হোজাইত মন্দিৰৰ সমীপত উদ্ধাৰ গো মাংস
হোজাইৰ যোগীজান বৰপুখুৰী ৰোড’ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নিশা বৰপুখুৰী প্ৰাথমিক বিদ্যালয় আৰু অঞ্চলটোৰ কেইবাটাও বাসগৃহৰ সন্মুখত নিষিদ্ধ গো মাংস উদ্ধাৰক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
তাৰ পিছতেই স্থানীয় ৰাইজে অৱৰোধ কৰিলে ৰাজপথ। ইতিমধ্যে অঞ্চলটোত মোতায়েম কৰা হৈছে আৰক্ষী বাহিনীৰ লগতে এছ এছ বি বাহিনী।
উল্লেখ্য যে পবিত্ৰ ঈদৰ দিনাও উক্ত অঞ্চলৰ মন্দিৰ আৰু বাসগৃহৰ সমীপত নিষিদ্ধ গো মাংস উদ্ধাৰক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি।
জিলা প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ দুস্কৃতিকাৰীক অতি শীঘ্ৰে কাৰায়ত্ত কৰাৰ আশ্বাস দিয়াৰ পিছত পৰিস্থিতি হৈছিল শান্ত।
কিন্তু ১২ ঘণ্টা পাৰ নৌ হওঁতেই এনে ঘটনাৰ পুনৰাবৃত্তি হোৱাত পুনৰ উত্তপ্ত হয় পৰিস্থিতি।ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে।
লগতে পঢ়ক: স্বামীৰ হাতত হাত থৈ নৃত্যত মগন মহুৱা মৈত্ৰ; নৱ বিবাহিত দম্পতীৰ ভিডিঅ’ ভাইৰেল