শুভমন গীলৰ নেতৃত্বত যুঁজত নামিব টীম ইণ্ডিয়া
এই বছৰৰ দ্বিতীয়খন টেষ্ট মেচ খেলিবলৈ সাজু হৈছে টিম ইণ্ডিয়া।আজিৰ পৰা (২০ জুন) লিডছৰ হেডিংলি ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল।
ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাত খেলখনৰ বাবে টছ অনুষ্ঠিত হ’ব আৰু বিয়লি ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন।
ইংলেণ্ডৰ মাটিত শেষবাৰৰ বাবে ২০০৭ চনত টীম ইণ্ডিয়াই ছিৰিজ জয় কৰিছিল।এতিয়া ১৮ বছৰৰ পিছত ঘৰুৱা দলটোৱে ছিৰিজৰ প্ৰথমখন মেচ জয় কৰিব পাৰিব নে নাই তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।
পৰিৱৰ্তিত ফৰ্মেট লৈ ইংলেণ্ডত উপস্থিত হৈছে টিম ইণ্ডিয়া আৰু ইয়াক টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ নতুন যুগত প্ৰৱেশ হিচাপে বিবেচিত হৈছে।
টেষ্ট ক্ৰিকেটৰ পৰা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে অৱসৰ লোৱাৰ পিছত এতিয়া প্ৰশিক্ষক গৌতম গম্ভীৰ লগতে নিৰ্বাচকসকলে এনে এটা দল বাছি লৈছে য’ত বহু নতুন খেলুৱৈ আছে।
দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাটো অতি ৰোমাঞ্চকৰ হ’ব কাৰণ সকলোৰে দৃষ্টি এনে দুটা দলৰ ওপৰত থাকিব, যাৰ সংঘৰ্ষৰ ইতিহাস অতি পুৰণি।
আয়োজক ইংলেণ্ড টেষ্ট দলৰ নেতৃত্ব দিব অভিজ্ঞ অলৰাউণ্ডাৰ বেন ষ্ট’কছে।আনহাতে টীম ইণ্ডিয়াৰ কামাণ্ড ২৫ বছৰীয়া নতুন অধিনায়ক শুভমান গীলৰ হাতত থাকিব।
আজিলৈকে ভাৰত আৰু ইংলেণ্ডৰ মাজত ১৩৬ খন টেষ্ট মেচ খেলিছে য’ত ইংলেণ্ড দলে ভাৰতক ৫১ বাৰ পৰাস্ত কৰিছে।
আনহাতে টিম ইণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে ৩৫খন টেষ্ট মেচত জয়লাভ কৰিছে, আৰু ৫০খন মেচ ড্ৰ’ আছিল।ভাৰতীয় দলটোৱে শেষবাৰৰ বাবে যেতিয়া এই খেলপথাৰত টেষ্ট মেচ খেলিছিল,দলটোৰ প্ৰদৰ্শন অতি হতাশজনক আছিল।
২০২১ চনৰ ২৫ আগষ্টৰ পৰা ২৮ আগষ্টলৈ খেলা সেই টেষ্ট মেচখনত ভাৰতীয় দলটোৱে এটা ইনিংছ আৰু ৭৬ ৰানৰ দ্বাৰা ক্ৰুচিং পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।
লগতে পঢ়ক: ‘বাহিৰৰ কথাৰ প্ৰতি গুৰুত্ব নিদিবা’; শচীন টেণ্ডুলকাৰে শুভমান গীলক দিলে গুৰুমন্ত্ৰ