ অত্যাধিক সেৱনে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

(এই লেখাত পৰামৰ্শ দিয়া টিপছবোৰ কেৱল সাধাৰণ তথ্যৰ বাবেহে।স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)

লগতে পঢ়ক: ব্যস্ত জীৱনত শান্তি পাবলৈ নিতৌ কৰক ধ্যান; পাব মানসিক শান্তি

গ্ৰীষ্মকালত বেছিকৈ চাহ খোৱাৰ পাৰ্শ্বক্ৰিয়া জানেনে?  

বেছিকৈ চাহ খোৱাৰ পাৰ্শ্বক্ৰিয়া

আপুনিও চাহ খাই ভালপাই নেকি?  অধিকাংশ ভাৰতীয়ই তেওঁলোকৰ ৰাতিপুৱাটো একাপ চাহৰ সৈতে আৰম্ভ কৰে।কিছুমানৰ আকৌ চাহৰ আষক্তি ইমানেই যে দিনটোত কেইবাৰ চাহ খাই তাৰ হিচাপ তেওঁলোকৰ হাতত নাথাকে।

কিন্তু স্বাস্থ্য বিশেষজ্ঞৰ মতে গ্ৰীষ্মকালত বেছিকৈ চাহ খোৱাৰ পৰা বিৰত থাকিব লাগে। বেছিকৈ চাহ খালে আপোনাৰ স্বাস্থ্যৰ ওপৰত পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা যায়।গৰমত চাহ খোৱাৰ কিছু পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানো আহক

গ্ৰীষ্মকালত চাহ খালে ডিহাইড্ৰেছনৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। চাহৰ প্ৰভাৱ গৰম, সেয়েহে গৰমৰ দিনত চাহ খোৱাৰ পৰা বিৰত থাকিব লাগে, নহ’লে শৰীৰৰ উষ্ণতা বৃদ্ধি পাব পাৰে আৰু আপুনি অস্বস্তি অনুভৱ কৰিব পাৰে।

গ্ৰীষ্মকালত বেছিকৈ চাহ খালে পেটৰ সৈতে জড়িত বহু সমস্যা হ’ব পাৰে। যদি আপুনি পেটৰ সমস্যা যেনে এচিডিটি, হাৰ্টবাৰ্ণ আৰু বদহজম আদিৰ পৰা সাৰিব বিচাৰে তেন্তে প্ৰচুৰ পৰিমাণে চাহ সেৱন নকৰিব।

যদি আপুনি প্ৰচুৰ পৰিমাণে চাহ সেৱন কৰে তেন্তে আপোনাৰ টোপনি বিঘিনি ঘটিব পাৰে। চাহত থকা টেনিনৰ বাবে আইৰণৰ দৰে পুষ্টিকৰ উপাদানৰ অভাৱো আপোনাৰ শৰীৰত হ’ব পাৰে।

চাহপাতত কেফেইন যথেষ্ট পৰিমাণত থাকে। অধিক কেফেইন খোৱাটোয়ে ৰক্তচাপৰ সমস্যা বৃদ্ধি কৰে। সেয়েহে, যদি আপুনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেন্তে চাহ খোৱা বন্ধ কৰক।

গ্ৰীষ্মকালত গৰম চাহৰ সলনি ঠাণ্ডা প্ৰকৃতিৰ খাদ্য সামগ্ৰী আৰু পানীয় সেৱন কৰিব লাগে।

(এই লেখাটো সাধাৰণ তথ্যৰ বাবে, যিকোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।)

লগতে পঢ়ক:যোগাসনৰ সময়ত ভুলটো নকৰিব এই কাম; স্বাস্থ্যৰ বাবে হ’ব পাৰে ক্ষতিকাৰক

 খাদ্য খোৱাৰ পিছত চাহ খোৱাৰ অভ্যাস আছে নেকি আপোনাৰ? হ’ব পাৰে বিপদ

আমাৰ ভাৰতীয়ৰ জীৱনত চাহৰ এক বিশেষ সম্পৰ্ক আছে। ৰাতিপুৱাৰ আৰম্ভণি হওক বা সন্ধিয়াই হওক, চাহ সদায় থাকে। কিন্তু খাদ্য খোৱাৰ লগে লগে চাহ খোৱা বহু লোক আছে।

এই অভ্যাসটো সাধাৰণ যেন লাগে যদিও স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ গভীৰ হ’ব পাৰে।বিশেষজ্ঞ সকলৰ মতে খাদ্য খোৱাৰ লগে লগে চাহ খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

পেটত দ্ৰুতগতিত বৃদ্ধি পায় এচিড- চাহপাতত অম্লীয় মৌল প্ৰাকৃতিকভাৱে পোৱা যায়।আমি যেতিয়া খাদ্য খোৱাৰ লগে লগে চাহ খাওঁ, তেতিয়া ইয়াৰ ফলত পেটৰ ভিতৰত এচিডৰ মাত্ৰা আৰু অধিক বৃদ্ধি পায়।ইয়াৰ ফলত গেছ, বুকুত  জ্বলা-পোৰা আৰু কেতিয়াবা পেটৰ বিষ হয়।

খাদ্য হজমত হ’ব পাৰে সমস্যা- খাদ্যত থকা প্ৰটিন আমাৰ শৰীৰৰ বাবে অপৰিহাৰ্য, কিন্তু আমি যেতিয়া খাদ্য খোৱাৰ লগে লগে চাহ খাওঁ, তেতিয়া চাহত থকা কিছুমান মৌলিক প্ৰটিনক এনেদৰে সলনি কৰে যে ইয়াৰ হজমত সমস্যা হ’ব পাৰে। ইয়াৰ বাবে পেটত খাদ্য গধুৰ অনুভৱ হয়, অলসতা হয় আৰু কেতিয়াবা বদহজমও হ’ব পাৰে।

অৱশ্যে চাহ খোৱা সম্পূৰ্ণ বন্ধ কৰাৰ প্ৰয়োজন নাই, মাত্ৰ সঠিক সময় জনাটোহে জৰুৰী। খোৱাৰ কমেও ৩০ৰ পৰা ৪৫ মিনিট পিছত হে চাহ খোৱাটো ভাল।ইয়াৰ দ্বাৰা হজম শক্তি সুস্থ কৰি ৰখাই নহয় শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানও যোগান ধৰে।

(এই পৰামৰ্শকে ধৰি কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে। এইটো কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয়। অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লওক।)