ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, কিছু সময় পিছতে স্বাক্ষৰিত হ’ব এফ টি এ

ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰে বৃটেইনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী । কিছু সময় পূৰ্বে তেওঁ লণ্ডনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাত কৰে । কিছু সময় পিছতে ভাৰত আৰু ব্ৰিটেইনৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব, য’ত মুক্ত বাণিজ্য চুক্তি (এফ টি এ)

ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

দুদিনীয়া ভ্ৰমণসূচীৰে বৃটেইনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী । কিছু সময় পূৰ্বে তেওঁ লণ্ডনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাত কৰে । কিছু সময় পিছতে ভাৰত আৰু ব্ৰিটেইনৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব, য’ত মুক্ত বাণিজ্য চুক্তি (এফ টি এ) স্বাক্ষৰিত হ’ব ।

ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি (এফ টি এ)ৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছকো সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰিব । ভাৰত আৰু ব্ৰিটেইনৰ মাজত মুক্ত বাণিজ্য চুক্তিতো সাক্ষৰ হ’ব ।

এফ টি এ কি ?

এফ টি এ হৈছে দুখন দেশৰ মাজত ব্যৱসায় সহজ কৰি তোলাৰ চুক্তি । ইয়াৰ অধীনত দুয়োখন দেশে ইখনে সিখন দেশৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰা আমদানি শুল্ক, শুল্ক বা কৰ হ্ৰাস বা নাইকিয়া কৰে । তিনি বছৰ ধৰি ভাৰত আৰু ব্ৰিটেইনৰ মাজত এফ টি এৰ বাবে আলোচনা চলি আছিল ।

এই চুক্তিৰ জৰিয়তে কম হাৰত চামৰা, জোতা আৰু কাপোৰ ৰপ্তানি সম্ভৱ হ’ব আৰু ব্ৰিটেইনৰ পৰা হুইস্কি আৰু গাড়ী আমদানি সস্তা হ’ব । বুধবাৰে এফ টি এত অনুমোদন জনাই মোদী কেবিনেটে । এই চুক্তি স্বাক্ষৰ কৰাৰ পিছত ব্ৰিটিছ সংসদৰ অনুমোদন ল’ব লাগিব, তাৰ পিছত এই চুক্তি বলবৎ হ’ব ।

লগতে পঢ়ক : লণ্ডনত প্ৰধানমন্ত্ৰী মোদীক আদৰণি প্ৰৱাসী ভাৰতীয়ৰ