পাঁচদিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

পাঁচদিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী; কানাডা, চাইপ্ৰাছৰ পিছত যাব ক্ৰ’ৱেচিয়ালৈ

পাঁচদিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী আজি পাঁচদিনীয়া বিদেশ ভ্ৰমণলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই বিদেশ ভ্ৰমণে চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়াক সামৰি ল’ব । অপাৰেচন সিন্দুৰ আৰু ভাৰত-পাকিস্তানৰ উত্তেজনাৰ পিছত কূটনৈতিক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত এয়া তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ

পাঁচদিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

আজি পাঁচদিনীয়া বিদেশ ভ্ৰমণলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই বিদেশ ভ্ৰমণে চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়াক সামৰি ল’ব । অপাৰেচন সিন্দুৰ আৰু ভাৰত-পাকিস্তানৰ উত্তেজনাৰ পিছত কূটনৈতিক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত এয়া তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ ।

প্ৰধানমন্ত্ৰী মোদীয়ে চাইপ্ৰাছৰ পৰা এই ভ্ৰমণ আৰম্ভ কৰিব । ১৫-১৬ জুনত তেওঁ তাতেই থাকিব । এই ভ্ৰমণ চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছৰ আমন্ত্ৰণত হৈছে । লক্ষণীয় যে দুটা দশকৰ ভিতৰত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম চাইপ্ৰাছ ভ্ৰমণ । এই ভ্ৰমণত দুয়োখন দেশৰ মাজত বাণিজ্য, বিনিয়োগ, নিৰাপত্তা আৰু কাৰিকৰী সহযোগিতা শক্তিশালী কৰাৰ ওপৰত আলোচনা হ’ব ।

জি-৭ শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ-

চাইপ্ৰাছৰ পিছত ১৬-১৭ জুনত কানাডাৰ কানানাস্কিছ চহৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, য’ত তেওঁ জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিব । কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণত এই ভ্ৰমণ কৰিছে মোদীয়ে ।

একেৰাহে ষষ্ঠবাৰৰ বাবে জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । এই সন্মিলনত শক্তি সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তা, প্ৰযুক্তি আৰু কোৱাণ্টাম উদ্ভাৱনৰ দৰে গুৰুত্বপূৰ্ণ বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব । লগতে কেইবাখনো দ্বিপাক্ষিক বৈঠক়ো অনুষ্ঠিত হ’ব ।

১৮ জুনত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব, যিটো ভাৰতৰ যিকোনো প্ৰধানমন্ত্ৰীৰ প্ৰথম আনুষ্ঠানিক ভ্ৰমণ হ’ব । তেওঁ ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকভিচ আৰু ৰাষ্ট্ৰপতি জোৰাণ মিলানোভিচক সাক্ষাৎ কৰিব । এই ঐতিহাসিক ভ্ৰমণৰ সময়ত দ্বিপাক্ষিক সহযোগিতাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ চুক্তি হোৱাৰ সম্ভাৱনা আছে ।

সন্ত্ৰাসবাদ আৰু বিশ্ব সহযোগিতাৰ ওপৰত দিয়া হ’ব গুৰুত্ব-

প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ কেৱল কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ দিশত নহয়, ইয়াক বিশ্ব সহযোগিতা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি শক্তিশালী কৰাৰ সুযোগ হিচাপেও বিবেচিত হৈছে । এই ভ্ৰমণ ভাৰতৰ বৈদেশিক নীতি আৰু বিশ্ব মঞ্চত দেশৰ উপস্থিতিক নতুন শক্তি প্ৰদানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ । ১৯ জুনত ভাৰতলৈ উভতিব প্ৰধানমন্ত্ৰী মোদী ।

লগতে পঢ়ক : ৫ দিন, ৩খন দেশ আৰু জি-৭ শীৰ্ষ সন্মিলন…; মেগা কূটনৈতিক যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ