AI ৰ জৰিয়তে সলনি হ’ল ক্লাইমেক্স
২০১৩ চনত ‘ৰানঝনা’ ছবিৰে বলীউডত প্ৰৱেশ কৰিছিল ধনুশে। এই ছবিখনত সোণম কাপুৰক তেওঁৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছিল আৰু দুয়োৰে যুটিটো দৰ্শকে যথেষ্ট ভাল পাইছিল।
ধনুশ আৰু সোণম কাপুৰৰ উপৰিও আনন্দ এল ৰায়ৰ পৰিচালনাত নিৰ্মিত ৰাণঝানা ছবিখনত অভয় দেওল, স্বৰা ভাস্কৰ, জীশন আয়ুবৰ দৰে অভিনেতাকো দেখা গৈছিল আৰু বক্স অফিচতো ছবিখন সফল বুলি প্ৰমাণিত হ’ল।
শেহতীয়াকৈ ছবিখনে এটা ডাঙৰ টুইষ্টৰ সৈতে পুনৰ মুক্তি লাভ কৰিছে।দৰাচলতে AI ব্যৱহাৰ কৰি ছবিখনৰ ক্লাইমেক্স সলনি কৰি পুনৰ মুক্তি দিছে, যিয়ে ছবিখনৰ পৰিচালক আনন্দ এল ৰায় আৰু নায়ক ধনুশক হতাশ কৰিছে।

শেহতীয়াকৈ ধনুশে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ছবিখনৰ পৰিৱৰ্তিত ক্লাইমেক্সক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল।
ধনুশে এক্স (পূৰ্বৰ টুইটাৰ)ত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত তেওঁ AIৰ জৰিয়তে ৰাণঝনাৰ ক্লাইমেক্স সলনি কৰাত হতাশা প্ৰকাশ কৰাৰ লগতে এটা ডাঙৰ ভৱিষ্যদ্বাণীও কৰে।
পোষ্টটোত ধনুশে লিখিছে-AIৰ জৰিয়তে ক্লাইমেক্স সলনি কৰি ‘ৰানঝনা’ৰ পুনৰ মুক্তিয়ে মোক সম্পূৰ্ণৰূপে বিচলিত কৰিছে।এই নতুন ক্লাইমেক্সে ছবিখনৰ আত্মা কাঢ়ি লৈ গৈছে।মোৰ স্পষ্ট আপত্তি সত্ত্বেও সংশ্লিষ্ট পক্ষই এই কাম কৰিলে।
ধনুষে তেওঁৰ পোষ্টত এআই সম্পৰ্কে এটা ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল আৰু ইয়াক ছবিখনৰ উত্তৰাধিকাৰৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰি আৰু লিখিছে-”এইখন সেইখন ছবি নহয়, যিখনৰ বাবে মই ১২ বছৰ আগতে কৰিবলৈ সন্মত হৈছিলো”।
” চিনেমা বা বিষয়বস্তু সম্পাদনা কৰিবলৈ এআই ব্যৱহাৰ কৰাটো শিল্প আৰু শিল্পীক, দুয়োৰে বাবে ই অতিশয় চিন্তাৰ বিষয়।ই কাহিনী কোৱাৰ কলা আৰু চিনেমাৰ উত্তৰাধিকাৰৰ প্ৰতি এয়া এক বৃহৎ ভাবুকি।ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধৰ বাবে কঠোৰ নিয়ম প্ৰণয়ন কৰা হ’ব বুলি মই আশাবাদী”।
লগতে পঢ়ক: ‘জীৱনৰ চুক্তি…’; চিকিৎসালয়ৰ পৰা ৰিলিজৰ পিছতে আছিফ খানৰ ডাঙৰ সিদ্ধান্ত