ICC

ICC এ শুভমান গীলক কৰিব নেকি নিষিদ্ধ?নিয়ম উলংঘাক লৈ বিতৰ্ক

ICC এ শুভমান গীলক কৰিব নেকি নিষিদ্ধ? ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হেডিংলি টেষ্টত শতক অৰ্জন কৰা অধিনায়ক শুভমান গীলে পুনৰবাৰ এক বিশেষ কাৰণত শিৰোনাম দখল কৰিছে। এইবাৰৰ কাৰণ তেওঁৰ বেটিং প্ৰদৰ্শন নহয় তেওঁৰ ক’লা মোজা হে।আচলতে ইংলেণ্ডৰ বিৰুদ্ধে খেলখনৰ প্ৰথম দিনাই ক’লা মোজা পিন্ধি

ICC এ শুভমান গীলক কৰিব নেকি নিষিদ্ধ?

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হেডিংলি টেষ্টত শতক অৰ্জন কৰা অধিনায়ক শুভমান গীলে পুনৰবাৰ এক বিশেষ কাৰণত শিৰোনাম দখল কৰিছে।

এইবাৰৰ কাৰণ তেওঁৰ বেটিং প্ৰদৰ্শন নহয় তেওঁৰ ক’লা মোজা হে।আচলতে ইংলেণ্ডৰ বিৰুদ্ধে খেলখনৰ প্ৰথম দিনাই ক’লা মোজা পিন্ধি বেটিং কৰিবলৈ আহিছিল গীল, যিটো ICCৰ ড্ৰেছ কোডৰ নিয়মৰ বিৰুদ্ধে।

আইচিচিৰ নিয়ম উলংঘা

টেষ্ট ক্ৰিকেটত সাজ-পোছাক সন্দৰ্ভত আইচিচিৰ কঠোৰ নিৰ্দেশনা আছে।আই চি চিৰ নিয়ম অনুসৰি খেলৰ সময়ত খেলুৱৈয়ে কেৱল বগা, ক্ৰীম বা পাতল ধূসৰ ৰঙৰ মোজাহে পিন্ধিব লাগিব।

এমচিচিৰ ১৯.৪৫ নং নিয়মৰ অধীনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে এই সকলোবোৰ ৰঙৰ বাহিৰেও গাঢ় ৰঙৰ মোজা পিন্ধিব নোৱাৰিব।

এই নিয়ম ২০২৩ চনত কাৰ্যকৰী কৰা হৈছিল আৰু তেতিয়াৰ পৰা প্ৰায় সকলো খেলুৱৈয়ে ইয়াক মানি চলিছে।

কিন্তু হেডিংলি টেষ্টৰ প্ৰথম দিনাই কেমেৰাৰ চকুৰ পৰা সাৰি যাব নোৱাৰিলে শুভমান গীল।তেওঁক ক’লা মোজা পিন্ধি বেটিং কৰা দেখা গৈছিল, যাৰ বাবে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হৈছিল আৰু প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে যে এইটো নিয়ম উলংঘা নেকি?

ICC এ ল’ব নে ব্যৱস্থা?

এই বিষয়ত যি সিদ্ধান্ত লোৱা হ’ব, সেই সিদ্ধান্ত মেচ ৰেফাৰী ৰিচি ৰিচাৰ্ডছনে ল’ব লাগিব।ICC ৰ গাইডলাইন অনুসৰি, যিকোনো খেলুৱৈয়ে পোছাক নিয়মৰ এনে যিকোনো উলংঘাক লেভেল ১ অপৰাধ বুলি গণ্য কৰা হয়।

ইয়াত এজন খেলুৱৈক তেওঁৰ মেচ মাচুলৰ ১০%ৰ পৰা ৫০% পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে, আৰু লগতে সেই খেলুৱৈজনক ডেমেৰিট পইণ্ট দিব পাৰি।

কিন্তু যদি মেচৰ ৰেফাৰীয়ে অনুভৱ কৰে যে গীলে ইচ্ছাকৃতভাৱে ভুলটো কৰা নাছিল, তেন্তে কেৱল সতৰ্কবাণী দিয়েই এৰি দিব পাৰি।

সাধাৰণভাৱে ক’বলৈ গ’লে ক্ৰিকেটত সাজ-পোছাক উলংঘাৰ বাবে কঠোৰ শাস্তি বিৰল, কিন্তু এই উলংঘা টেষ্ট দলৰ অধিনায়কে নিজেই কৰিছে, সেয়েহে সকলোৰে দৃষ্টি সিদ্ধান্তটোৰ ওপৰত নিবদ্ধ।

লগতে পঢ়ক: আকৌ উজ্জ্বলিল নীৰজ চোপ্ৰা; পেৰিছ ডাইমণ্ড লীগৰ খিতাপ দখল