ফ্ৰেন্স অ’পেনৰ নতুন চেম্পিয়ন কোকো গ’ফ
২০২৫ৰ ফ্ৰেন্স অ’পেনত মহিলাৰ চিংগলছ খিতাপ দখল কৰিছে বিশ্বৰ দ্বিতীয় স্থানত থকা টেনিছ খেলুৱৈ আমেৰিকাৰ কোকো গ’ফে । শনিবাৰে (৭ জুন) ৰ’লেণ্ড গাৰোছৰ ফিলিপ চেট্ৰিয়াৰ ক’ৰ্টত অনুষ্ঠিত হোৱা ফাইনেলত ২১ বছৰীয়া কোকো গ’ফে বেলাৰুছৰ আৰিনা ছাবালেংকাক ৬-৭ (৫), ৬-২, ৬-৪ ব্যৱধানত পৰাস্ত কৰে । কোকো গ’ফ প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অ’পেন চেম্পিয়ন হোৱাৰ বিপৰীতে বিশ্বৰ ১ নম্বৰ ছাবালেংকাৰ ফ্ৰেন্স অ’পেন জয়ৰ সপোন এইবাৰ বাস্তৱত পৰিণত নহ’ল । খিতাপৰ খেলখন ২ ঘন্টা ৩৮ মিনিট ধৰি চলিছিল ।
কোকো গ’ফৰ দ্বিতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ-
আৰিনা চাবালেংকা আৰু কোকো গ’ফৰ মাজত খেলা ফাইনেলৰ প্ৰথম ছেটটো আছিল অতি ৰোমাঞ্চকৰ । দুয়োজন খেলুৱৈয়ে চাৰিবাৰকৈ ইগৰাকীয়ে সিগৰাকীৰ চাৰ্ভিছ ভংগ কৰে । ফলত প্ৰথম ছেটটো টাইব্ৰেকাৰত সোমাই পৰে, য’ত ছাবালেংকাই জয়লাভ কৰে । তাৰ পাছত গ’ফে দ্বিতীয় ছেটত শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ছাবালেংকাক সহজেই পৰাস্ত কৰে । তৃতীয় ছেটৰ সময়লৈকে ছাবালেংকা ভাগৰি পৰিছিল আৰু তেওঁৰ গ’ফৰ ওচৰত আত্মসমৰ্পণ কৰে ।
উল্লেখ্য যে, ২০২২ চনত কোকো গ’ফে ফ্ৰেঞ্চ অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰিছিল, য’ত তেওঁ ইগা ছুৱেটেকৰ হাতত পৰাস্ত হৈছিল । এয়া গ’ফৰ কেৰিয়াৰৰ দ্বিতীয়টো গ্ৰেণ্ড শ্লেম চিংগলছ খিতাপ । ইয়াৰ পূৰ্বে ২০২৩ চনত ইউ এছ অ’পেনত জয়লাভ কৰিছিল তেওঁ । আনহাতে ২৭ বছৰীয়া আৰিনা ছাবালেংকাই প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰিছিল । ছাবালেংকাই দুবাৰ (২০২৩, ২০২৪) অষ্ট্ৰেলিয়ান অ’পেন আৰু এবাৰ (২০২৪) ইউ এছ অ’পেন জয় কৰিছে ।
ছেমি ফাইনেলত ফ্ৰান্সৰ ৱাইল্ড কাৰ্ডধাৰী লয় বয়ছনক ৬-১, ৬-২ ব্যৱধানত পৰাস্ত কৰি কোকো গ’ফে ফাইনেলত প্ৰৱেশ কৰে । একে সময়তে আৰিনা ছাবালেংকাই চাৰিবাৰৰ ফ্ৰেন্স অ’পেন বিজয়ী পোলেণ্ডৰ ইগা ছুয়াটেকক ৭-৬, ৪-৬, ৬-০ ব্যৱধানত পৰাস্ত কৰি খিতাপ মেচত প্ৰৱেশ কৰে ।
পুৰুষৰ চিংগলছ ফাইনেলত ছিনাৰ-আলকাৰাজৰ সংঘৰ্ষ-
আনহাতে, পুৰুষৰ একক ফাইনেলত দেওবাৰে (৮ জুন) স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ বিৰুদ্ধে খেলিব বিশ্বৰ শীৰ্ষ স্থানৰ জানিক ছিনাৰে । বিশ্বৰ দ্বিতীয় স্থানৰ কাৰ্লোছ আলকাৰাজে যোৱা বছৰ ফ্ৰেন্স অ’পেনত জয়লাভ কৰিছিল আৰু তেওঁ নিজৰ খিতাপ অক্ষুণ্ণ ৰাখিব বিচাৰিব । আনহাতে, ইটালীৰ জানিক ছিনাৰে প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অ’পেন জয়ৰ চেষ্টা কৰিব ।
লগতে পঢ়ক : সলনি হ’ল ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ নাম; এই দুজন কিংবদন্তিৰ নামেৰে ৰখা হ’ব ট্ৰফীৰ নাম