মাজনিশা শ্বিলঙলৈ অনা হ’ল সোণম ৰঘুবংশীক
মেঘালয়ত অনা হ’ল ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী সোণম ৰঘুবংশীক । মেঘালয় আৰক্ষীয়ে মাজনিশা প্ৰায় ১.৩০ বজাত সোণম ৰঘুবংশীক শ্বিলং সদৰ থানালৈ লৈ যায় । লগতে সোণমৰ স্বাস্থ্য পৰীক্ষাও কৰা হয় । মেঘালয় আৰক্ষীৰ হাতত সোণমৰ তিনিদিনীয়া ট্ৰেনজিট ৰিমাণ্ড আছে । এতিয়া মেঘালয় আৰক্ষীয়ে বুধবাৰে শ্বিলং আদালতত আন অভিযুক্ত বিশাল চৌহান, আকাশ ৰাজপুত আৰু আনন্দ কুৰ্মীৰ সৈতে সোণম আৰু ৰাজ কুশৱাহাক হাজিৰ কৰিব । কোৱা হৈছে যে এতিয়া আৰক্ষীয়ে সোণমক অপৰাধস্থলীলৈ লৈ যাব য’ত সেই ঘটনাৰ চিন ৰিক্ৰিয়েট কৰা হ’ব ।
গাজীপুৰত গ্ৰেপ্তাৰ হোৱা সোণমক পৰৱৰ্তী সময়ত পাটনাৰ ফুলৱাৰী শ্বৰীফ থানালৈ লৈ যোৱা হয় । ইয়াৰ পিছত আৰক্ষীয়ে সোণমক কলকাতা, তাৰ পিছত গুৱাহাটীলৈ আনে । তাৰ পাছত নিশা প্ৰায় ১০.৪৫ বজাত সোণমক লৈ গুৱাহাটী বিমানবন্দৰত উপস্থিত হয় আৰক্ষী । ইয়াৰ পৰাই মেঘালয় আৰক্ষীয়ে তীব্ৰ নিৰাপত্তাৰ মাজতে শ্বিলঙলৈ লৈ যায় সোণমক । বিমানবন্দৰতো বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হয় । বিমানবন্দৰৰ পৰা ওলাই অহাৰ লগে লগে আৰক্ষীয়ে সোণমক এখন জীপত ভৰাই শ্বিলঙলৈ লৈ যায় । বিমানবন্দৰৰ পৰা শ্বিলঙলৈ দূৰত্ব প্ৰায় ১০০ কিলোমিটাৰ ।
উল্লেখ্য যে, ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ গোচৰত সোণমকে ধৰি পাঁচজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । পূব খাছি পাহাৰ জিলাৰ ছ’হৰাত হানিমুনৰ সময়ত হত্যা কৰা হৈছিল ৰাজাক । যোৱা ২৩ মে’ত নিৰুদ্দেশ হৈছিল ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী । ২ জুনত ৰাজাৰ মৃতদেহ এটা খাৱৈত উদ্ধাৰ হয় ।
ইফালে, যোৱা ৯ জুনত পুৱাৰ ভাগত উত্তৰ প্ৰদেশৰ গাজীপুৰত উপস্থিত হৈ সোণমে আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে । ইয়াৰ পূৰ্বে আৰক্ষী আৰু এছ আইয়ে দেশ কঁপোৱা অপৰাধৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰা আন লোকসকলকো গ্ৰেপ্তাৰ কৰিছিল । এই পৰ্যন্ত এই গোচৰত সোণমকে ধৰি ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।
লগতে পঢ়ক : ১৭ দিন পিছত সন্ধান ওলাল সোনম ৰঘুবংশীৰ; স্বামীক পৰিকল্পিতভাৱে কৰিছিল হত্যা