আধাৰ কাৰ্ড

আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা ; ‘১৮ বছৰৰ ওপৰৰ লোকে নাপাব…’

আধাৰ কাৰ্ডক লৈ কঠোৰ নিৰ্দেশনা আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ নিয়ম ঘোষণা কৰিছে। এতিয়াৰে পৰা আপুনি মন গ’লেই য’তে ত’তে বনাব নোৱাৰিব আধাৰ কাৰ্ড। শুকুৰবাৰে কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেলত কৈছে যে, এতিয়াৰে পৰা ৰাজ্যত ১৮ বছৰৰ ওপৰৰ কোনো লোকে

আধাৰ কাৰ্ডক লৈ কঠোৰ নিৰ্দেশনা

আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ নিয়ম ঘোষণা কৰিছে। এতিয়াৰে পৰা আপুনি মন গ’লেই য’তে ত’তে বনাব নোৱাৰিব আধাৰ কাৰ্ড।

শুকুৰবাৰে কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেলত কৈছে যে, এতিয়াৰে পৰা ৰাজ্যত ১৮ বছৰৰ ওপৰৰ কোনো লোকে নাপাব আধাৰ । আধাৰ কেন্দ্ৰ বা আন কেন্দ্ৰত নাপাব আধাৰ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,বহু অবৈধ বাংলাদেশীৰ হাতত আছে আধাৰ। যাৰ বাবে চৰকাৰে ললে এই বৃহৎ সিদ্ধান্ত। এতিয়াৰে পৰা ১৮ বছৰৰ ওপৰৰ লোক সকলে আধাৰ উলিয়াবলৈ হ’লে জিলা আয়ুক্তইৰ ওচৰলৈ যাব লাগিব। মাত্ৰ জিলা আয়ুক্তই হে দিব পাৰিব আধাৰ।

জিলা আয়ুক্তই নিজে প্ৰত্যক্ষ কৰিহে প্ৰয়োজনত প্ৰাপ্ত বয়স্কক দিব আধাৰ । আধাৰ কেন্দ্ৰত কেৱল শিশু সকলৰ বাবেহে আধাৰ বনাব পাৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।  

লগতে পঢ়ক: আমি উচ্চতম ন্যায়ালয়লৈ যাম… এ পি এছ চি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

শেহতীয়া প্ৰৱন্ধসমূহ