ৰেচমী

চুলিখিনি ৰেচমী আৰু মজবুত কৰিব বিচাৰিছে নেকি?  লগাওক এই ৪ টা প্ৰাকৃতিক বস্তু

চুলিখিনি ৰেচমী আৰু মজবুত কৰিব বিচাৰিছে নেকি? আপুনিও নিজৰ চুলিখিনিৰ স্বাস্থ্য উন্নত কৰি ৰেচমী আৰু মজবুত কৰিব বিচাৰে নেকি? যদি হয়, তেনেহলে ইয়াৰ বাবে আপুনিও ঘৰুৱা ঔষধিৰ এটা চেষ্টা কৰিব পাৰে। ঘৰতে প্ৰাকৃতিক হেয়া পেক বনাবলৈ মেথিৰ গুটি, দৈ, এলোভেৰা জেল আৰু আমলখিৰ প্ৰয়োজন হ’ব।

চুলিখিনি ৰেচমী আৰু মজবুত কৰিব বিচাৰিছে নেকি?

আপুনিও নিজৰ চুলিখিনিৰ স্বাস্থ্য উন্নত কৰি ৰেচমী আৰু মজবুত কৰিব বিচাৰে নেকি? যদি হয়, তেনেহলে ইয়াৰ বাবে আপুনিও ঘৰুৱা ঔষধিৰ এটা চেষ্টা কৰিব পাৰে।

ঘৰতে প্ৰাকৃতিক হেয়া পেক বনাবলৈ মেথিৰ গুটি, দৈ, এলোভেৰা জেল আৰু আমলখিৰ প্ৰয়োজন হ’ব।

কেনেকৈ বনাব হেয়াৰ পেক

প্ৰথমে মেথি গুটিখিনি পানীত তিয়াই দিব।এতিয়া পিছদিনা ৰাতিপুৱা তিয়াই থোৱা মেথি গুটিখিনি মিক্সিত দি পিহি লওক।মেথি গুটিৰ পেষ্ট আৰু দুচামুচ দৈ এটা বাটিত লওক।

এতিয়া একেটা বাটিতে দুচামুচ এলোভেৰা জেল আৰু অলপ আমলা তেল উলিয়াই লওক।এতিয়া এই সকলোবোৰ ৰাসায়নিক মুক্ত বস্তু ভালদৰে মিহলাই মসৃণ পেষ্ট প্ৰস্তুত কৰিব লাগিব।এই পেষ্টটো ৫ মিনিট ঢাকি ৰাখিব।

কেনেদৰে কৰিব ব্যৱহাৰ

এই হেয়াৰ পেকটো চুলিত ভালদৰে লগাব লাগিব।ভাল ফলাফল পাবলৈ এই হেয়াৰ পেকটো আধা ঘণ্টা লগাব আৰু তাৰ পিছত চুলি ধুব।এই হেয়াৰ পেকটো সপ্তাহত এবাৰ বা দুবাৰ লগাব পাৰে।

চুলিৰ বাবে উপকাৰী

ঔষধি গুণেৰে সমৃদ্ধ এই চুলিৰ পেকটোৱে আপোনাৰ চুলিৰ স্বাস্থ্যৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব পাৰে।এই হেয়াৰ পেকৰ সহায়ত আপুনি আপোনাৰ চুলিক ৰেচমী আৰু চিকচিকিয়া কৰাৰ লগতে শক্তিশালী কৰি তুলিব পাৰে।এই হেয়াৰ পেকটোৰ সহায়ত চুলিত থকা পুষ্টিৰ অভাৱো দূৰ কৰিব পাৰি। এই পেকে চুলি খিনি ৰেচমী কৰিব।

(এই লেখাত পৰামৰ্শ দিয়া টিপছসমূহ কেৱল সাধাৰণ তথ্যৰ বাবেহে।স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।)

লগতে পঢ়ক: পুনৰ অসুস্থ ছোনিয়া গান্ধী; গংগাৰাম হাস্পতালত ভৰ্তি

শেহতীয়া প্ৰৱন্ধসমূহ