যান-বাহনৰ নিয়ম ভংগ কৰি বিপদত অক্ষয় কুমাৰ
বলীউডৰ অভিনেতা অক্ষয় কুমাৰে তেওঁৰ ছবি আৰু ভিডিঅ’ৰ বাবে প্ৰায়ে শিৰোনামত থাকে।বৰ্তমান অভিনেতাগৰাকীয়ে তেওঁৰ আগন্তুক ছবি ‘জলী এল এল বি ৩’ৰ বাবে চৰ্চা কৰিছে।
তাৰ মাজতে আন এটা খবৰ পোহৰলৈ আহিছে। যিটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে।আচলতে জম্মু ট্ৰেফিক পুলিচে আইনী সীমা উলংঘা কৰাৰ বাবে অভিনেতাগৰাকীৰ বিলাসী বাহনখন জব্দ কৰিছে।
দৰাচলতে এটা শ্ব’ৰুম উদ্বোধন কৰিবলৈ জম্মুলৈ গৈছিল অভিনেতা অক্ষয় কুমাৰ। তেওঁৰ অনুৰাগীসকলে ড’গ্ৰা চ’কত অৱস্থিত কল্যাণ জুৱেলাৰ্ছ শ্ব’ৰুমৰ উদ্বোধনী অনুষ্ঠানত অভিনেতাগৰাকীক আদৰণি জনাইছিল।
জম্মুবাসীয়ে তেওঁক বিশেষ আদৰণি জনোৱাৰ বাবে অভিনেতা গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে।অনুষ্ঠানৰ অন্তত অভিনেতাজনক তেওঁৰ ৰেঞ্জ ৰভাৰ এছ ইউ ভিখনত বিমানবন্দৰলৈ লৈ যোৱা হয় য’ৰ পৰা মুম্বাইলৈ যাবলগীয়া হয়।
অভিনেতা গৰাকীক নমাই গাড়ীখন উভতি অহাৰ সময়ত ট্ৰেফিক আৰক্ষীয়ে গাড়ীখন ৰখাই জব্দ কৰে কাৰণ গাড়ীখনত ক’লা আইনা লগোৱা আছিল।
আৰক্ষীয়ে কয় যে, ‘জম্মুত বাহনত ক’লা আইনা লগোৱা বা যিকোনো বাহনত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো অনুমোদিত নহয়।আমি SUV জব্দ কৰিছো কাৰণ আইন সকলোৰে বাবে একে’। অৱশ্যে এতিয়ালৈকে এই বিষয়ত অক্ষয় কুমাৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।