লুকাই নাথাকিব কোনো প্ৰাকৃতিক দুৰ্যোগ…

লুকাই নাথাকিব কোনো প্ৰাকৃতিক দুৰ্যোগ… ৩০ তাৰিখে উৎক্ষেপণ কৰা হ’ব পৃথিৱীৰ ৰক্ষক উপগ্ৰহ

লুকাই নাথাকিব কোনো প্ৰাকৃতিক দুৰ্যোগ মানৱ ইতিহাসৰ আটাইতকৈ শক্তিশালী উপগ্ৰহ নিছাৰ (NISAR Mission) ২০২৫ চনৰ ৩০ জুলাইৰ সন্ধিয়া ৫:৪০ বজাত উৎক্ষেপণ কৰা হ’ব । শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এই উপগ্ৰহ উৎক্ষেপণ কৰা হ’ব । এই উপগ্ৰহটো ভাৰতীয় মহাকাশ সংস্থা ইছৰো আৰু আমেৰিকান মহাকাশ

লুকাই নাথাকিব কোনো প্ৰাকৃতিক দুৰ্যোগ

মানৱ ইতিহাসৰ আটাইতকৈ শক্তিশালী উপগ্ৰহ নিছাৰ (NISAR Mission) ২০২৫ চনৰ ৩০ জুলাইৰ সন্ধিয়া ৫:৪০ বজাত উৎক্ষেপণ কৰা হ’ব । শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এই উপগ্ৰহ উৎক্ষেপণ কৰা হ’ব । এই উপগ্ৰহটো ভাৰতীয় মহাকাশ সংস্থা ইছৰো আৰু আমেৰিকান মহাকাশ সংস্থা নাছাই যৌথভাৱে নিৰ্মাণ কৰিছে । এই একক উপগ্ৰহটোৱে সমগ্ৰ বিশ্বতে সংঘটিত হোৱা যিকোনো ধৰণৰ দুৰ্যোগৰ তথ্য দিবলৈ সক্ষম ।

মহাকাশত নিয়োজিত হ’বলগীয়া এই উপগ্ৰহটোৱে ভূমিকম্প, ভূমিস্খলন, বনজুই, বৰষুণ, ঘূৰ্ণীবতাহ, হাৰিকেন, বিজুলী, আগ্নেয়গিৰিৰ বিস্ফোৰণ, টেকটনিক প্লেটৰ গতি… সকলোৰে ওপৰত চকু ৰাখিব । এই প্ৰাকৃতিক পৰিঘটনাবোৰ ঘটাৰ আগতেই ই সতৰ্ক কৰি দিব ।

উৎক্ষেপণৰ পিছত নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰে (NISAR) আগন্তুক ভূমিকম্পৰ বিষয়ে সমগ্ৰ বিশ্বক অৱগত কৰিব । নিছাৰে চেণ্টিমিটাৰ স্তৰলৈকে টেকটনিক প্লেটৰ গতিবিধি ৰেকৰ্ড কৰিবলৈ সক্ষম হ’ব । কম বেছি পৰিমাণে ক’ত আৰু কেতিয়া ভূমিকম্প হ’ব পাৰে সেই কথা ক’ব এই উপগ্ৰহে । ই ১২ দিনত পৃথিৱীৰ এটা ৰাউণ্ড সম্পূৰ্ণ কৰিব ।

নিছাৰ উপগ্ৰহত থাকিব এটা বৃহৎ মূল বাছ, য’ত থাকিব বহুতো যন্ত্ৰ । ট্ৰেন্সপণ্ডাৰ, টেলিস্কোপ আৰু ৰাডাৰ ব্যৱস্থা থাকিব । তাৰ পৰা এটা বাহু ওলাই আহিব, তাৰ ওপৰত এটা চিলিণ্ডাৰ থাকিব । এই চিলিণ্ডাৰটো উৎক্ষেপণৰ কেইঘণ্টামান পিছত খোল খাব আৰু ইয়াৰ পৰা ডিচ এন্টেনাৰ দৰে এটা ডাঙৰ ছাতি ওলাই আহিব । এই ছাতিটোৱেই হৈছে কৃত্ৰিম এপাৰচাৰ ৰাডাৰ ।

প্ৰতি ১২ দিনৰ মূৰে মূৰে পৃথিৱীৰ নতুন প্ৰতিবেদন উপলব্ধ হ’ব-

নিছাৰৰ এপ্লিকেচন মুৰব্বী কেথলিন জ’নে কয় যে মাত্ৰ ১২ দিনৰ ভিতৰতে নিছাৰে দ্বিতীয়টো কক্ষপথ নিৰ্মাণ কৰিব । এই দিনৰ ব্যৱধানত পৃথিৱীৰ পৃষ্ঠত হোৱা পৰিৱৰ্তনৰ কথা গম পোৱা যাব । কোনখন দেশত কেনেধৰণৰ বতৰ আছে বা কেনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা আছে আমি সঠিকভাৱে জানিব পাৰিম ।

এই উপগ্ৰহটো GSLV-MK2 ৰকেট ব্যৱহাৰ কৰি উৎক্ষেপণ কৰা হ’ব । শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো উৎক্ষেপণ স্থানৰ পৰা এই উৎক্ষেপণ কৰা হ’ব । এই উপগ্ৰহ আৰু পেলোডসমূহ কেইবাবাৰো পৰীক্ষা কৰা হৈছে ।

কি কৰিব নিছাৰে ?

এই উপগ্ৰহটোৱে বিশ্বক প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰিব । ই পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ । ইয়াক নিৰ্মাণ কৰিবলৈ ১০ হাজাৰ কোটি টকা খৰচ হৈছে । ইয়াৰ জৰিয়তে টৰ্নেডো, ধুমুহা, আগ্নেয়গিৰি, ভূমিকম্প, হিমবাহ গলি যোৱা, সাগৰীয় ধুমুহা, বনজুই, সাগৰৰ জলপৃষ্ঠ বৃদ্ধিকে ধৰি বহু দুৰ্যোগৰ সতৰ্কবাণী দিয়া হ’ব ।

মহাকাশত পৃথিৱীৰ চাৰিওফালে জমা হোৱা আৱৰ্জনা আৰু মহাকাশৰ পৰা পৃথিৱীলৈ অহা বিপদৰ তথ্যও নিছাৰে দি থাকিব ।

লগতে পঢ়ক : সূৰ্য্য নুমাই গ’লে অন্ত পৰিব নেকি সৌৰজগতৰ ? কি হ’ব পৃথিৱীৰ ?