ডনাল্ড ট্ৰাম্পৰ ইংগিত
আমেৰিকাই ইৰাণৰ ‘পাৰমাণৱিক স্থান’ত আক্ৰমণ কৰিছে। আক্ৰমণৰ কেইঘণ্টামান পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বেঞ্জামিন নেতান্যাহু আৰু ইজৰাইলৰ সেনাবাহিনীক আমেৰিকাৰ সৈতে কাম কৰাৰ বাবে ধন্যবাদ জনায়।
এতিয়া ইৰাণৰ ক্ষমতা পৰিৱৰ্তন সন্দৰ্ভত ডনাল্ড ট্ৰাম্পে এটা চাঞ্চল্যকৰ বক্তব্য দিছে।তেওঁ খামেনীইক ক্ষমতাৰ পৰা উৎখাত কৰাৰ ইংগিত দিছে।
ডনাল্ড ট্ৰাম্পে ইৰাণৰ শাসন ব্যৱস্থা পৰিৱৰ্তনৰ বিষয়ে কয় যে, “শাসন ব্যৱস্থা পৰিৱৰ্তন শব্দটো ব্যৱহাৰ কৰাটো ৰাজনৈতিকভাৱে শুদ্ধ নহয়, কিন্তু যদি বৰ্তমানৰ ইৰাণৰ শাসন ব্যৱস্থাই ইৰাণক পুনৰ মহান কৰি তুলিব নোৱাৰে, তেন্তে শাসন ব্যৱস্থা সলনি কিয় নহ’ব? MIGA!
আমেৰিকাই ইৰাণক কৰিলে আক্ৰমণ
ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধত জপিয়াই পৰিছে আমেৰিকা।আমেৰিকাই ইৰাণৰ ওপৰত B2 বোমাৰে আক্ৰমণ কৰিছে।
ইয়াৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে তেওঁৰ সেনাবাহিনীক প্ৰশংসা কৰে।আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰ ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহানত আক্ৰমণ কৰে, যাৰ উদ্দেশ্য আছিল ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী ৰোধ কৰাৰ।
ইৰাণৰ পাৰমাণৱিক স্থানত প্ৰথমে আক্ৰমণ
ইৰাণ আৰু ইজৰাইলৰ এই সংঘাত ১৩ জুনৰ পৰা আৰম্ভ হৈছিল।ইজৰাইলে ইৰাণৰ ওপৰত হঠাতে আক্ৰমণ চলাইছিল।
ইজৰাইলৰ বিষয়াসকলে দাবী কৰিছিল যে তেহৰানে পাৰমাণৱিক অস্ত্ৰ লাভ কৰাত বাধা দিবলৈ এই আক্ৰমণ সংঘটিত কৰা হৈছে।
এই সংঘাতৰ ফলত সমগ্ৰ অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছে, যিটো ২০২৩ চনৰ অক্টোবৰৰ পৰা গাজাত ইজৰাইলৰ দীৰ্ঘদিনীয়া যুদ্ধৰ পিছত ইতিমধ্যে শিখৰত উপনীত হৈছে।
ইজৰাইলৰ আক্ৰমণৰ পিছত ইৰাণেও প্ৰতিশোধ ল’লে।ই টেল আভিভৰ কেইবাটাও স্থানত আক্ৰমণ কৰে। ইৰাণে ইজৰাইলৰ এখন বৃহৎ চিকিৎসালয়কো লক্ষ্য কৰি লৈছিল।
ইয়াৰ পিছত আমেৰিকাই যুদ্ধত অংশ ল’ব নে নল’ব সেই বিষয়ে বিবেচনা কৰিব বুলি ক’লে যদিও হঠাতে আক্ৰমণ কৰিলে।
লগতে পঢ়ক: আমেৰিকাৰ আক্ৰমণত ক্ষতি হোৱা নাই কোনো পাৰমাণৱিক ঘাটীৰ; ইৰাণৰ দাবী