ইউ এ ইত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫
কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫, তাকে লৈ উৎকণ্ঠিত হৈ আছে ক্ৰিকেট অনুৰাগী । ইয়াৰ মাজতে প্ৰকাশ কৰা হৈছে এছিয়া কাপৰ তাৰিখ । পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীয়ে ছ’চিয়েল মিডিয়াযোগে কয় যে এইবাৰ ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হ’ব পুৰুষৰ এছিয়া কাপ । ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে । এই প্ৰতিযোগিতাত দুয়োটা দলৰ মাজত এবাৰ বা দুবাৰ নহয় তিনিবাৰ সংঘৰ্ষ হ’ব পাৰে বুলি খবৰ প্ৰকাশ পাইছে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এপ্ৰিল মাহত ৰাজনৈতিক উত্তেজনা বৃদ্ধি পোৱাৰ পাছত এইখন হ’ব দুয়োটা দলৰ মাজত প্ৰথমখন মেচ ।
পিচিবিৰ অধ্যক্ষ মহছিন নাকৱীয়ে অফিচিয়েল মিডিয়া হেণ্ডেল এক্সত লিখিছে, ‘ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া এ চি চি পুৰুষ এছিয়া কাপ ২০২৫ৰ তাৰিখ ঘোষণা কৰি মই সুখী । এই সন্মানীয় প্ৰতিযোগিতাখন ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব । আমি ক্ৰিকেটৰ এক ডাঙৰ প্ৰদৰ্শন আশা কৰিছো ।’ আনুষ্ঠানিক আয়োজক হোৱাৰ পিছতো বি চি চি আইয়ে ইতিমধ্যে ইউ এ ইত প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ সন্মত হৈছিল । যিটো ভাৰত বা পাকিস্তান নিৰ্দিষ্ট আয়োজক হ’লে নিৰপেক্ষ স্থানত প্ৰতিযোগিতাখন আয়োজন কৰাৰ এ চি চিৰ নীতিৰ সৈতে মিল আছে ।
৮টা দলে অংশগ্ৰহণ কৰিব-
এছিয়া কাপত ৮টা দলে অংশগ্ৰহণ কৰিব । এই প্ৰতিযোগিতাক ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি-২০ বিশ্বকাপৰ পূৰ্বে প্ৰস্তুতিমূলক প্ৰতিযোগিতা হিচাপে দেখা গৈছে । যিখন ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিব । ভাৰত বৰ্তমান এছিয়া কাপৰ ডিফেণ্ডিং চেম্পিয়ন, ২০২৩ চনত ৰোহিত শৰ্মাৰ অধিনায়কত্বত খিতাপ দখল কৰিছিল দলটোৱে ।
টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব এছিয়া কাপ-
ভাৰত, শ্ৰীলংকা, পাকিস্তান, আফগানিস্তান, বাংলাদেশ, হংকং, ইউ এ ই আৰু ওমানৰ মাজত মুঠ ১৯খন খেল অনুষ্ঠিত হ’ব । ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপতে থকাৰ সম্ভাৱনা আছে, অৰ্থাৎ দুয়োটা দলে সম্ভৱতঃ তিনিবাৰকৈ মুখামুখি হ’ব । এবাৰ লীগ পৰ্যায়ত, তাৰ পিছত ছুপাৰ ৪ ৰাউণ্ডত আৰু তাৰ পিছত সম্ভৱতঃ ফাইনেলত । এই প্ৰতিযোগিতাখন টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব ।
৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা । প্ৰথমখন খেল আফগানিস্তান আৰু হংকঙৰ মাজত অনুষ্ঠিত হ’ব । ১০ ছেপ্টেম্বৰত ভাৰতৰ প্ৰথমখন মেচ হ’ব ইউ এ ইৰ বিৰুদ্ধে । ভাৰতৰ দ্বিতীয়খন খেল ১৪ ছেপ্টেম্বৰত পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । ভাৰতৰ তৃতীয়খন খেল ১৯ ছেপ্টেম্বৰত ওমানৰ বিৰুদ্ধে আছে ।
লগতে পঢ়ক : ১২ বছৰৰ পিছত ঘূৰি আহিব চেম্পিয়নছ লীগ, কেতিয়া অনুষ্ঠিত হ’ব আৰু কোনে কৰিব অংশগ্ৰহণ ?