আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৮ বছৰ সম্পূৰ্ণ হিটমেনৰ
১৮ বছৰ পূৰ্বে ২৩ জুনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল হিটমেন হিচাবে খ্যাত ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাই । এই স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰিল হিটমেন । তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ নিজৰ প্ৰথমটো হেলমেটৰ ছবি শ্বেয়াৰ কৰি আৱেগিক বাৰ্তা লিখিছে । ৰোহিতে লিখিছে- মই সদায় কৃতজ্ঞ হৈ থাকিম, ২৩.০৬.০৭ । সেই সময়ত ২০ বছৰ বয়সত ৰোহিতে আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ মেচত অভিষেক ঘটাইছিল । ভাৰতৰ হৈ দুটাকৈ আই চি চি ট্ৰফী লাভ কৰা ৰোহিতক এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ অ’পেনাৰৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় । এই ১৮ বছৰত হিটমেনৰ কেৰিয়াৰত বহু উত্থান-পতন ঘটিছিল যদিও তেওঁ এই সকলোবোৰ সাহসেৰে মুখামুখি হৈছিল আৰু এতিয়া তেওঁ সফলতাৰ শিখৰত উপনীত হৈছে ।
ৰোহিতৰ অধিনায়কত্বত ভাৰতে ২০২৩ চনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰে আৰু একে বছৰৰ শেষৰ ফালে এদিনীয়া বিশ্বকাপৰ ফাইনেলতো প্ৰৱেশ কৰে । অৱশ্যে দুয়োবাৰেই দলটোৱে ট্ৰফী লাভ কৰাত ব্যৰ্থ হয় । ২০২৪ চনত ভাৰতক টি-২০ বিশ্বকাপ খিতাপ দখল কৰাৰ লগতে ১৩ বছৰীয়া আই চি চিৰ ট্ৰফীৰ অপেক্ষাৰ অন্ত পেলাইছিল তেওঁ । ইয়াৰ পিছত ভাৰতীয় দলে ৰোহিতৰ অধিনায়কত্বত ২০২৫ চনত চেম্পিয়নছ ট্ৰফীও লাভ কৰে ।
২০২৪ চনত ৰোহিতে ১৫০ খনতকৈও অধিক টি-২০ ইণ্টাৰনেশ্যনেল খেলা প্ৰথমজন পুৰুষ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় । অৱশ্যে ভাৰতৰ টি-২০ বিশ্বকাপ জয়ৰ পাছত টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লয় তেওঁ । সকলো ফৰ্মেট মিলাই ৪৯৯খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ খেলি ৰোহিতে ১৯,৭০০ ৰান সংগ্ৰহ কৰিছে । এদিনীয়া খেলতো তেওঁৰ ব্যক্তিগত স্ক’ৰ সৰ্বাধিক । শ্ৰীলংকাৰ বিৰুদ্ধে অপৰাজিত ২৬৪ ৰান কৰি তেওঁ এই অভিলেখ গঢ়িবলৈ সক্ষম হয় ।
টি-২০ত এতিয়ালৈকে সৰ্বাধিক ৰান সংগ্ৰহকাৰী ৰোহিত । ১৫৯খন মেচত ৩২.০৫ গড়ে ৪২২১ ৰান সংগ্ৰহ কৰিছে তেওঁ । এই সময়ছোৱাত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৪০তকৈ অধিক । ইয়াৰ ভিতৰত পাঁচটা শতক আৰু ৩২টা অৰ্ধশতক অন্তৰ্ভুক্ত আছে । তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ১২১ (অপৰাজিত) ৰান । ২০২৪ চনৰ পূৰ্বে ৰোহিতে ২০০৭ চনত টি-২০ বিশ্বকাপ জয় কৰা দলৰ অংশ হিচাপেও আছিল । টি-২০ৰ অধিনায়ক হিচাপে তেওঁ ভাৰতৰ হৈ ৬২ খন মেচৰ ভিতৰত ৪৯ খন খেলত জয়লাভ কৰিছে । টিম ইণ্ডিয়া ১২ খন মেচত পৰাস্ত হোৱাৰ বিপৰীতে এখন মেচ টাই আছিল ।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বগা বলৰ ফৰ্মেটত তেওঁ আধিপত্য বিস্তাৰ কৰিছে । ২৭৩খন এদিনীয়া খেলৰ ২৬৫টা ইনিংছত ৩২টা শতক আৰু ৫৮টা অৰ্ধশতকৰে ১১,১৬৮ ৰান আৰু গড়ে ৪৮.৭৬ ৰান সংগ্ৰহ কৰিছে হিটমেনে । এদিনীয়াত তেওঁৰ সৰ্বোত্তম স্ক’ৰ ২৬৪ । এদিনীয়াত তিনিটা দ্বিশতক অৰ্জন কৰা একমাত্ৰ বেটছমেন তেওঁ । এদিনীয়া খেলত তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী আৰু সামগ্ৰিকভাৱে দশম স্থানত আছে । শেহতীয়াকৈ টেষ্টৰ পৰা অৱসৰ লোৱা ৰোহিতক এতিয়া কেৱল এদিনীয়া খেলতহে খেলা দেখা যাব ।
টেষ্টত ৰোহিতে ৬৭খন টেষ্ট আৰু ১১৬খন ইনিংছত গড়ে ৪০.৫৭ত ৪৩০১ ৰান সংগ্ৰহ কৰিছে । য’ত ১২টা শতক আৰু ১৮টা অৰ্ধশতক আছে । এই ফৰ্মেটত তেওঁৰ সৰ্বোত্তম স্ক’ৰ ২১২ ৰান । বিশ্ব টেষ্ট চেম্পিয়শ্বিপত ৰোহিত শৰ্মা ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈৰ ভিতৰত অন্যতম । এই সময়ছোৱাত তেওঁ ৪০খন টেষ্টত গড়ে ৪১.১৫ ৰানত ২৭১৬ ৰান সংগ্ৰহ কৰিছে । ইয়াৰ ভিতৰত ৯ শতক আৰু আঠটা অৰ্ধশতক অন্যতম ।
এদিনীয়াত ভাৰতক নেতৃত্ব দি থকাৰ সময়ত তেওঁ ৫৬খন খেলৰ ভিতৰত ৪২খন খেলত জয়লাভ কৰিছে । মাত্ৰ ১২ খনত পৰাস্ত হৈছে, এখন টাই হৈছিল আৰু এখনৰ কোনো ফলাফল ওলোৱা নাছিল । এদিনীয়া বিশ্বকাপৰ ইতিহাসত তেওঁ ভাৰতৰ তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী আৰু সামগ্ৰিকভাৱে চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী । এই সময়ছোৱাত তেওঁ ২৮খন মেচত গড়ে ৬০.৫৭ত ১৫৭৫ ৰান সংগ্ৰহ কৰিছে । ইয়াৰ ভিতৰত ৭টা শতক আৰু ৬টা অৰ্ধশতক অন্তৰ্ভুক্ত আছে ।
এখন বিশ্বকাপৰ সময়ত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখো ৰোহিতৰ হাতত আছে । ২০১৯ চনৰ বিশ্বকাপত তেওঁ পাঁচটা শতক অৰ্জন কৰিছিল । এই প্ৰতিযোগিতাত তেওঁ ৯খন খেলত গড়ে ৮১.০০ ৰান কৰি ৬৪৮ ৰান সংগ্ৰহ কৰে । চেম্পিয়নছ ট্ৰফীৰ কথা ক’বলৈ গ’লে তেওঁ সামগ্ৰিকভাৱে সপ্তম সৰ্বাধিক ৰান সংগ্ৰহকাৰী আৰু ভাৰতৰ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী । ১৫টা ইনিংছত ৪৭.২১ গড়ে ৬৬১ ৰান সংগ্ৰহ কৰিছে তেওঁ । ইয়াৰ ভিতৰত এটা শতক আৰু পাঁচটা অৰ্ধশতক অন্তৰ্ভুক্ত আছে ।
লগতে পঢ়ক : খেল পথাৰতে খঙত অগ্নি শৰ্মা ঋষভ পন্ত; আম্পায়াৰৰ সৈতে লিপ্ত হ’ল কাজিয়াত