আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন
আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। পেহেলগাম কাণ্ডৰ পৰা ডনাল্ড ট্ৰাম্পৰ দাবী লৈকে বহুকেইটা স্পৰ্শকাতৰ বিষয় উত্থাপনেৰে উত্তাল হ’ব সদন।
বিশেষকৈ পহলগামৰ আক্ৰমণ আৰু অপাৰেচন সিন্দূৰক লৈ শাসক পক্ষৰ পৰা উত্তৰ বিচাৰিব বিৰোধীয়ে। এই অধিৱেশনত ৫১ টা ৰাজনৈতিক দলৰ ৫৪ গৰাকী সাংসদে অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে বিহাৰৰ ভোটাৰ তালিকা বিশেষ নিবিড় পুনৰীক্ষণ (SIR), পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ, অপাৰেশ্যন সেন্দুৰৰ আৰু আহমেদাবাদ বিমান দুৰ্ঘটনা আদি গুৰুত্বপূৰ্ণ বিষয়ত বিৰোধী দলসমূহে মোদী চৰকাৰক শলঠেকত পেলাবলৈ চেষ্টা কৰিব।
নিয়ম অনুসৰি প্ৰতিটো বিষয়তে আলোচনা কৰিবলৈ সাজু চৰকাৰ।কেন্দ্ৰীয় চৰকাৰে এই বৰ্ষাকালীন অধিৱেশনত ১৬ খনকৈ বিল উত্থাপন কৰিব। ২১ জুলাইৰ পৰা ২১ আগষ্টলৈকে এমাহ জুৰি চলিব এই অধিৱেন।
সংসদৰ অধিৱেশনৰ প্ৰথম দিনা পুৱা প্ৰায় ১০.১৫ বজাত প্ৰথাগত বক্তব্য প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে।কংগ্ৰেছৰ সাংসদ সুখদেৱ ভগতে কয়, ‘এই সংসদ অধিৱেশনত আমি আশা কৰিছো যে চৰকাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে আলোচনা কৰিব, যুদ্ধবিৰতি কেনেকৈ চুক্তিবদ্ধ হ’ল, আৰু সাংসদসকলৰ বিশ্বব্যাপী প্ৰচাৰৰ বিষয়ে আলোচনা কৰিব (অপাৰেচন সিন্দুৰৰ ওপৰত)’।
‘আমি যেতিয়া সংসদৰ বিশেষ অধিৱেশনৰ দাবী জনাইছিলো তেতিয়া চৰকাৰে তেনে কৰা নাছিল। যিবোৰ বিষয়ত আলোচনা হ’ব লাগিছিল, সেইবোৰ হ’ল – বিহাৰত ভোটাৰ টেষ্ট ৰিভিউ, ট্ৰাম্পৰ দাবী (ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি স্থাপনৰ) আৰু মণিপুৰৰ পৰিস্থিতি।
লগতে পঢ়ক: বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি চৰকাৰে আহ্বান কৰিছে সৰ্বদলীয় বৈঠক; কিৰেন ৰিজিজুৱে কৰিব অধ্যক্ষতা