শৰীৰৰ বাবে যথেষ্ট উপকাৰী
কল খোৱাৰ পিছত মানুহে তাৰ বাকলিটো জাবৰত পেলাই দিয়ে। সকলোৱে ভাবে যে কলৰ বাকলিৰ কোনো কাম নাই,কিন্তু আপুনি জানি আচৰিত হ’ব যে আপুনি কলৰ বাকলিৰ পৰা চাহ বনাই খাব পাৰে।
হয়, কলৰ বাকলিৰ চাহ স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই চাহ বনোৱাটো অতি সহজ আৰু ই শৰীৰক আচৰিত ধৰণৰ উপকাৰ দিব পাৰে।কলৰ বাকলিত বহুতো পুষ্টিকৰ উপাদান থাকে, যিবোৰে স্বাস্থ্যৰ উপকাৰ কৰে।
কলৰ বাকলিত প্ৰচুৰ পৰিমাণে ফাইবাৰ, পটাছিয়াম, মেগনেছিয়াম, ভিটামিন বি ৬, ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে।
ই শৰীৰৰ প্ৰদাহ কমায়, হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে আৰু টোপনি ভাল কৰে।ইয়াৰ উপৰিও কলৰ বাকলিত ট্ৰিপট’ফেন নামৰ এবিধ এমিনো এচিড পোৱা যায়, যিয়ে মেজাজ উন্নত কৰাৰ লগতে মানসিক চাপ কমোৱাত সহায় কৰে।
কেনেদৰে প্ৰস্তুত কৰিব এই চাহ
প্ৰথমে পকা কলখিনি ভালদৰে ধুই তাৰ বাকলিটো আঁতৰাই পেলাওক। এতিয়া এটা পাত্ৰত ১.৫ কাপ পানী উতলাই লওক।তাত কলৰ বাকলি কেইটা আৰু দালচেনি দিব।এতিয়া এই মিশ্ৰণটো কম জুইত ১০-১৫ মিনিট উতলাই লওক।
ইয়াৰ পিছত গেছটো বন্ধ কৰি চেঁকি লওক।সোৱাদ বঢ়াবলৈ ইয়াত মৌ বা কেইটোপালমান নেমু দিব পাৰে।এইদৰে আপোনাৰ বিশেষ কলৰ বাকলিৰ চাহ সাজু হৈছে।এতিয়া তাক সেৱন কৰিব পাৰিব।
কলৰ বাকলিৰ চাহ খোৱাৰ উপকাৰিতা
কলৰ বাকলিত থকা ট্ৰিপ্ট’ফেন আৰু মেগনেছিয়ামে টোপনি ভাল কৰে।এই দুয়োটা উপাদানে মগজুক শান্ত কৰাৰ লগতে শৰীৰক শিথিল কৰাত সহায় কৰে।যিসকলৰ অনিদ্ৰা বা সঘনাই সাৰ পোৱাৰ সমস্যা থাকে তেওঁলোকৰ বাবে এই চাহ উপকাৰী।
এই চাহত থকা ফাইবাৰে হজম শক্তি উন্নত কৰে।ই কোষ্ঠকাঠিন্য, গেছ আৰু এচিডিটি আদি সমস্যাৰ পৰা সকাহ দিয়ে।দৈনিক একাপ কলৰ বাকলিৰ চাহ খালে অন্ত্ৰ পৰিষ্কাৰ হয় আৰু মলত্যাগ সহজ হয়।
লগতে পঢ়ক: প্ৰতিদিনে খালী পেটত খাওঁক এইবিধ ফল; বৃদ্ধি পাব হজম শক্তি