হঠাৎ ২৬০০০ ফুট তললৈ নামি আহিল জাপান এয়াৰলাইন্সৰ বয়িং বিমান
জাপানত আন এখন বয়িং ৭৩৭ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে । এই বয়িং বিমানখন চীনৰ পৰা জাপানৰ ৰাজধানী টকিঅ’লৈ উৰা মাৰিছিল । চাংহাইত বিমানখন উৰণৰ লগে লগে সমস্যাৰ সৃষ্টি হয় আৰু হঠাতে তললৈ নামিবলৈ ধৰে । প্ৰায় ২৬ হাজাৰ ফুট উচ্চতাৰ পৰা বিমানখন তললৈ নামি যোৱা দেখি যাত্ৰীসকলে পৰিয়াললৈ শেষ বাৰ্তা লিখে । অৱশ্যে শেষত বিমানখন নিৰাপদে অৱতৰণ কৰে ।
বিমানত ১৯১ জন যাত্ৰী আছিল-
চাউথ চাইনা মৰ্নিং পোষ্টৰ তথ্য অনুসৰি এই বয়িং বিমানখনত ১৯১ জন যাত্ৰী আছিল । ক্ৰু সদস্যসকলক সামৰি প্ৰায় ২০০ জন আছিল । যাত্ৰীসকলৰ অধিকাংশই আছিল চীনৰ, যিসকলে জাপানৰ টকিঅ’লৈ গৈছিল ।
জাপান চৰকাৰৰ মতে, কেবিনত কিছু কাৰিকৰী ত্ৰুটি আছিল, যিটো পাইলটসকলে ঠিক কৰিবলৈ চেষ্টা কৰিছিল । এই সময়ছোৱাত বিমানখন ২৬০০০ ফুট উচ্চতাৰ পৰা ১০ মিনিটত তললৈ নামি আহে ।
প্ৰাথমিক বাতৰি অনুসৰি যেতিয়া বিমানখনে কেবিনত বায়ুৰ চাপ বজাই ৰখা ব্যৱস্থাত হোৱা ত্ৰুটিৰ বিষয়ে সতৰ্কবাণী জাৰি কৰিছিল, তেতিয়া পাইলটসকলে বিমান পৰিবহণ নিয়ন্ত্ৰকৰ সৈতে যোগাযোগ কৰিছিল ।
এয়াৰ হোষ্টেছৰ সতৰ্কবাণীৰ বাবে আতংক-
বিমানখন তললৈ নমোৱাৰ লগে লগে এয়াৰ হোষ্টেছে সতৰ্কবাণী জাৰি কৰে । সতৰ্কবাণী শুনাৰ লগে লগে বিমানখনত আতংকৰ সৃষ্টি হয় । যাত্ৰীসকলৰ মাজত চিঞৰ-বাখৰ সৃষ্টি হয় । লগে লগে একাংশ লোকে ছচিয়েল মিডিয়াত পোষ্ট কৰিবলৈ আৰম্ভ কৰে । একে সময়তে একাংশ লোকে নিজৰ শেষ বাৰ্তা লিখিবলৈ আৰম্ভ কৰে ।
বিমানখন অৱতৰণ কৰাৰ পিছত প্ৰায় ১ ঘণ্টা ধৰি বিমানখন যিদৰে আছিল তেনেদৰেই ৰখা হৈছিল । ইয়াৰ পিছতহে খালী কৰা হৈছিল ।
একে সময়তে জাপান এয়াৰলাইন্সে কয় যে তেওঁলোকে সকলো যাত্ৰীক ক্ষতিপূৰণ হিচাপে প্ৰায় ১০ হাজাৰ টকা আগবঢ়াইছে । ইয়াৰ বাবে দুখ প্ৰকাশ কৰিছে বিমান সংস্থাটোৱে ।
লগতে পঢ়ক : অৱতৰণৰ সময়তে ৰাণৱে’ত পিছলিল যাত্ৰীবাহী বিমান; কথমপি প্ৰাণৰক্ষা ১৬৩ গৰাকী যাত্ৰীৰ