বিহাৰত বিদ্যুৎস্পৃষ্ট হৈ বল বমলৈ যোৱা ৫ জনৰ মৃত্যু
বিহাৰৰ ভাগলপুৰ জিলাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।জিলাখনৰ শ্বাহকুণ্ড অঞ্চলত বল বমলৈ যোৱা এখন ডিজে ভান এটা খাৱৈত বাগৰি পৰে।
এই দুৰ্ঘটনাত এতিয়ালৈকে ৫ জন লোকৰ মৃত্যু হৈছে আৰু ৩ জন লোক গুৰুতৰভাৱে আহত হয়।জানিব পৰা মতে ডিজে ভানখনত মুঠ ৯ জন লোকে যাত্ৰা কৰিছিল।
এই দুৰ্ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া বল বমলৈ যোৱা এটা দলে ডিজেৰ সৈতে গংগা স্নান কৰিবলৈ চুলতাংগঞ্জলৈ গৈ আছিল।
বাটত ডিজে লৈ যোৱা ভানখনৰ ওপৰৰ অংশটোৱে ওপৰেৰে পাৰ হৈ যোৱা হাই ভল্টেজৰ বিদ্যুতৰ তাঁৰত স্পৰ্শ কৰিলে।
যাৰ ফলত ডিজে বাহনখনৰ মাজেৰে কাৰেণ্ট পাৰ হৈ যায়। ইয়াৰ পিছত চালকে নিয়ন্ত্ৰণ হেৰুৱাই ভানখন খাৱৈত পৰি যায়।
ভানখন খাৱৈত পৰি যোৱাৰ লগে লগে বহু লোক তাৰ ভিতৰত আবদ্ধ হৈ পৰে। কিছুমান মানুহে জপিয়াই ওলাই আহি নিজৰ জীৱন ৰক্ষা কৰিলে।
দুৰ্ঘটনাটোৰ ফলত ৫ জনৰ মৃত্যু হোৱাৰ লগতে ৩ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাটোৰ পিছত স্থানীয় লোক সকল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আহত সকলক হাস্পতালত ভৰ্তি কৰাই।
লগতে পঢ়ক: বিমানত অতিৰিক্ত লাগেজক লৈ মাৰপিট; স্পাইচজেটৰ কৰ্মচাৰীক নিৰ্মমভাৱে প্ৰহাৰ সেনা বিষয়াৰ