মায়ানগৰী মুম্বাইত ধাৰাসাৰ বৰষুণৰ তাণ্ডৱ
শুকুৰবাৰৰ পৰা মহাৰাষ্ট্ৰৰ বহু ঠাইত ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । একাংশ গাঁৱত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । আনহাতে মায়ানগৰী মুম্বাইৰ অৱস্থাও ধাৰাষাৰ বৰষুণত ক্ৰমে শোচনীয় হৈ পৰিছে । মুম্বাইৰ ৰাজপথত সকলোফালে এতিয়া পানী দেখা গৈছে । বৰষুণৰ বাবে মুম্বাইৰ পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছে যে ভূমিস্খলনো সংঘটিত হৈছে । ধাৰাসাৰ বৰষুণৰ ফলত মুম্বাইৰ ভিখৰ’ৰি অঞ্চলৰ বর্ষনগৰত ভূমিস্খলন সংঘটিত হৈছে ৷ এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে ।
নেৰানেপেৰা বৰষুণৰ ফলত মুম্বাইত ভূমিস্খলন-
১৬ আগষ্টৰ নিশা ২:৩৯ বজাত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা । MFB য়ে পুৱা ৫.৫০ বজাত এই দুৰ্ঘটনাৰ খবৰ দিয়ে । বিখৰোলিৰ জন কল্যাণ ছ’চাইটিত সংঘটিত হয় এই ভূমিস্খলন । তথ্য অনুসৰি পাহাৰীয়া অঞ্চলৰ পৰা মাটি আৰু শিল এটা জুপুৰীত খহি পৰে । এই দুৰ্ঘটনাত ৪ জন লোক আহত হয় । তেওঁলোকক ৰাজাৱদী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু তেতিয়ালৈকে দুজন লোকৰ মৃত্যু হয় ।
মুম্বাইত বৰষুণৰ বাবে ৰেড এলাৰ্ট-
ধাৰাসাৰ বৰষুণৰ বাবে মুম্বাইত জাৰি কৰা হৈছে ৰেড এলাৰ্ট । ইয়াৰ পূৰ্বে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছিল মহানগৰখনত । ইয়াৰ পিছত আই এম ডিয়ে ৰেড এলাৰ্টৰ বিষয়ে অৱগত কৰে । বি এম চিয়েও ইয়াৰ বিষয়ে এক্সত পোষ্ট কৰিছে । মুষলধাৰ বৰষুণৰ বাবে মায়ানগৰী মুম্বাইৰ বহু অঞ্চল পানীৰে ভৰি পৰিছে ।
লগতে পঢ়ক : আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস; ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ