হেৰা ফেৰী ৩ত ঘূৰি আহিব পৰেশ ৰাৱাল!

হেৰা ফেৰী ৩ত ঘূৰি আহিব পৰেশ ৰাৱাল! বিবাদৰ পিছতো আশাবাদী অক্ষয়

হেৰা ফেৰী ৩ত ঘূৰি আহিব পৰেশ ৰাৱাল! হেৰা ফেৰী ৩ৰ পৰা পৰেশ ৰাৱাল বাহিৰ হোৱাটো ছবিখনৰ অনুৰাগীৰ বাবে আটাইতকৈ দুখজনক খবৰ । এতিয়াও এই বাতৰিক সহজে বিশ্বাসত ল’ব পৰা নাই অনুৰাগীসকলে । ছবিখনৰ পৰা প্ৰবীণ অভিনেতাজনৰ প্ৰস্থানে সকলোকে আচৰিত কৰি তোলে । অনুৰাগীসকলে পৰেশ ৰাৱালৰ

হেৰা ফেৰী ৩ত ঘূৰি আহিব পৰেশ ৰাৱাল!

হেৰা ফেৰী ৩ৰ পৰা পৰেশ ৰাৱাল বাহিৰ হোৱাটো ছবিখনৰ অনুৰাগীৰ বাবে আটাইতকৈ দুখজনক খবৰ । এতিয়াও এই বাতৰিক সহজে বিশ্বাসত ল’ব পৰা নাই অনুৰাগীসকলে । ছবিখনৰ পৰা প্ৰবীণ অভিনেতাজনৰ প্ৰস্থানে সকলোকে আচৰিত কৰি তোলে । অনুৰাগীসকলে পৰেশ ৰাৱালৰ এই সিদ্ধান্ত মানি ল’বলৈ অস্বীকাৰ কৰি অহৰহ তেওঁ ঘূৰি অহাৰ আশা কৰি আছে ।

কেৱল অনুৰাগীয়েই নহয়, অক্ষয় কুমাৰে নিজেও এই আশা কৰে বুলি ক’লে ভুল নহ’ব । যদিও বিষয়টো আদালতত আছে, শেহতীয়াকৈ অভিনেতাগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । সকলো ঠিকেই হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

আশাবাদী অক্ষয়-

এক সাক্ষাৎকাৰত হেৰা ফেৰী ৩ক লৈ প্ৰথমবাৰৰ বাবে নিজৰ মৌনতা ভংগ কৰিছে অক্ষয়ে । ছবিখনৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে সোধাত তেওঁ কয় যে, “যিয়েই নহওক কিয়, সকলোৰে সন্মুখত হৈ আছে । আশাকৰোঁ সকলো ঠিকেই হ’ব ।” অক্ষয়ে আৰু আত্মবিশ্বাস প্ৰকাশ কৰি কয়, “সকলো ঠিকেই হ’ব, মই নিশ্চিত ।”

উল্লেখ্য যে, পৰেশ ৰাৱালে ছবিখন এৰি যোৱাৰ পিছত বিষয়টো আদালতত উপনীত হয় যেতিয়া অক্ষয় কুমাৰৰ কোম্পানী Cape Of Good Cinema য়ে তেওঁৰ বিৰুদ্ধে ২৫ কোটি টকাৰ গোচৰ ৰুজু কৰে । ইয়াৰ পিছত বহু কথাই ঘটিল । দুয়োৰে মাজত হোৱা বিবাদৰ বহু কথা পোহৰলৈ আহিল । একে সময়তে ব্যৱহাৰকাৰীসকলে টুইটাৰত পোষ্ট কৰি পৰেশক নায়ক আখ্যা দি ছবিখনলৈ ঘূৰি আহিবলৈ কয় । কিন্তু পৰেশে তেওঁলোকক নায়ক নহয় বুলি কৈ এই অনুৰোধ নাকচ নাকচ কৰে ।

অক্ষয় কুমাৰ আৰু পৰেশ ৰাৱালৰ মাজত চলি থকা এই বিবাদ আৰম্ভ হৈছিল যেতিয়া পৰেশ ৰাৱালে হেৰা ফেৰী ৩ৰ পৰা আতৰি অহাৰ কথা ঘোষণা কৰিছিল । এক সাক্ষাৎকাৰত পৰেশে কৈছিল যে তেওঁৰ বিখ্যাত চৰিত্ৰটো তেওঁৰ বাবে “ডিঙিত ফান্দ” হৈ পৰিছে আৰু এতিয়া তেওঁ নতুন কিবা এটা কৰিব বিচাৰে আৰু একে ধৰণৰ চৰিত্ৰৰ মাজত আবদ্ধ হৈ থাকিব নিবিচাৰে ।

ইয়াৰ পিছতে প্ৰকাশ পায় যে পৰেশে ছবিখনৰ প্ৰ’ম’ শ্বুটিং কৰিয়েই ছবিখন এৰাৰ সিদ্ধান্ত লৈছিল । কোৱা হৈছিল যে মাচুল আৰু সৃষ্টিশীল পাৰ্থক্যৰ বাবেই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছিল । কিন্তু আলোচনাৰ জৰিয়তে বিষয়টো সমাধান নোহোৱা দেখি অক্ষয় কুমাৰে তেওঁৰ বিৰুদ্ধে গোচৰ তৰে । ইয়াৰ উত্তৰত পৰেশে স্বাক্ষৰৰ ধনখিনি সুতৰ সৈতে ঘূৰাই দিয়ে, যাৰ ফলত বিবাদ আৰু গভীৰ হৈ পৰে ।

লগতে পঢ়ক : পঞ্চায়ত ছিজন ৪ৰ ট্ৰেইলাৰ মুকলি; জানক মুক্তিৰ নতুন তাৰিখ

শেহতীয়া প্ৰৱন্ধসমূহ