হোজাইত উত্তপ্ত পৰিস্থিতি; মন্দিৰৰ সমীপত উদ্ধাৰ গো মাংস

হোজাইত মন্দিৰৰ সমীপত উদ্ধাৰ গো মাংস

হোজাইৰ যোগীজান বৰপুখুৰী ৰোড’ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নিশা বৰপুখুৰী প্ৰাথমিক বিদ্যালয় আৰু অঞ্চলটোৰ কেইবাটাও বাসগৃহৰ সন্মুখত নিষিদ্ধ গো মাংস উদ্ধাৰক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

তাৰ পিছতেই স্থানীয় ৰাইজে অৱৰোধ কৰিলে ৰাজপথ। ইতিমধ্যে অঞ্চলটোত মোতায়েম কৰা হৈছে আৰক্ষী বাহিনীৰ লগতে এছ এছ বি বাহিনী।

উল্লেখ্য যে পবিত্ৰ ঈদৰ দিনাও উক্ত অঞ্চলৰ মন্দিৰ আৰু বাসগৃহৰ সমীপত নিষিদ্ধ গো মাংস উদ্ধাৰক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি।

জিলা প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ দুস্কৃতিকাৰীক অতি শীঘ্ৰে কাৰায়ত্ত কৰাৰ আশ্বাস দিয়াৰ পিছত পৰিস্থিতি হৈছিল শান্ত।

কিন্তু ১২ ঘণ্টা পাৰ নৌ হওঁতেই এনে ঘটনাৰ পুনৰাবৃত্তি হোৱাত পুনৰ উত্তপ্ত হয় পৰিস্থিতি।ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে।

লগতে পঢ়ক: স্বামীৰ হাতত হাত থৈ নৃত্যত মগন মহুৱা মৈত্ৰ; নৱ বিবাহিত দম্পতীৰ ভিডিঅ’ ভাইৰেল

পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ গুলি ; গৰু চোৰক এনকাউণ্টাৰ

হোজাইৰ শংকৰদেৱ নগৰত এক গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে।আৰক্ষী আৰু গৰু চুৰৰ মাজত সংঘটিত হয় এই গুলিয়াগুলি।আৰক্ষীৰ গুলিত আঘাট প্ৰাপ্ত গৰু চুৰ আজাৰুল ইছলাম।

জানিব পৰা মতে উদালী আৰক্ষীয়ে এখন গাড়ীত গৰু উঠোৱা প্ৰত্যক্ষ কৰে।গৰু উঠাই গাড়ীখনে নগাঁও দিশে আহে।উদালী আৰক্ষীয়ে শংকৰদেৱ নগৰ আৰক্ষীক খৱৰ দিয়াত শংকৰদেৱ নগৰ আৰক্ষীয়ে আৰক্ষী চকীৰ সন্মূখত বেৰিকেট লগাই।

পিছত গৰু চোৰৰ বাহনখনে শংকৰদেৱ নগৰ আৰক্ষীৰ বেৰিকেট ভাঙি পলাৱলৈ কৰে চেষ্টা।পিছত শংকৰদেৱ নগৰৰ আৰক্ষী চকীৰ পৰা কিছু দূৰ আহি আৰক্ষীয়ে এখন বাহন ধৰোতেই গাড়ীৰ পৰা চাৰিজনে পলাৱলৈ কৰে চেষ্টা আৰু তাৰে আৰক্ষী বিষয়াক লক্ষ্য কৰি গুলি চালনা কৰে।

তেনেতে আৰক্ষীয়ে নিজৰ আত্মৰক্ষাৰ বাবে গৰু চুৰ আজাৰুলক গুলি চালনা কৰাত আঘাট প্ৰাপ্ত হয় গৰু চোৰটো ।আৰক্ষীয়ে ২ টা ৰাউণ্ড গলী নিক্ষেপ কৰিছিল।

আৰক্ষীয়ে ঘটনাস্হলীৰ পৰা ৭.৫  পিষ্টল উদ্ধাৰ কৰে।জব্দকৃত গাড়ী খনৰ নম্বৰ AS 01 GD 6020 । ঘটনাত এজন কনিষ্টৱল আহত হয়। পলায়ন কৰা গৰু চোৰ বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে।