ডাৱৰ বিস্ফোৰণৰ ভয়ংকৰ ৰূপ
হিমাচল প্ৰদেশৰ মাণ্ডিত ডাৱৰ বিস্ফোৰণে ভয়ংকৰ ধ্বংসলীলাৰ সৃষ্টি কৰিছে । এই লোকচান প্ৰায় ৮০০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে । মাণ্ডিৰ কাৰ্ছগ আৰু ধৰমপুৰত ডাৱৰ বিস্ফোৰণৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৬ জন নিৰুদ্দেশ হৈছে । একে সময়তে ১১৭ জন লোকক উদ্ধাৰ কৰা হৈছে । ৰাস্তা, দলং, কালভাৰ্ট জাহ গৈছে আৰু এই বিপৰ্যয়জনক বৰষুণ এতিয়াও বন্ধ হোৱা নাই ।
এই ঘটনাত ১৮টা ঘৰৰ ক্ষতিসাধন, ১২টা গোশালা আৰু ৩০টা গৰু জাহ গৈছে । এই তথ্য দুপৰীয়া ১ বজালৈকে । মাণ্ডি জিলাৰ বহু ঠাইত সংঘটিত হৈছে এই জাৱৰ বিস্ফোৰণ । গোহৰ অঞ্চলৰ ৪ টা স্থানত ডাৱৰ বিস্ফোৰণ হয় য’ত ২ টা ঘৰ ধ্বংস হয় । বহু লোকক নিৰাপদে উলিয়াই অনা হৈছে যদিও এতিয়াও বহু লোক নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে । ধৰমপুৰত ডাৱৰ বিস্ফোৰণ ঘটাত ৬টা ঘৰ বানত ডুব গৈছিল । ৮ গোশালাও ধ্বংস হয় । হিমাচল প্ৰদেশৰ মাণ্ডি জিলা বাৰিষাৰ দুৰ্যোগৰ কেন্দ্ৰবিন্দু হৈয়েই আছে ।
এইবাৰ হিমাচল প্ৰদেশত যি ধ্বংসলীলা দেখা গৈছে, সেই মাত্ৰাত প্ৰথম দুসপ্তাহত প্ৰায় ৮০০ কোটি টকাৰ ক্ষয়-ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে । জুন মাহত ৩৭ শতাংশ অধিক বৰষুণ হোৱাৰ লগতে বাৰিষা ৬ জুলাইলৈকে চলি থাকিব । ২ আৰু ৩ জুলাইত বেছিভাগ অঞ্চলতে বৰষুণ হ’ব ।
ৰাজ্যখনৰ মাণ্ডি, কাংগৰা, বিলাসপুৰ, হামিৰপুৰ, চাম্বা, সোলান আৰু শিমলা জিলাত গড়তকৈ অধিক বৰষুণৰ তথ্য পোৱা গৈছে, য’ত মাণ্ডি জিলাৰ পাণ্ডোহত ১২৩ মিলিমিটাৰ, মাণ্ডিত ১২০ মিলিমিটাৰ, শিমলাত ১১০ মিলিমিটাৰ আৰু পালামপুৰত ৮০ মিলিমিটাৰ বৰষুণ হৈছে । উনা, বিলাসপুৰ, হামিৰপুৰ আৰু কুল্লু জিলাত ধাৰাসাৰ বৰষুণৰ বাবে য়েল্ল এলাৰ্ট জাৰি কৰাৰ বিপৰীতে উনা, বিলাসপুৰ, মাণ্ডি, হামিৰপুৰ, চাম্বা আৰু কংগ্ৰাৰ একাংশ অঞ্চলত ধাৰাসাৰ বৰষুণৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ।
লগতে পঢ়ক : ফাৰ্মা প্লান্টত ভয়ংকৰ বিস্ফোৰণত নিহত ৮; আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ