ইজৰাইলৰ সৈতে যুদ্ধত প্ৰৱেশ আমেৰিকাৰ
মধ্যপ্ৰাচ্যত ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাত দিনে দিনে অধিক ভয়াৱহ হৈ পৰিছে । এতিয়া আমেৰিকায়ো ইৰাণৰ বিৰুদ্ধে আক্ৰমণত যোগদান কৰিছে আৰু তিনিটা পাৰমাণৱিক স্থানক লক্ষ্য কৰি লৈছে । আমেৰিকাই গুৱামলৈ কেইবাখনো বি-২ স্পিৰিট বম্বাৰ বিমান প্ৰেৰণ কৰাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইৰাণৰ ফৰ্ডো, নাটানজ আৰু ইছফাহানৰ পাৰমাণৱিক স্থানত আক্ৰমণৰ কথা নিশ্চিত কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । নিশা ১০ বজাত তেওঁ দেশবাসীক সম্বোধন কৰিব বুলিও উল্লেখ কৰিছে ।
ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আনুষ্ঠানিকভাৱে আক্ৰমণ কৰিছে আমেৰিকাই । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে যে আমি ইৰাণৰ ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহানকে ধৰি তিনিটা পাৰমাণৱিক স্থানত অতি সফল আক্ৰমণ চলাইছো । এতিয়া সকলো বিমান ইৰাণৰ আকাশমাৰ্গৰ বাহিৰত । প্ৰাথমিক ছাইট ফৰ্ডোত বোমাৰ সম্পূৰ্ণ পেলোড নিক্ষেপ কৰা হৈছিল । সকলো বিমান নিৰাপদে ঘৰলৈ যোৱাৰ পথত । আমাৰ মহান আমেৰিকান যোদ্ধাসকললৈ অভিনন্দন । পৃথিৱীৰ আন কোনো সেনাবাহিনী নাই যিয়ে এই কাম কৰিব পাৰিব । এতিয়া শান্তিৰ সময় ! এই বিষয়ত মনোযোগ দিয়াৰ বাবে ধন্যবাদ ।’
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আন এটা পোষ্টত লিখিছে যে মই ইৰাণত আমাৰ অতি সফল সামৰিক অভিযানৰ বিষয়ে নিশা ১০:০০ বজাত হোৱাইট হাউছত দেশবাসীক সম্বোধন কৰিম । আমেৰিকা, ইজৰাইল আৰু বিশ্বৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত । ইৰাণে এতিয়া এই যুদ্ধৰ অন্ত পেলাবলৈ সন্মত হ’ব লাগিব ।
গুৱামলৈ প্ৰেৰণ বি-২ ষ্টীলথ্ বোমাৰু বিমান-
ইজৰাইল-ইৰাণ যুদ্ধত যোগদান কৰি আমেৰিকাই এই পদক্ষেপ গ্ৰহণ কৰিছে । গুৱামৰ এণ্ডাৰছন এয়াৰবেছত নিয়োজিত কৰাৰ বাবে নিজৰ আটাইতকৈ মাৰাত্মক যুঁজাৰু বিমান বি-২ ষ্টীলথ্ বোমাৰু বিমান প্ৰেৰণ কৰিছে । কোৱা হৈছে যে এই বোমাৰু বিমানখনৰ প্ৰকৃত স্থান হ’ল ভাৰত মহাসাগৰত অৱস্থিত ডিয়েগো গাৰ্চিয়া এয়াৰবেছ, য’ৰ পৰা আমেৰিকাই ইৰাকক আক্ৰমণ কৰিছিল । অনুমান কৰা হৈছে যে ইয়াক ইৰাণৰ আটাইতকৈ সুৰক্ষিত ফৰ্ডো পাৰমাণৱিক স্থান ধ্বংস কৰিবলৈ প্ৰেৰণ কৰা হৈছে । এই পাৰমাণৱিক স্থানটো মাটিৰ পৰা প্ৰায় ৯০ মিটাৰ তলত, যিটো কেৱল বি-২ ষ্টীলথ্ বোমাৰু বিমানে ধ্বংস কৰিবলৈ সক্ষম ।
ইৰাণৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া অভিযানৰ বাবে সাজু ইজৰাইল-
ইফালে ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক স্থানসমূহত আক্ৰমণ অব্যাহত ৰখাৰ বাবে ইৰাণৰ বিৰুদ্ধে “দীঘলীয়া অভিযান”ৰ বাবে ইজৰাইল সাজু বুলি কৈছে । ইৰাণত টেল আভিভৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়া ৪৩০ জনলৈ বৃদ্ধি পাইছে । অঞ্চলটোত ইজৰাইলৰ আক্ৰমণৰ ফলত ৩৫০০ৰো অধিক লোক আহত হৈছে । ইজৰাইলত যোৱা সপ্তাহত সংঘাত তীব্ৰতৰ হোৱাৰ পিছত কমেও ২৪ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে ।
লগতে পঢ়ক : পুনৰ ইজৰাইলক ছালভো মিছাইলেৰে আক্ৰমণ ইৰাণৰ; বাজি উঠিছে চাইৰেন