এই তাৰিখৰ পূৰ্বে লিংক কৰক পেন কাৰ্ড-আধাৰ কাৰ্ড… অন্যথা পৰিব সমস্যাত

২০২৫ চনৰ ১ অক্টোবৰৰ পূৰ্বে যদি আপোনাৰ পান কাৰ্ড জাৰি কৰা হৈছিল তেন্তে আধাৰ আৰু পেন কাৰ্ড লিংক কৰিব লাগিব । অন্যতা আপুনি সমস্যাত পৰিব পাৰে । জানক কেনেকৈ কৰিব এই কাম…

ই-কে ৱাই চি হওক, লোন লোৱা হওক, বেংকিং হওক বা আন যিকোনো ধৰণৰ কাম হওক, আমাক কিছুমান নিৰ্দিষ্ট নথি-পত্ৰৰ প্ৰয়োজন, ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ল আমাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড । দৰাচলতে বহু কামৰ বাবে এই নথি দুখন অপৰিহাৰ্য ।

অৱশ্যে বৰ্তমান প্ৰায় সকলোৰে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড থকাৰ সম্ভাৱনা আছে, কিয়নো এইবোৰ অতি আৱশ্যকীয় নথি । কিন্তু আপুনি জানেনে যে ২০২৫ চনৰ ১ অক্টোবৰৰ পূৰ্বে যদি আপোনাৰ পান কাৰ্ড জাৰি কৰা হৈছিল তেন্তে আধাৰ আৰু পান কাৰ্ড লিংক কৰিব লাগিব । ইয়াৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ, ২০২৫ ।এই তাৰিখৰ ভিতৰত আধাৰ কাৰ্ড-পান কাৰ্ড লিংক নকৰিলে আপোনাৰ পেন কাৰ্ড ১ জানুৱাৰী, ২০২৬ৰ পৰা নিষ্ক্ৰিয় হৈ পৰিব পাৰে । গতিকে, আপোনাৰ পেন কাৰ্ডক আধাৰৰ সৈতে কেনেকৈ সংযোগ কৰিব পাৰিব জানি লওক-

আধাৰ আৰু পেন কাৰ্ড কেনেকৈ লিংক কৰিব পাৰিব :

প্ৰথম পৰ্যায়-

-যদি আপুনি আপোনাৰ পেন কাৰ্ড আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই তেন্তে এতিয়াই কৰক, কাৰণ শেষ তাৰিখ ৩১ ডিচেম্বৰ, ২০২৫ ।

-ইয়াৰ বাবে আপুনি প্ৰথমে অফিচিয়েল টেক্স ই-ফাইলিং পৰ্টেল, incometax.gov.in চাব লাগিব ।

-আপুনি ইয়াক আপোনাৰ মোবাইল ব্ৰাউজাৰ বা কম্পিউটাৰত খুলিব পাৰে ।

দ্বিতীয় পৰ্যায়-

-আপুনি ৱেবছাইটত কেইবাটাও বিকল্প দেখিব, কিন্তু আপুনি “ক্লিক লিং” অংশলৈ যাব লাগিব । ইয়াতো আপুনি কেইবাটাও বিকল্প দেখিব, গতিকে তললৈ স্ক্ৰল কৰক আৰু “Link Aadhaar” বিকল্পত ক্লিক কৰক ।

-তাৰ পিছত, আপুনি প্ৰথমে আপোনাৰ ১০ অংকৰ পেন কাৰ্ড নম্বৰ দিব লাগিব ।

তৃতীয় পৰ্যায়-

-পান কাৰ্ডৰ পিছত ১২ অংকৰ আধাৰ নম্বৰো দিব লাগিব ।

-তাৰ পিছত, ‘Validate’ বুটামটো ক্লিক কৰক ।

-ইয়াৰ পিছত সম্পূৰ্ণ নাম দিব লাগিব ।

-তাৰ পিছত, আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰলৈ এটা অ’টিপি আহিব ।

চতুৰ্থ পৰ্যায়-

-এতিয়া আপুনি ইয়াত পোৱা OTP টো দিয়ক

-শেষত Submit বুটামত ক্লিক কৰক, তাৰ পিছত কম সময়ৰ ভিতৰতে আপোনাৰ PAN কাৰ্ড আধাৰৰ সৈতে লিংক হৈ যাব ।

-‘Quick Links’ শিতানত গৈ ‘Link Aadhaar Status’ বিকল্পত ক্লিক কৰি ষ্টেটাছ পৰীক্ষা কৰিব পাৰিব ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মাইক্ৰ’ছফ্টৰ অধ্যক্ষ সত্য নাডেলাৰ, ভাৰতত ১৭.৫ বিলিয়ন ডলাৰৰ বিনিয়োগ ঘোষণা

চৰকাৰে মুকলি কৰিলে নতুন ‘সুৰক্ষা কৱচ’; ঘৰত বহিয়েই সলনি কৰিব পাৰিব আধাৰৰ ঠিকনা

ঘৰত বহিয়েই সলনি কৰিব পাৰিব আধাৰৰ ঠিকনা

ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিয়ে নতুন আৰু অতি উন্নতমানৰ ই আধাৰ এপ মুকলি কৰিছে। এই নতুন এপটোৰ উদ্দেশ্য হৈছে মানুহে নিজৰ আধাৰ কাৰ্ডৰ হাৰ্ড কপি সকলোতে কঢ়িয়াই নিয়াৰ প্ৰয়োজনীয়তা সম্পূৰ্ণৰূপে নাইকিয়া কৰা।

এই নতুন এপটোৱে কেৱল ডিজিটেল ষ্ট’ৰেজৰ সুবিধা প্ৰদান কৰাই নহয়,বৰঞ্চ ই পৰিচয় পৰীক্ষণ, ডাটা শ্বেয়াৰিং আৰু সুৰক্ষা বৈশিষ্ট্যসমূহকো পৰৱৰ্তী স্তৰলৈ লৈ যায়।

এতিয়া এণ্ড্ৰইড আৰু আই অ’ এছ দুয়োটা প্লেটফৰ্মতে এই এপটো উপলব্ধ।যিয়ে আধাৰ ব্যৱহাৰৰ ধৰণ চিৰদিনৰ বাবে সলনি কৰিব।

এতিয়া আপোনাৰ আধাৰ কাৰ্ডৰ হাৰ্ড কপিৰ প্ৰয়োজন নাই।নতুন এপটোৱে আপোনাৰ ফোনত আপোনাৰ আধাৰ সুৰক্ষিত কৰি ৰাখিব আৰু লগতে QR ক’ড ব্যৱহাৰ কৰি তৎক্ষণাত পৰীক্ষণৰ সুবিধাও প্ৰদান কৰিব।

এই এপটোৰ আটাইতকৈ বিশেষ কথাটো হ’ল Face ID প্ৰযুক্তি।কেৱল মুখখন স্কেন কৰি আধাৰ ভেৰিফিকেচন কৰিব পাৰিব।

ইয়াৰ সৈতে, আপুনি আৰু প্ৰতিবাৰে OTP বা বায়মেট্ৰিক ডিভাইচৰ প্ৰয়োজন নাপাব, যিয়ে প্ৰক্ৰিয়াটো আৰু দ্ৰুত কৰি তুলিব।

এতিয়া ব্যৱহাৰকাৰীয়ে সিদ্ধান্ত ল’ব পাৰিব যে, তেওঁলোকে আধাৰৰ কোনটো তথ্য কোনো সংগঠন বা ব্যক্তিৰ লগত শ্বেয়াৰ কৰিব বিচাৰে।

উদাহৰণস্বৰূপে, আপুনি আপোনাৰ নাম আৰু ফটো শ্বেয়াৰ কৰিব পাৰে, কিন্তু আপোনাৰ ঠিকনা বা জন্ম তাৰিখ লুকুৱাই ৰাখিব পাৰিব।

সুৰক্ষাৰ দৃষ্টিকোণৰ পৰা এই নতুন এপটোত আছে বিশেষ বায়’মেট্ৰিক লক আৰু আনলক বৈশিষ্ট্য।আপুনি ইয়াক আপোনাৰ ফিংগাৰপ্ৰিণ্ট আৰু ফেচ ডাটাৰ সহায়ত লক কৰিব পাৰে, যাতে আপোনাৰ অনুমতি অবিহনে ইয়াক আন কোনোৱে ব্যৱহাৰ কৰিব নোৱাৰে।

ইয়াৰ জৰিয়তে ঘৰতে আপুনি সলনি কৰিব পাৰিব আপোনাৰ ফোন নম্বৰ আৰু ঠিকনা।

লগতে পঢ়ক: এটা অধ্যায়ৰ অৱসানঃ নোবেল বিজয়ী, ডি এন এৰ পথ প্ৰদৰ্শক জেমছ ৱাটছনৰ দেহাৱসান

আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা ; ‘১৮ বছৰৰ ওপৰৰ লোকে নাপাব…’

আধাৰ কাৰ্ডক লৈ কঠোৰ নিৰ্দেশনা

আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ নিয়ম ঘোষণা কৰিছে। এতিয়াৰে পৰা আপুনি মন গ’লেই য’তে ত’তে বনাব নোৱাৰিব আধাৰ কাৰ্ড।

শুকুৰবাৰে কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেলত কৈছে যে, এতিয়াৰে পৰা ৰাজ্যত ১৮ বছৰৰ ওপৰৰ কোনো লোকে নাপাব আধাৰ । আধাৰ কেন্দ্ৰ বা আন কেন্দ্ৰত নাপাব আধাৰ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,বহু অবৈধ বাংলাদেশীৰ হাতত আছে আধাৰ। যাৰ বাবে চৰকাৰে ললে এই বৃহৎ সিদ্ধান্ত। এতিয়াৰে পৰা ১৮ বছৰৰ ওপৰৰ লোক সকলে আধাৰ উলিয়াবলৈ হ’লে জিলা আয়ুক্তইৰ ওচৰলৈ যাব লাগিব। মাত্ৰ জিলা আয়ুক্তই হে দিব পাৰিব আধাৰ।

জিলা আয়ুক্তই নিজে প্ৰত্যক্ষ কৰিহে প্ৰয়োজনত প্ৰাপ্ত বয়স্কক দিব আধাৰ । আধাৰ কেন্দ্ৰত কেৱল শিশু সকলৰ বাবেহে আধাৰ বনাব পাৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।  

লগতে পঢ়ক: আমি উচ্চতম ন্যায়ালয়লৈ যাম… এ পি এছ চি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

আধাৰ, এল পি জিৰ পৰা ইউ পি আইলৈ… ১ জুনৰ পৰা সলনি হ’ব এইকেইটা ডাঙৰ নিয়ম

আধাৰ, এল পি জিৰ পৰা ইউ পি আইলৈ…

প্ৰতি মাহৰ দৰেই জুন মাহতো কিছু নিয়মত ডাঙৰ পৰিৱৰ্তন হ’ব, যিয়ে আপোনাৰ পকেটত প্ৰভাৱ পেলাব পাৰে । UPI, PF ৰ পৰা LPG চিলিণ্ডাৰৰ দামলৈ ১ জুনৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা ​​নিয়ম সলনি হ’বলৈ গৈ আছে । এনে পৰিস্থিতিত আপোনাৰ আৰ্থিক অৱস্থাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে । ইয়াৰ লগতে কিছু সুবিধাও লাভ কৰিব পাৰিব । জুন মাহৰ পৰা সলনি হ’ব এইকেইটা ডাঙৰ নিয়ম ।

EPFO ​​3.0 ৰোলআউট-

জুন মাহত আৰম্ভ হ’ব লগা ই পি এফ অ’ৰ নতুন সংস্কৰণ ই পি এফ অ’ ৩.০ মুকলি কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে । এই ব্যৱস্থা আৰম্ভ হোৱাৰ পিছতে আপোনাৰ পি এফ দাবী অতি সহজ হৈ পৰিব । লগতে এ টি এম আৰু ইউ পি আইৰ পৰাও আপুনি ধন উলিয়াব পাৰিব । এই ব্যৱস্থা আৰম্ভ হোৱাৰ পিছত দেশৰ ৯ কোটিৰো অধিক লোকে লাভ কৰিব ইয়াৰ সুবিধা ।

আধাৰ আপডেটৰ সুবিধা শেষ-

জুন মাহত হ’বলগীয়া পৰৱৰ্তী পৰিৱৰ্তন আধাৰ কাৰ্ডৰ সৈতে জড়িত । আচলতে ইউ আই ডি এ আইয়ে আধাৰ ব্যৱহাৰকাৰীসকলক বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেট কৰাৰ সুবিধা প্ৰদান কৰিছে আৰু ইয়াৰ অন্তিম তাৰিখ ১৪ জুন । অৰ্থাৎ এই শেষ তাৰিখৰ ভিতৰত যদি আপুনি আধাৰ বিনামূলীয়া আপডেট কৰিব নোৱাৰে, তেন্তে এই কামৰ বাবে আপুনি ৫০ টকা নিৰ্দিষ্ট মাচুল দিব লাগিব ।

ক্ৰেডিট কাৰ্ডৰ সৈতে জড়িত নিয়ম-

জুনৰ ১ তাৰিখৰ পৰা তৃতীয়টো ডাঙৰ পৰিৱৰ্তন ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীৰ সৈতে জড়িত । যদি আপুনি কোটক মহিন্দ্ৰা বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে, তেন্তে ১ জুনৰ পৰা আপুনি ডাঙৰ আঘাত পাব পাৰে । যদি এই বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীৰ অটো ডেবিট লেনদেন বিফল হয়, তেন্তে বেংকে ২ শতাংশ বাউন্স চাৰ্জ প্ৰয়োগ কৰিব পাৰে । ই নূন্যতম ৪৫০ টকা আৰু সৰ্বাধিক ৫০০০ টকা হ’ব পাৰে ।

চি এন জি-পি এন জি আৰু এ টি এফৰ মূল্য-

২০২৫ চনৰ ১ জুনত চতুৰ্থটো বৃহৎ পৰিৱৰ্তন হ’ব পাৰে চি এন জি-পি এন জি আৰু এ টি এফৰ মূল্যৰ সন্দৰ্ভত । তেল বিপণন কোম্পানীসমূহে প্ৰতি মাহৰ প্ৰথম দিনাই এল পি জি চিলিণ্ডাৰৰ লগতে এয়াৰ টাৰ্বাইন ইন্ধনৰ (এ টি এফ মূল্য) মূল্য সংশোধন কৰে । মে’ মাহত ইয়াৰ দাম হ্ৰাস পাইছিল আৰু জুন মাহৰ আৰম্ভণিতো ইয়াত পৰিৱৰ্তন দেখা যাব পাৰে ।

এল পি জি চিলিণ্ডাৰৰ মূল্য-

প্ৰতি মাহৰ প্ৰথম দিনাই এল পি জি চিলিণ্ডাৰৰ দাম সলনি হয় । জুন মাহৰ প্ৰথম দিনাও এল পি জিৰ দামৰ পৰিৱৰ্তন হ’ব পাৰে । ইয়াৰ পূৰ্বে মে’ মাহৰ আৰম্ভণিতে তেল বিপণন কোম্পানীসমূহে ১৪ কেজি ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত ৰখাৰ বিপৰীতে ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য প্ৰতি চিলিণ্ডাৰত ১৭ টকা পৰ্যন্ত হ্ৰাস কৰিছিল ।

এফ ডিৰ সুত-

জুন মাহত বেংকসমূহে ফিক্সড ডিপ’জিট আৰু ঋণৰ সুতৰ হাৰ সলনি কৰিব পাৰে । কাৰণ ৰিজাৰ্ভ বেংকে ৰেপো ৰেট কৰ্তন কৰিছে আৰু আগলৈয়ো অধিক হ্ৰাস হোৱাৰ সম্ভাৱনা আছে । উদাহৰণস্বৰূপে, সূৰ্যোদয় ক্ষুদ্ৰ বিত্ত বেংকে ৫ বছৰৰ এফ ডিৰ সুত ৮.৬%ৰ পৰা ৮%লৈ হ্ৰাস কৰিছে ।

মিউচুৱেল ফাণ্ডৰ নিয়ম-

অভাৰনাইট মিউচুৱেল ফাণ্ড আঁচনিৰ বাবে নতুন কাট অফ টাইম ৰূপায়ণ কৰিছে ছেবিয়ে । এই নিয়ম ১ জুন, অফলাইন লেনদেনৰ বাবে বিয়লি ৩ বজাৰ পৰা আৰু অনলাইনৰ বাবে বিয়লি ৭ বজাৰ পৰা কাৰ্যকৰী হ’ব । ইয়াৰ পিছত দিয়া অৰ্ডাৰসমূহ পৰৱৰ্তী কৰ্মদিনত বিবেচনা কৰা হ’ব ।

ইউ পি আই লেনদেন-

এন পি চি আইয়ে ইউ পি আই সন্দৰ্ভত নতুন নিয়ম ৰূপায়ণ কৰিছে, যাৰ অধীনত ইউ পি আই পেমেণ্ট কৰাৰ সময়ত ব্যৱহাৰকাৰীয়ে কেৱল ‘আলটিমেট বেনিফিচিয়াৰী’ অৰ্থাৎ প্ৰকৃত ৰিচিভাৰৰ বেংকিং নামহে দেখিব । QR ক’ড বা সম্পাদিত নাম আৰু দেখা নাযাব । এই নিয়মসমূহ ৩০ জুনৰ ভিতৰত সকলো ইউ পি আই এপত কাৰ্যকৰী হ’ব ।

লগতে পঢ়ক : গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হ’ল ভাৰতীয় জীৱন বীমা নিগমৰ নাম… গঢ়িলে এই অভিলেখ

আধাৰ কাৰ্ডত একেলগে কিমান আপডেট কৰিব পাৰিব আপুনি ?  জানক এই নিয়ম…

ভাৰতত বাস কৰিবলৈ জনসাধাৰণৰ ওচৰত কিছুমান নথি-পত্ৰ থকাটো অতি প্ৰয়োজনীয় । বিভিন্ন উদ্দেশ্যত বিভিন্ন অনুষ্ঠানত মানুহক এই নথি-পত্ৰৰ প্ৰয়োজন হয় । এই নথি-পত্ৰৰ অবিহনে বহু কাম আবদ্ধ হৈ পৰে বা প্ৰায় অসম্ভৱ হৈ পৰে ।

যদি আমি এই নথি-পত্ৰৰ কথা কওঁ তেন্তে পেন কাৰ্ড, পাছপ’ৰ্ট, ৰেচন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড আদি গুৰুত্বপূৰ্ণ নথি-পত্ৰ অন্তৰ্ভুক্ত কৰা হয় । ইয়াৰ ভিতৰত আটাইতকৈ বেছি ব্যৱহৃত নথি হ’ল আধাৰ কাৰ্ড ।

ভাৰতৰ প্ৰায় ৯০ শতাংশ জনসংখ্যাৰ আধাৰ কাৰ্ড আছে । স্কুল-কলেজত নামভৰ্তিৰ পৰা আৰম্ভ কৰি বহু চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰালৈকে আধাৰ কাৰ্ডৰ প্ৰয়োজন ।

আধাৰ কাৰ্ড বনোৱাৰ সময়ত কেতিয়াবা কিছুমান ভুল তথ্য প্ৰৱেশ কৰে । য’ত জন্মৰ তাৰিখ, নামৰ বানান, বয়স আদি কিছুমান কথা ভুল হৈ যায় । অৱশ্যে ইউ আই ডি এ আইৰ পৰা পিছত সেইবোৰ আপডেট কৰাৰ সুযোগ পোৱা যায় ।

আধাৰ কাৰ্ডত তথ্য আপডেট কৰিবলৈ নিৰ্দিষ্ট মাচুল দিব লাগিব । ইয়াৰ উপৰিও, আপুনি সঠিক তথ্যৰ সৈতে জড়িত বৈধ সমৰ্থনকাৰী দস্তাবেজসমূহো আপলোড কৰিব লাগিব । তেতিয়াহে আপডেট প্ৰক্ৰিয়া সম্পূৰ্ণ হয় ।

এই প্ৰশ্নটোও বহুতৰে মনলৈ আহে যে, যদি আধাৰ কাৰ্ডত থকা এটাতকৈ অধিক তথ্য ভুল হয় তেতিয়া মই সেইবোৰ একেলগে ঠিক কৰিব পাৰিমনে ?  অৰ্থাৎ আধাৰ কাৰ্ডত একেলগে কিমান বস্তু আপডেট কৰিব পাৰি ।

উল্লেখ্য যে ইউ আই ডি এ আইয়ে এই সন্দৰ্ভত কোনো ধৰণৰ বাধা আৰোপ কৰা নাই । আধাৰ কাৰ্ড ব্যৱহাৰ কৰা যিকোনো নাগৰিকে ইচ্ছা কৰিলে সকলো তথ্য একেলগে আপডেট কৰিব পাৰিব । ইয়াৰ বাবে আপুনি কোনো সুকীয়া মাচুল দিব নালাগে ।

মাত্ৰ ৪ দিন বাকী… অন্যথা আধাৰ সম্পৰ্কীয় এই কামৰ বাবে প্ৰয়োজন হ’ব টকাৰ, এতিয়াই কৰি লওক

আধাৰ কাৰ্ড থকাসকলৰ বাবে এক ডাঙৰ খবৰ । যদি আপুনি এতিয়াও আপোনাৰ আধাৰ আপডেট কৰা নাই, তেন্তে শীঘ্ৰেই এই কাম সম্পূৰ্ণ কৰক । কাৰণ বৰ্তমান এই কাম একেবাৰে বিনামূলীয়াকৈ কৰা হৈছে (Free Aadhaar Update) আৰু এই বিনামূলীয়া সেৱা ব্যৱহাৰ কৰিবলৈ আপোনাৰ হাতত মাত্ৰ চাৰিদিন বাকী আছে । উল্লেখ্য যে ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটি অথবা ইউ আই ডি এ আইয়ে বিনামূলীয়া আধাৰ আপডেটৰ সময়সীমা ১৪ ডিচেম্বৰ ২০২৪লৈ বৃদ্ধি কৰিছিল, যি বৰ্তমান একেবাৰে ওচৰত ।

সময়সীমা বৃদ্ধিৰ সম্ভাৱনা কম-

ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অব ইণ্ডিয়াই ১০ বছৰতকৈও অধিক পূৰ্বে প্ৰস্তুত কৰা আধাৰ কাৰ্ডৰ বিনামূলীয়া আপডেটৰ সুবিধাৰ সময়সীমা কেইবাবাৰো বৃদ্ধি কৰিছে । এনে পৰিস্থিতিত ইয়াৰ বাবে পুনৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা কম । সেইবাবে আপুনি শেষ তাৰিখলৈ অপেক্ষা নকৰাকৈ এই কামটো শীঘ্ৰেই সম্পূৰ্ণ কৰি লওক । প্ৰথমে ইয়াক ১৪ মাৰ্চৰ পৰা ১৪ জুন ২০২৪লৈ বৃদ্ধি কৰা হৈছিল আৰু তাৰ পিছত ইয়াৰ শেষ তাৰিখ পুনৰবাৰ ১৪ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছিল । ইয়াৰ পিছত আৰু এটা সংযোজনত আধাৰ কাৰ্ড ব্যৱহাৰকাৰীসকলক তিনিমাহৰ বাবে অৰ্থাৎ ১৪ ডিচেম্বৰলৈকে এই কাম একেবাৰে বিনামূলীয়াকৈ সম্পন্ন কৰাৰ সুবিধা দিয়া হৈছে ।

অনলাইনত এনেকৈ আপডেট কৰক-

-ৱেবছাইট https://uidai.gov.in/ ত লগ ইন কৰক ।

-এতিয়া হোমপেজত দেখা পোৱা My Aadhaar Portal লৈ যাওক ।

-আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত পোৱা OTP ব্যৱহাৰ কৰি ইয়াত লগইন কৰক ।

-এতিয়া আপোনাৰ বিৱৰণসমূহ পৰীক্ষা কৰক আৰু যদি ই শুদ্ধ, তেন্তে শুদ্ধ বাকচটোত টিক কৰক ।

-যদি জনগাঁথনিগত তথ্য ভুল পোৱা যায়, ড্ৰপ-ডাউন মেনুৰ পৰা পৰিচয় দস্তাবেজ নিৰ্ব্বাচন কৰক ।

-তাৰ পিছত নথিপত্ৰ আপলোড কৰক । এই নথিপত্ৰ JPEG, PNG আৰু PDF ৰূপত আপলোড কৰিব পাৰি ।

এই আপডেটসমূহৰ বাবে যাব লাগিব কেন্দ্ৰলৈ-

উল্লেখ কৰা মতে বিনামূলীয়া আধাৰ আপডেট কৰাৰ সুবিধা কেৱল অনলাইনতহে উপলব্ধ । আধাৰ কাৰ্ডত যিকোনো ধৰণৰ আপডেটৰ বাবে আধাৰ কেন্দ্ৰলৈ গৈ নিৰ্ধাৰিত মাচুল দিব লাগিব । ইফালে মনত ৰাখিব যে কিছুমান আপডেট আছে যিবোৰ অনলাইনত নহয় কেন্দ্ৰটোলৈ গৈ কৰিব লাগিব । এইবোৰত, যদি আপুনি Iris বা বায়মেট্ৰিক ডাটা আপডেট কৰিব বিচাৰে, ইয়াৰ বাবে আধাৰ কেন্দ্ৰলৈ যাব লাগিব ।

সময়সীমা শেষ হোৱাৰ পিছত মাচুল আৰোপ কৰা হ’ব-

আধাৰ কাৰ্ড বিনামূলীয়াকৈ আপডেট কৰাৰ এই নিৰ্দিষ্ট সময়সীমাৰ পিছত এই গুৰুত্বপূৰ্ণ কাম কৰাৰ বাবে ইউ আই ডি এ আইয়ে নিৰ্ধাৰণ কৰা মাচুল দিব লাগিব, যিটো হ’ল ৫০ টকা । বিশেষ কথাটো হ’ল UIDAI ৰ দ্বাৰা প্ৰদান কৰা আধাৰ কাৰ্ড আপডেট কৰাৰ এই বিনামূলীয়া সেৱা কেৱল myAadhaar Portal তহে উপলব্ধ ।

মাত্ৰ ৪ দিন বাকী… শীঘ্ৰেই কৰক এই কাম, নহ’লে ভৰিব লাগিব জৰিমনা !  


ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটি অথবা UIDAIয়ে আধাৰ কাৰ্ড বিনামূলীয়াকৈ আপডেট কৰাৰ সময়সীমা ২০২৪ চনৰ ১৪ ডিচেম্বৰলৈ বৃদ্ধি কৰিছিল। ভাৰতীয় ইউনিক আইডেন্টিফিকেশ্যন অথৰিটিয়ে ১০ বছৰতকৈও অধিক পূৰ্বে নিৰ্মিত আধাৰ কাৰ্ড বিনামূলীয়াকৈ আপডেট কৰাৰ সুবিধা আৰম্ভ কৰিছে।

শীঘ্ৰেই আপুনি শেষ তাৰিখলৈ অপেক্ষা নকৰাকৈ এই কামটো তৎক্ষণাত সম্পূৰ্ণ কৰিক।প্ৰথমে ১৪ মাৰ্চৰ পৰা ১৪ জুন ২০২৪লৈ বৃদ্ধি কৰা হৈছিল আৰু তাৰ পিছত এই শেষ তাৰিখটো পুনৰবাৰ ১৪ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছিল।ইয়াৰ পিছত আৰু এটা তাৰিখ সংযোজন কৰি আধাৰ কাৰ্ড ব্যৱহাৰকাৰীসকলক তিনিমাহৰ বাবে অৰ্থাৎ ১৪ ডিচেম্বৰলৈকে এই কামটো একেবাৰে বিনামূলীয়াকৈ সম্পন্ন কৰাৰ সুবিধা দিয়া হৈছে।

ইয়াৰ বাবে কিদৰে কৰিব আবেদন?

প্ৰথমতে https://uidai.gov.in/ত গৈ লগই কৰক

তাৰ পিছত হোম পেজত থকা my aadhaar portelত যাওক

আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ দিয়ক আৰু OTP সন্নিবিষ্ট কৰক

এতিয়া আপোনাৰ বিৱৰণসমূহ পৰীক্ষা কৰক আৰু যদি ই শুদ্ধ, তেন্তে শুদ্ধ অপশ্যনত ক্লিক কৰক
যদি জনগাঁথনিগত তথ্য ভুল পোৱা যায়, ড্ৰপ-ডাউন মেনুৰ পৰা পৰিচয় দস্তাবেজ নিৰ্বাচন কৰক
তাৰ পিছত আপোনাৰ নথি-পত্ৰ আপলোড কৰক
এই নথিপত্ৰ JPEG, PNG আৰু PDF ৰূপত আপলোড কৰিব পাৰিব