কোনে সমাধান কৰিলে ‘হেৰা ফেৰী ৩’ৰ বিতৰ্ক ? অক্ষয় কুমাৰক লৈ ডাঙৰ মন্তব্য কৰিলে প্ৰযোজকে

কোনে সমাধান কৰিলে ‘হেৰা ফেৰী ৩’ৰ বিতৰ্ক

বলীউডৰ অন্যতম প্ৰিয় কমেডী ছিৰিজ ‘হেৰা ফেৰী’ পুনৰ এবাৰ শিৰোনামত আছে । ‘হেৰা ফেৰী ৩’ৰ শ্বুটিং শীঘ্ৰে আৰম্ভ হ’ব বুলি নিশ্চিত হোৱাৰ লগে লগে অনুৰাগীসকল আনন্দিত হৈ পৰিছে । এই ছবিত পুনৰ এবাৰ অভিনেতা অক্ষয় কুমাৰ, পৰেশ ৰাৱাল আৰু সুনীল শেট্টীৰ শক্তিশালী সংমিশ্ৰণ দেখিবলৈ পাব অনুৰাগীয়ে । যদিও কিছুদিনৰ আগলৈকে ছবিখনৰ নিৰ্মাণক লৈ অনিশ্চয়তা আছিল, কিন্তু এতিয়া কথাবোৰ পুনৰ ধনাত্মকভাৱে আগবাঢ়িছে । কিন্তু ছবিখনৰ সন্দৰ্ভত চলি থকা বিতৰ্ক কোনে সমাধান কৰিলে, বিষয়টো কেনেকৈ সমাধান হ’ল ?

প্ৰযোজক ফিৰোজে দিলে ভাল খবৰ-

২০২৫ চনৰ মে’ মাহত পৰেশ ৰাৱাল হেৰা ফেৰী ৩ৰ পৰা বাহিৰ হোৱাৰ খবৰে অনুৰাগীক আচৰিত কৰি তুলিছিল । ইয়াৰ আঁৰত মাচুলৰ বিবাদ আৰু পাৰস্পৰিক বিবাদৰ জল্পনা-কল্পনা চলিছিল । কিন্তু এতিয়া ইয়াৰ অন্ত পৰিল । প্ৰযোজক ফিৰোজ নাদিয়াডৱালাই নিজেই এই বিষয়ত কথা পাতি গোটেই দলটো কেনেকৈ পুনৰ একত্ৰিত হ’ল সেই কথা ক’লে । পিংকভিলাৰ প্ৰতিবেদন অনুসৰি এই বিষয়টো সমাধানৰ ক্ষেত্ৰত সাজিদ নাদিয়াদৱালা আৰু আহমেদ খানে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

‘অক্ষয় কুমাৰে বিষয়টো সমাধান কৰিলে’

শেহতীয়াকৈ এক সাক্ষাৎকাৰত ফিৰোজে কয় যে এই বিবাদ নিষ্পত্তি কৰাত সাজিদ নাদিয়াদৱালা আৰু আহমেদ খানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । পৰেশ ৰাৱাল আৰু দলটোৰ মাজত হোৱা ভুল বুজাবুজি দূৰ কৰিবলৈ দুয়োজনে ব্যক্তিগতভাৱে সময় আৰু শক্তি প্ৰয়োগ কৰে । তেওঁ কয় যে সাজিদ আৰু আহমেদৰ প্ৰচেষ্টাতহে সেয়া সম্ভৱ হৈছে । কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল যে এই সমগ্ৰ প্ৰক্ৰিয়াত অক্ষয় কুমাৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

ফিৰোজে কয় যে পৰেশ ৰাৱালৰ সৈতে থকা পুৰণি সম্পৰ্ক মনত ৰাখি অক্ষয়ে পৰম শ্ৰদ্ধা আৰু মৰমেৰে সমস্যা সমাধান কৰিছিল । তেওঁ বিচাৰিছিল যে এই ছবিখনো প্ৰথম দুখন ছবিৰ দৰেই উৎসাহেৰে নিৰ্মাণ কৰা হওক । অৰ্থাৎ অক্ষয় কুমাৰে নিজাববীয়াকৈ বহু কষ্ট কৰি এই বিষয়টো সমাধান কৰিলে বুলি ক’লে ইয়াত একো ভুল নাথাকিব ।

প্ৰিয়দৰ্শনে পৰিচালনা কৰিব ছবিখন-

প্ৰযোজকগৰাকীয়ে কয় যে পৰেশ ৰাৱালে ইতিবাচক মনোভাৱ দেখুৱাই দলত যোগদান কৰাৰ সিদ্ধান্ত লয় । এতিয়া প্ৰিয়দৰ্শনে আকৌ এবাৰ পৰিচালকৰ দায়িত্ব ল’বলৈ ওলাইছে আৰু ‘বাবু ভাইয়া’ পুনৰ ঘূৰি আহিছে ।  সেয়েহে হেৰা ফেৰী ৩য়ে আন এক কমেডীৰ বিস্ফোৰণ কৰিবলৈ সাজু হৈছে । কেৱল অনুৰাগীয়েই নহয় অভিনেতাসকলেও ছবিখনক লৈ উৎসাহিত হৈ পৰিছে । দলটোৰ বিশ্বাস যে এতিয়া সকলো পুৰণি বন্ধু একেলগে থকাৰ বাবে ছবিখনে আকৌ এবাৰ সেই একেটা যাদুৰ সৃষ্টি কৰিব পাৰে যাৰ বাবে হেৰা ফেৰী পৰিচিত ।

লগতে পঢ়ক : দিলজিৎ দোছাঞ্জক ‘ভুৱা গায়ক’ৰ আখ্যা মিকা সিঙৰ; সামাজিক মাধ্যমত আক্ৰমণ

হেৰা ফেৰী ৩ত ঘূৰি আহিব পৰেশ ৰাৱাল! বিবাদৰ পিছতো আশাবাদী অক্ষয়

হেৰা ফেৰী ৩ত ঘূৰি আহিব পৰেশ ৰাৱাল!

হেৰা ফেৰী ৩ৰ পৰা পৰেশ ৰাৱাল বাহিৰ হোৱাটো ছবিখনৰ অনুৰাগীৰ বাবে আটাইতকৈ দুখজনক খবৰ । এতিয়াও এই বাতৰিক সহজে বিশ্বাসত ল’ব পৰা নাই অনুৰাগীসকলে । ছবিখনৰ পৰা প্ৰবীণ অভিনেতাজনৰ প্ৰস্থানে সকলোকে আচৰিত কৰি তোলে । অনুৰাগীসকলে পৰেশ ৰাৱালৰ এই সিদ্ধান্ত মানি ল’বলৈ অস্বীকাৰ কৰি অহৰহ তেওঁ ঘূৰি অহাৰ আশা কৰি আছে ।

কেৱল অনুৰাগীয়েই নহয়, অক্ষয় কুমাৰে নিজেও এই আশা কৰে বুলি ক’লে ভুল নহ’ব । যদিও বিষয়টো আদালতত আছে, শেহতীয়াকৈ অভিনেতাগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । সকলো ঠিকেই হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

আশাবাদী অক্ষয়-

এক সাক্ষাৎকাৰত হেৰা ফেৰী ৩ক লৈ প্ৰথমবাৰৰ বাবে নিজৰ মৌনতা ভংগ কৰিছে অক্ষয়ে । ছবিখনৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে সোধাত তেওঁ কয় যে, “যিয়েই নহওক কিয়, সকলোৰে সন্মুখত হৈ আছে । আশাকৰোঁ সকলো ঠিকেই হ’ব ।” অক্ষয়ে আৰু আত্মবিশ্বাস প্ৰকাশ কৰি কয়, “সকলো ঠিকেই হ’ব, মই নিশ্চিত ।”

উল্লেখ্য যে, পৰেশ ৰাৱালে ছবিখন এৰি যোৱাৰ পিছত বিষয়টো আদালতত উপনীত হয় যেতিয়া অক্ষয় কুমাৰৰ কোম্পানী Cape Of Good Cinema য়ে তেওঁৰ বিৰুদ্ধে ২৫ কোটি টকাৰ গোচৰ ৰুজু কৰে । ইয়াৰ পিছত বহু কথাই ঘটিল । দুয়োৰে মাজত হোৱা বিবাদৰ বহু কথা পোহৰলৈ আহিল । একে সময়তে ব্যৱহাৰকাৰীসকলে টুইটাৰত পোষ্ট কৰি পৰেশক নায়ক আখ্যা দি ছবিখনলৈ ঘূৰি আহিবলৈ কয় । কিন্তু পৰেশে তেওঁলোকক নায়ক নহয় বুলি কৈ এই অনুৰোধ নাকচ নাকচ কৰে ।

অক্ষয় কুমাৰ আৰু পৰেশ ৰাৱালৰ মাজত চলি থকা এই বিবাদ আৰম্ভ হৈছিল যেতিয়া পৰেশ ৰাৱালে হেৰা ফেৰী ৩ৰ পৰা আতৰি অহাৰ কথা ঘোষণা কৰিছিল । এক সাক্ষাৎকাৰত পৰেশে কৈছিল যে তেওঁৰ বিখ্যাত চৰিত্ৰটো তেওঁৰ বাবে “ডিঙিত ফান্দ” হৈ পৰিছে আৰু এতিয়া তেওঁ নতুন কিবা এটা কৰিব বিচাৰে আৰু একে ধৰণৰ চৰিত্ৰৰ মাজত আবদ্ধ হৈ থাকিব নিবিচাৰে ।

ইয়াৰ পিছতে প্ৰকাশ পায় যে পৰেশে ছবিখনৰ প্ৰ’ম’ শ্বুটিং কৰিয়েই ছবিখন এৰাৰ সিদ্ধান্ত লৈছিল । কোৱা হৈছিল যে মাচুল আৰু সৃষ্টিশীল পাৰ্থক্যৰ বাবেই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছিল । কিন্তু আলোচনাৰ জৰিয়তে বিষয়টো সমাধান নোহোৱা দেখি অক্ষয় কুমাৰে তেওঁৰ বিৰুদ্ধে গোচৰ তৰে । ইয়াৰ উত্তৰত পৰেশে স্বাক্ষৰৰ ধনখিনি সুতৰ সৈতে ঘূৰাই দিয়ে, যাৰ ফলত বিবাদ আৰু গভীৰ হৈ পৰে ।

লগতে পঢ়ক : পঞ্চায়ত ছিজন ৪ৰ ট্ৰেইলাৰ মুকলি; জানক মুক্তিৰ নতুন তাৰিখ