অৰ্জুন টেণ্ডুলকাৰ

শীঘ্ৰেই বিবাহ পাশত আৱদ্ধ হ’ব শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ! মুম্বাইৰ সম্ভ্ৰান্ত পৰিয়ালৰ কইনাৰে বাগদান  

শীঘ্ৰেই বিবাহ পাশত আৱদ্ধ হ’ব অৰ্জুন টেণ্ডুলকাৰ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বহু ৰান সংগ্ৰহ কৰা ব্যক্তি শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰৰ ৰিং চেৰিমনি অনুষ্ঠিত হয়। মুম্বাইৰ সম্ভ্ৰান্ত পৰিয়াল ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন হয় অৰ্জুন তেণ্ডুলকাৰৰ। এই এংগেজমেণ্টত দুয়োটা

শীঘ্ৰেই বিবাহ পাশত আৱদ্ধ হ’ব অৰ্জুন টেণ্ডুলকাৰ

ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বহু ৰান সংগ্ৰহ কৰা ব্যক্তি শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰৰ ৰিং চেৰিমনি অনুষ্ঠিত হয়।

মুম্বাইৰ সম্ভ্ৰান্ত পৰিয়াল ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন হয় অৰ্জুন তেণ্ডুলকাৰৰ। এই এংগেজমেণ্টত দুয়োটা পৰিয়ালৰ ঘনিষ্ঠ সদস্য আৰু বন্ধু-বান্ধৱীয়ে অংশগ্ৰহণ কৰিছিল।

ঘাই পৰিয়ালটো মুম্বাইৰ এটা ডাঙৰ আৰু বিখ্যাত ব্যৱসায়িক পৰিয়াল। তেওঁ ইন্টাৰকন্টিনেণ্টেল মেৰিন ড্ৰাইভ হোটেল আৰু ব্ৰুকলিন ক্ৰীমেৰী (কম কেলৰিযুক্ত আইচক্ৰীম ব্ৰেণ্ড)ৰ মালিক।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ত অৰ্জুন টেণ্ডুলকাৰৰ প্ৰদৰ্শন অতি সীমিত আছিল কাৰণ তেওঁ সমগ্ৰ প্ৰতিযোগিতাখনত এখনো মেচ খেলাৰ সুযোগ নাপালে।

মুম্বাই ইণ্ডিয়ানছে (এম আই) ৩০ লাখ টকাৰ ভিত্তি মূল্যত তেওঁক মেগা নিলামত ক্ৰয় কৰিছিল, কিন্তু দল পৰিচালনাই তেওঁক প্লেইং এঘাৰত অন্তৰ্ভুক্ত কৰা নাছিল।

ইয়াৰ বাবেই তেওঁৰ নামত কোনো ৰান, উইকেট বা আন পৰিসংখ্যা লিপিবদ্ধ নহ’ল আৰু তেওঁ গোটেই ছিজনটো বেঞ্চত কটালে।

লগতে পঢ়ক: ‘আমাৰ সৈনিক ঘৰলৈ নাহে আৰু…’; এছিয়া কাপত ভাৰত-পাকিস্তানৰ খেলক লৈ খং উঠিল হৰভজন সিঙৰ