উত্তৰাখণ্ড চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
উত্তৰাখণ্ড চৰকাৰে ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয়তে এক নতুন পদক্ষেপ আৰম্ভ কৰিছে।এতিয়া প্ৰতিদিনে প্ৰাৰ্থনা সভাৰ সময়ত শ্ৰীমদ্ভাগৱত গীতাৰ এটা শ্লোক আবৃত্তি কৰা হ’ব।
ৰাজ্যখনৰ মাধ্যমিক শিক্ষা সঞ্চালক ড০ মুকুল কুমাৰ সতিয়ে সকলো মুখ্য শিক্ষা বিষয়ালৈ এই আদেশ প্ৰেৰণ কৰিছে।
এই আদেশ অনুসৰি শ্লোকসমূহৰ অৰ্থ আৰু ইয়াৰ বৈজ্ঞানিক গুৰুত্বও ছাত্ৰ-ছাত্ৰীসকলক বুজাই দিয়া হ’ব, যাতে তেওঁলোকে কেৱল মুখস্থ কৰাৰ পৰিৱৰ্তে ইয়াৰ প্ৰকৃত অৰ্থ জানিব পাৰে।
এই পদক্ষেপৰ লক্ষ্য হৈছে আধুনিক শিক্ষাৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলক ভাৰতীয় পৰম্পৰাগত জ্ঞান ব্যৱস্থা প্ৰদান কৰা।
ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ গঠন, নৈতিক মূল্যবোধ, আত্মনিয়ন্ত্ৰণ, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু বৈজ্ঞানিক চিন্তাধাৰা শক্তিশালী হ’ব।
প্ৰতি সপ্তাহত এটা ‘সপ্তাহৰ শ্লোক’ সিদ্ধান্ত লোৱা হ’ব, যিটো অৰ্থসহ বিদ্যালয়ৰ জাননী ফলকত লিখা হ’ব।সপ্তাহৰ শেষত সেই শ্লোকটো শ্ৰেণীত আলোচনা কৰা হ’ব আৰু ছাত্ৰ-ছাত্ৰীৰ পৰা মতামত লোৱা হ’ব।
শিক্ষকসকলক সময়ে সময়ে গীতাৰ নীতিসমূহ ছাত্ৰ-ছাত্ৰীক বুজাবলৈ আৰু এইবোৰ জীৱনত কেনেকৈ উপযোগী হ’ব পাৰে।
নিৰ্দেশনাটোত এইটোও কোৱা হৈছে যে, গীতাৰ শিক্ষা কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰা চাব নালাগে, তাৰ সলনি ইয়াক মনোবিজ্ঞান, আচৰণ বিজ্ঞান আৰু নৈতিক দৰ্শনৰ দৃষ্টিকোণৰ পৰাও চাব লাগে।
এই পদক্ষেপ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ লক্ষ্যৰ সৈতে মিল আছে, য’ত ইয়াক আধুনিক শিক্ষাৰ সৈতে পৰম্পৰাগত ভাৰতীয় জ্ঞানক সংযোগ কৰা বুলি কোৱা হৈছে।
ইতিমধ্যে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পূষ্কৰ সিং ধামীয়ে গীতা আৰু ৰামায়ণৰ পাঠদান ৰাজ্যিক পাঠ্যক্রমত অন্তর্ভুক্ত কৰিবলৈ নির্দেশ দিছিল৷
লগতে পঢ়ক: ISRO ত যোগদান কৰিব বিচাৰিছে নেকি ? জানি লওক কেনেদৰে কৰিব অধ্যয়ন