উইম্বলডনত ক্ৰিকেট তাৰকাৰ সমাহাৰ
বৰ্তমান বছৰৰ তৃতীয়খন গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতা উইম্বলডন চলি আছে । ক্ৰিকেট জগতৰ বহু কিংবদন্তি এই প্ৰতিযোগিতালৈ আহিছে । সোমবাৰে ভাৰতীয় দলৰ কিংবদন্তি বেটছমেন বিৰাট কোহলী পত্নী অনুষ্কা শৰ্মাৰ সৈতে উপস্থিত হয় । তেওঁলোকৰ বাহিৰেও ক্ৰীড়া জগতৰ আন তাৰকাসকলকো এই প্ৰতিযোগিতাত উপস্থিত থকা পৰিলক্ষিত হয় ।
বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা-
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী সোমবাৰে ন’ভাক জ’কভিচ আৰু এলেক্স ডি মিনাউৰৰ মাজত অনুষ্ঠিত খেলখন চাবলৈ উপস্থিত হয় । তেওঁৰ লগতে পত্নী অনুষ্কা শৰ্মাকো দেখা যায় । ১-৬, ৬-৪, ৬-৪, ৬-৪ ব্যৱধানত এই মেচত জয়লাভ কৰি জ’কভিচ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । ছাৰ্বিয়াৰ এই কিংবদন্তি খেলুৱৈগৰাকীয়ে ৬৩ সংখ্যকবাৰৰ বাবে গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলিব । জ’কভিচৰ খেল দেখি মোহিত হয় বিৰাট কোহলী । মেচখনৰ পাছত কোহলীয়ে ইনষ্টাগ্ৰামত জ’কভিচক প্ৰশংসা কৰে । কিং কোহলীয়ে লিখিছে, ‘কি মেচ! গ্লেডিয়েটৰ (জোকভিচ)ৰ বাবেও সদায়ৰ দৰেই সাধাৰণ কথা আছিল ।’
জো ৰুট আৰু কেৰী কট্ৰেল-
ইংলেণ্ডৰ তাৰকা বেটছমেন জো ৰুটক বৰ্তমান ভাৰতৰ বিৰুদ্ধে চলি থকা পাঁচখন খেলৰ টেষ্ট শৃংখলাত খেলা দেখা গৈছে । অৱশ্যে তেওঁ পত্নী কেৰী কট্ৰেলৰ সৈতে উইম্বলডন উপভোগ কৰিবলৈ সময় উলিয়াইছে । ইয়াৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এতিয়া বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয়খন টেষ্টত খেলা দেখা যাব ৰুটক ।
জেমছ এণ্ডাৰছন আৰু ডেনিয়েলা লয়ড এণ্ডাৰছন-
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা মহান বলাৰ জেমছ এণ্ডাৰছনো উইম্বলডনত উপস্থিত হয় । তেওঁৰ সৈতে তেওঁৰ পত্নী ডেনিয়েলা লয়ড এণ্ডাৰছনকো দেখা যায় । ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁলোকৰ ছবি ।
বেন ষ্টোকছ-ক্লেয়াৰ ৰেটক্লিফ–
ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছো ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ পৰা সময় উলিয়াই উইম্বলডন উপভোগ কৰে । তেওঁৰ সৈতে তেওঁৰ পত্নী ক্লেয়াৰ ৰেটক্লিফকো দেখা গৈছিল । বৰ্তমান দুয়োটা দলৰ মাজত পাঁচখন খেলৰ টেষ্ট শৃংখলা ১-১ ব্যৱধানত সমতাত আছে । ১০ জুলাইৰ পৰা লৰ্ডছত আৰম্ভ হ’ব তৃতীয়খন টেষ্ট ।
ব্রায়ান লাৰা আৰু ঋষভ পন্ট-
ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি বেটছমেন ব্রায়ান লাৰা আৰু ভাৰতীয় দলৰ তাৰকা উইকেটকীপাৰ বেটছমেন ঋষভ পন্টো উইম্বলডনত উপস্থিত হয় ৷ এই সময়ছোৱাত দুয়োকে চুট আৰু বুট পিন্ধা দেখা গৈছিল ।
লগতে পঢ়ক : লৰ্ডছত প্ৰকৃত পৰীক্ষাত অৱতীৰ্ণ হ’ব ভাৰত ! টিম ইণ্ডিয়াৰ অভিলেখে বৃদ্ধি কৰিব চিন্তা