আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা
দেশত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা । গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ প্ৰকাশ পাইছে । দুৰ্ঘটনাস্থলীৰ ক’লা ধোঁৱাই আকাশ আৱৰি ধৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল । জানিব পৰা মতে আহমেদাবাদ বিমানবন্দৰৰ পৰা বিমানখন উৰণৰ লগে লগে এই দুৰ্ঘটনা সংঘটিত হয় । বিমানখনত ক্ৰু মেম্বাৰসহ ২৪২জন লোক আছিল । তথ্য অনুসৰি আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে গৈ থকা এই বিমানখন আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে মেঘনীনগৰৰ সমীপত দুৰ্ঘটনাত পতিত হয় ।
বিমানবন্দৰৰ পৰা মেঘানীনগৰৰ দূৰত্ব প্ৰায় ১৫ কিলোমিটাৰ । দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ৭খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে । বিমান দুৰ্ঘটনাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দুৰ্ঘটনাস্থলীৰ পৰা ক’লা ধোঁৱা ওপৰলৈ উঠি অহা দেখা গৈছে । লগে লগে জৰুৰীকালীন সঁহাৰি দল মোতায়েন কৰা হৈছে । এই দুৰ্ঘটনাৰ কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা নাই ।
ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে বি এছ এফ আৰু এন ডি আৰ এফৰ দল । দুৰ্ঘটনাগ্ৰস্ত বিমানখন বয়িঙৰ ৭৮৭ ড্ৰিমলাইনাৰ বুলি জানিব পৰা গৈছে, যিখন ১১ বছৰ পুৰণি আছিল । দিনৰ প্ৰায় ১.৩০ বজাত আহমেদাবাদৰ মেঘনী নগৰ অঞ্চলৰ ওপৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । ঘন জনবসতিপূৰ্ণ অঞ্চলত সংঘটিত হোৱা এই দুৰ্ঘটনাত বিমানখনত থকা আটাইকেইজন যাত্ৰীৰে মৃত্যুৰ আশংকা কৰা হৈছে যদিও এতিয়ালৈকে কোনো নিশ্চিত খবৰ লাভ কৰা হোৱা নাই ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী আৰু ডিজিপিৰ সৈতে ঘটনা সন্দৰ্ভত বাৰ্তালাপ কৰিছে । তেওঁ বিমান দুৰ্ঘটনা সম্পৰ্কে প্ৰাথমিক তথ্য লয় । ইফালে বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল বুলি তথ্য প্ৰকাশ পাইছে ।
লগতে পঢ়ক : ‘যদি মোৰ ভগ্নী দোষী তেনেহ’লে ফাঁচী দিয়ক’; ৰাজাৰ মাতৃক সাৱটি ধৰি সোণমৰ ভাতৃৰ কান্দোন