পৃথিৱী পালেহি ভাৰত সন্তান শুভাংশু শুক্লা
১৮ দিনীয়া আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS) ভ্ৰমণ শেষ কৰি অৱশেষত পৃথিৱী পালেহি ভাৰতৰ সন্তান শুভাংশু শুক্লা।
ইতিহাস সৃষ্টি কৰি এক্সিয়াম-৪ অভিযানৰ অধীনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা শুভাংশু শুক্লা আন ৩ জন মহাকাশচাৰীৰ সৈতে পৃথিৱীলৈ উভতি আহিছে।
চাৰিজন মহাকাশচাৰীক কঢ়িয়াই অনা স্পেচএক্সৰ ড্ৰেগন মহাকাশযানখন ভাৰতৰ সময় অনুসৰি বিয়লি ৩.০১ বজাত আমেৰিকাৰ কেলিফৰ্ণিয়া ৰাজ্যৰ ছান ডিয়েগোৰ উপকূলৰ প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰে।
এই কেপচুলটো ৪টা পেৰাচুটৰ সহায়ত সাগৰত অৱতৰণ কৰে।এতিয়া কেপচুলটো পানীৰ পৰা আঁতৰাই বিশেষ ৰিকুৱেৰি জাহাজত ৰখা হৈছে, য’ৰ পৰা মহাকাশচাৰীসকলক কেপচুলৰ পৰা উলিয়াই অনা হ’ব।
এক্সিয়াম-৪ৰ চাৰিওজন ক্ৰু মেম্বাৰৰ বাবে জাহাজখনতে কেইবাটাও চিকিৎসা পৰীক্ষা কৰা হ’ব। ইয়াৰ পিছত হেলিকপ্টাৰে তেওঁলোকক লৈ যোৱা হ’ব।
শুভাংশ শুক্লাৰ সৈতে আৰু তিনিজন মহাকাশচাৰী এই অভিযানত গৈছিল।নাছাৰ প্ৰাক্তন মহাকাশচাৰী আৰু এক্সিয়াম স্পেচৰ মানৱ মহাকাশ উৰণৰ পৰিচালক পেগী হুইটছন আছিল এই অভিযানৰ অধিনায়ক ।
ড্ৰেগন মহাকাশযানখনে প্ৰায় ২২-২৩ ঘণ্টা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ যাত্ৰা কৰি কেলিফৰ্ণিয়া উপকূলত অৱতৰণ কৰিছে।
লগতে পঢ়ক: সপোন পূৰণ হ’ল এলন মাস্কৰ; ভাৰতত মুকলি হ’ল প্ৰথমটো টেছলাৰ শ্ব’ৰুম