খেলপথাৰত নামিবলৈ সাজু বিৰাট কোহলী
ভাৰতৰ কোটি কোটি অনুৰাগীৰ বাবে আহি আছে এটা ভাল খবৰ।৮২টা শতক অৰ্জন কৰা বিৰাট কোহলীয়ে খেলপথাৰলৈ ঘূৰি আহিবলৈ কঠোৰ প্ৰস্তুতি চলাইছে।
অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে খেলপথাৰলৈ উভতি আহিছে বিৰাট কোহলী। গুজৰাট টাইটানছৰ সহকাৰী প্ৰশিক্ষক নয়ম আমিনৰ উপস্থিতিত লণ্ডনত অনুশীলন কৰিছে খেলুৱৈ গৰাকীয়ে।
উল্লেখ্য যে তাৰকা বেটচমেন গৰাকীয়ে টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে।অৱশ্যে বিৰাটে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা অব্যাহত ৰাখিব।
সম্প্ৰতি বিৰাট বিশ্বৰ একমাত্ৰ বেটছমেন যিয়ে শচীন টেণ্ডুলকাৰৰ ১০০টা আন্তঃৰাষ্ট্ৰীয় শতকৰ বিশ্ব অভিলেখ ভংগ কৰিব পাৰে।বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৮২টা শতক অৰ্জন কৰাৰ অভিলেখ কোহলীৰ হাতত আছে।
বিৰাট সেইজন বেটছমেন যি ৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত শচীন তেণ্ডুলকাৰৰ ৪৯টা শতকৰ মহান অভিলেখ ভংগ কৰি ইতিহাস ৰচনা কৰিছিল।
কোহলীৰ নাম ৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত ৫১টা শতক, টেষ্ট ক্ৰিকেটত ৩০ শতক আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১ শতক অৰ্জন কৰাৰ অভিলেখত অন্তৰ্ভূক্ত হৈ আছে।
কোহলীয়ে এখন ফটো শ্বেয়াৰ কৰি লিখিছে যে, হিটটোত সহায় কৰাৰ বাবে ধন্যবাদ ভাইটি।তোমাক দেখি সদায় ভাল লাগে। অনুশীলনৰ সময়ত আমিনৰ সৈতে তেওঁৰ ফটোও শ্বেয়াৰ কৰে।