'ছাইয়াৰা'

বক্স অফিচক ‘ছাইয়াৰা’ৰ খলকনি; তিনি দিনতে গঢ়িলে অভিলেখ

বক্স অফিচক ‘ছাইয়াৰা’ৰ খলকনি মোহিত সূৰীৰ ৰোমান্টিক ছবি ‘ছাইয়াৰা’ই বক্স অফিচত খলকনিৰ সৃষ্টি কৰিছে। এই ছবিখন এখন সুন্দৰ প্ৰেম কাহিনী হোৱাৰ বাবে দৰ্শকে যথেষ্ট ভাল পাইছে। আৰু এই সন্দৰ্ভত অনুৰাগীৰ মাজত প্ৰচণ্ড উন্মাদনা দেখা গৈছে।যাৰ বাবেই বক্স অফিচত ছবিখনে যথেষ্ট ভাল উপাৰ্জনো কৰিছে। আহান পাণ্ডে

বক্স অফিচক ‘ছাইয়াৰা’ৰ খলকনি

মোহিত সূৰীৰ ৰোমান্টিক ছবি ‘ছাইয়াৰা’ই বক্স অফিচত খলকনিৰ সৃষ্টি কৰিছে। এই ছবিখন এখন সুন্দৰ প্ৰেম কাহিনী হোৱাৰ বাবে দৰ্শকে যথেষ্ট ভাল পাইছে।

আৰু এই সন্দৰ্ভত অনুৰাগীৰ মাজত প্ৰচণ্ড উন্মাদনা দেখা গৈছে।যাৰ বাবেই বক্স অফিচত ছবিখনে যথেষ্ট ভাল উপাৰ্জনো কৰিছে।

আহান পাণ্ডে আৰু অনীত পাড্ডা অভিনীত ছবিখনে মুক্তিৰ তৃতীয় দিনটোতে বিশাল সংগ্ৰহৰ জৰিয়তে সকলোকে আচৰিত কৰি তুলিছে।

মুক্তিৰ প্ৰথম দুদিনতে বক্স অফিচত প্ৰায় ৫০ কোটি টকা লাভ কৰা ছবিখনে তৃতীয় দিনা আলোড়নৰ সৃষ্টি কৰিছে। তৃতীয় দিনা ছবিখনে ঘৰুৱা বক্স অফিচত আনুমানিক ৩৫ কোটি টকাৰ ব্যৱসায় কৰিছে, যিটো বিগত দিনৰ তুলনাত সৰ্বাধিক।

মুক্তিৰ প্ৰথম সপ্তাহতে বক্স অফিচত ছবিখনে এক প্ৰচণ্ড চুনামী সৃষ্টি কৰা দেখা গ’ল। মুক্তিৰ প্ৰথম তিনিদিনতে ইমান বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰি এই ছবিখনে সেই কথা প্ৰমাণ কৰিছে যে, অনাগত দিনত ছবিখনৰ ধমাল আৰু অধিক হ’ব।

দেওবাৰৰ সংগ্ৰহ যদি যোগ কৰা হয়, তেন্তে এতিয়ালৈকে এই ছবিখনে বক্স অফিচত ৮০ কোটিতকৈ অধিক নেট উপাৰ্জন কৰিছে।

এইদৰে ছবিখনে এতিয়ালৈকে বক্স অফিচত নিজৰ উপাৰ্জনৰ ধাৰা অব্যাহত ৰাখিছে।মুঠতে বলীউডৰ পৰৱৰ্তী ব্লকবাষ্টাৰ ছবি হ’বলৈ সাজু হৈছে ছাইয়াৰা।

লগতে পঢ়ক: লিপ ফিলিং কৰি বিপদত উৰ্ফি জাভেদ; অন কেমেৰাতে ফুলি গ’ল ওঁঠ