বিফল পাকিস্তানৰ মিছাইল পৰীক্ষণ
শেহতীয়াকৈ পাকিস্তানী সেনাই শ্বাহীন-৩ মিছাইল পৰীক্ষণ কৰে । কিন্তু পৰীক্ষণ দুৰ্ভাগ্যজনকভাৱে বিফল হয় । এই ক্ষেপণাস্ত্ৰ পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াব পৰাকৈ সক্ষম । বেলুচিস্তানৰ ডেৰা গাজী খান অঞ্চলৰ পৰা নিক্ষেপ কৰা এই ক্ষেপণাস্ত্ৰ অসামৰিক এলেকাৰ সমীপত পৰে । মঙলবাৰে এই তথ্য প্ৰদান কৰে বেলুচ নেতা মিৰ য়াৰ বালোচে ।
বেলুচ বিদ্ৰোহীয়ে বেলুচিস্তানক পাকিস্তানৰ অংশ বুলি গণ্য নকৰে আৰু পাকিস্তানে এই অঞ্চল দখল কৰাৰ বিৰোধিতা কৰে । বেলুচ নেতা মিৰ য়াৰ বালোচে এক্সত এটা পোষ্টত লিখিছে, “বেলুচ গণৰাজ্যই পাকিস্তানৰ বাৰে বাৰে ব্যৰ্থ ক্ষেপণাস্ত্ৰ পৰীক্ষাক তীব্ৰ গৰিহণা দিয়ে । পাকিস্তানে বেলুচিস্তানৰ ভূখণ্ডৰ অখণ্ডতা অহৰহ উলংঘা কৰি সাধাৰণ নাগৰিকৰ জীৱন বিপন্ন কৰি আহিছে ।”
তেওঁ কয়, ২২ জুলাইত পাকিস্তানৰ দখলদাৰী সেনাই ৰিপাব্লিক অৱ বেলুচিস্তানত ব্যৰ্থ মিছাইল পৰীক্ষণ চলাইছিল । স্থানীয় লোকে জনোৱা মতে, বেলুচিস্তানৰ ডেৰা গাজী খান অঞ্চলৰ পৰা এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল, যিটো ক্ষেপণাস্ত্ৰ অসামৰিক অঞ্চলৰ সমীপত লুপ ছাহৰানী লেভি ষ্টেচনৰ পৰা মাত্ৰ ৫০০ মিটাৰ উত্তৰত ভূপতিত হয় । যদিহে ক্ষেপণাস্ত্ৰটো সামান্যভাৱেও বিচ্যুত হ’লহেঁতেন তেন্তে ইয়াৰ ফলত যথেষ্ট লোকৰ মৃত্যু হোৱাৰ লগতে সা-সম্পত্তিৰ বিপুল ক্ষতি হোৱাৰ সম্ভাৱনা আছিল ।
তেওঁ কয়, এয়া একমাত্ৰ ঘটনা নহয় । পাকিস্তানী সেনাই দীৰ্ঘদিন ধৰি ক্ষেপণাস্ত্ৰ পৰীক্ষণক অজুহাত হিচাপে লৈ ডেৰা বুগটি, কাহান আৰু ইয়াৰ আশে-পাশে থকা কৌশলগত অঞ্চলৰ পৰা বেলুচ লোকসকলক বলপূৰ্বকভাৱে আঁতৰাই আহিছে । স্থানীয় লোকে ভয়-ভাবুকিৰ ঘটনাৰ খবৰ দিছে, যিয়ে এক অতি চিন্তনীয় দিশ আঙুলিয়াই দিয়ে । বলপূৰ্বক স্থানচ্যুতিৰ নীতি চৰকাৰী পৰ্যায়ত চলি আছে, যাতে সম্পদৰ শোষণৰ মুকলি হয় ।
লগতে পঢ়ক : হামাছৰ কামাণ্ডাৰ বশৰ থাবেটক হত্যা ইজৰাইলৰ; ৭৫টা সন্ত্ৰাসবাদীৰ স্থানত আক্ৰমণ