পাৰ্শ্বক্ৰিয়া

গ্ৰীষ্মকালত বেছিকৈ চাহ খোৱাৰ পাৰ্শ্বক্ৰিয়া জানেনে?  

বেছিকৈ চাহ খোৱাৰ পাৰ্শ্বক্ৰিয়া আপুনিও চাহ খাই ভালপাই নেকি? অধিকাংশ ভাৰতীয়ই তেওঁলোকৰ ৰাতিপুৱাটো একাপ চাহৰ সৈতে আৰম্ভ কৰে।কিছুমানৰ আকৌ চাহৰ আষক্তি ইমানেই যে দিনটোত কেইবাৰ চাহ খাই তাৰ হিচাপ তেওঁলোকৰ হাতত নাথাকে। কিন্তু স্বাস্থ্য বিশেষজ্ঞৰ মতে গ্ৰীষ্মকালত বেছিকৈ চাহ খোৱাৰ পৰা বিৰত থাকিব লাগে। বেছিকৈ

বেছিকৈ চাহ খোৱাৰ পাৰ্শ্বক্ৰিয়া

আপুনিও চাহ খাই ভালপাই নেকি?  অধিকাংশ ভাৰতীয়ই তেওঁলোকৰ ৰাতিপুৱাটো একাপ চাহৰ সৈতে আৰম্ভ কৰে।কিছুমানৰ আকৌ চাহৰ আষক্তি ইমানেই যে দিনটোত কেইবাৰ চাহ খাই তাৰ হিচাপ তেওঁলোকৰ হাতত নাথাকে।

কিন্তু স্বাস্থ্য বিশেষজ্ঞৰ মতে গ্ৰীষ্মকালত বেছিকৈ চাহ খোৱাৰ পৰা বিৰত থাকিব লাগে। বেছিকৈ চাহ খালে আপোনাৰ স্বাস্থ্যৰ ওপৰত পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা যায়।গৰমত চাহ খোৱাৰ কিছু পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানো আহক

গ্ৰীষ্মকালত চাহ খালে ডিহাইড্ৰেছনৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। চাহৰ প্ৰভাৱ গৰম, সেয়েহে গৰমৰ দিনত চাহ খোৱাৰ পৰা বিৰত থাকিব লাগে, নহ’লে শৰীৰৰ উষ্ণতা বৃদ্ধি পাব পাৰে আৰু আপুনি অস্বস্তি অনুভৱ কৰিব পাৰে।

গ্ৰীষ্মকালত বেছিকৈ চাহ খালে পেটৰ সৈতে জড়িত বহু সমস্যা হ’ব পাৰে। যদি আপুনি পেটৰ সমস্যা যেনে এচিডিটি, হাৰ্টবাৰ্ণ আৰু বদহজম আদিৰ পৰা সাৰিব বিচাৰে তেন্তে প্ৰচুৰ পৰিমাণে চাহ সেৱন নকৰিব।

যদি আপুনি প্ৰচুৰ পৰিমাণে চাহ সেৱন কৰে তেন্তে আপোনাৰ টোপনি বিঘিনি ঘটিব পাৰে। চাহত থকা টেনিনৰ বাবে আইৰণৰ দৰে পুষ্টিকৰ উপাদানৰ অভাৱো আপোনাৰ শৰীৰত হ’ব পাৰে।

চাহপাতত কেফেইন যথেষ্ট পৰিমাণত থাকে। অধিক কেফেইন খোৱাটোয়ে ৰক্তচাপৰ সমস্যা বৃদ্ধি কৰে। সেয়েহে, যদি আপুনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেন্তে চাহ খোৱা বন্ধ কৰক।

গ্ৰীষ্মকালত গৰম চাহৰ সলনি ঠাণ্ডা প্ৰকৃতিৰ খাদ্য সামগ্ৰী আৰু পানীয় সেৱন কৰিব লাগে।

(এই লেখাটো সাধাৰণ তথ্যৰ বাবে, যিকোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।)

লগতে পঢ়ক:যোগাসনৰ সময়ত ভুলটো নকৰিব এই কাম; স্বাস্থ্যৰ বাবে হ’ব পাৰে ক্ষতিকাৰক