শুভমান গীল

‘মই এই টেষ্ট মেচত…’; ইংলেণ্ডৰ বিৰুদ্ধে মেচৰ পূৰ্বে অধিনায়ক শুভমান গীলৰ ডাঙৰ মন্তব্য

অধিনায়ক শুভমান গীলৰ ডাঙৰ মন্তব্য ভাৰত আৰু ইংলেণ্ডৰ মাজত ২০ জুনৰ পৰা টেষ্ট শৃংখলা আৰম্ভ হ’ব, য’ত মুঠ পাঁচখন খেল অনুষ্ঠিত হ’ব। প্ৰথমখন খেল ইংলেণ্ডৰ ঐতিহাসিক হেডিংলি (লিডছ) খেলপথাৰত অনুষ্ঠিত হ’ব। ইয়াৰ লগে লগে আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ৰ নতুন চক্ৰ।ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচৰ

অধিনায়ক শুভমান গীলৰ ডাঙৰ মন্তব্য

ভাৰত আৰু ইংলেণ্ডৰ মাজত ২০ জুনৰ পৰা টেষ্ট শৃংখলা আৰম্ভ হ’ব, য’ত মুঠ পাঁচখন খেল অনুষ্ঠিত হ’ব। প্ৰথমখন খেল ইংলেণ্ডৰ ঐতিহাসিক হেডিংলি (লিডছ) খেলপথাৰত অনুষ্ঠিত হ’ব।

ইয়াৰ লগে লগে আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ৰ নতুন চক্ৰ।ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচৰ প্ৰাকক্ষণত অনুষ্ঠিত সংবাদমেলত অধিনায়ক শুভমান গীলে কয়, ‘মই এই টেষ্ট ছিৰিজৰ শ্ৰেষ্ঠ বেটছমেন হ’ব বিচাৰো, এইটোৱেই মোৰ মূল লক্ষ্য। আমি কি শৈলীৰ ক্ৰিকেট খেলিম, সেইটো চাবলৈ আগষ্ট মাহলৈকে অপেক্ষা কৰিব লাগিব।’

টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে শুভমান গীলে এটা ডাঙৰ বক্তব্য দি কয় যে ইংলেণ্ডত টেষ্ট শৃংখলাত জয়ী হোৱাটো আই পি এল জয়তকৈ ডাঙৰ কথা হ’ব।

টেষ্টৰ অধিনায়কৰ দায়িত্ব লোৱাৰ বিষয়ে সোধাত অধিনায়ক গীলে কয় যে যিকোনো খেলুৱৈৰ বাবে এইটো এক বৃহৎ সন্মানৰ বিষয়।

ভাৰতীয় টেষ্টৰ নতুন অধিনায়ক শুভমান গীলে প্ৰকাশ কৰে যে তেওঁ আই পি এলৰ সময়ত, এই শৃংখলাৰ পূৰ্বে ৰোহিত শৰ্মা আৰু বিৰাট কোহলী দুয়োৰে সৈতে কথা পাতিছিল আৰু তেওঁলোকে ইংলেণ্ডৰ অৱস্থাৰ অভিজ্ঞতা তেওঁৰ সৈতে ভাগ কৰিছিল।

যেতিয়া টিম ইণ্ডিয়াৰ নতুন টেষ্ট অধিনায়ক শুভমান গীলক লিডছ টেষ্ট মেচৰ বাবে টিম ইণ্ডিয়াৰ প্লেইং-১১ৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কয় যে আমি আকৌ এবাৰ খেলপথাৰখন চাম আৰু তাৰ পিছত সিদ্ধান্ত লম।

লগতে কোনজন খেলুৱৈক ৩ নম্বৰত সুযোগ দিয়া হ’ব সেয়াও অতি সোনকালে সিদ্ধান্ত লোৱা হ’ব। মই বেটিং ক্ৰমত ৪ নম্বৰত খেলিবলৈ ওলাইছো।

২০টা উইকেট নোলোৱাকৈ টেষ্ট মেচত জয়ী হ’ব নোৱাৰিব। গতিকে যদি আমি কোনো বিশেষজ্ঞ বলাৰৰ সৈতে যাব লাগে তেন্তে আমাৰ কোনো ইছ্যু নাই।

লগতে পঢ়ক: শৃংখলাৰ পূৰ্বে ভাৰতীয় দললৈ সকাহ; লিডছত পুনৰ দলত যোগ দিলে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে